অসম

assam

ETV Bharat / state

বিয়লিৰ বলুকাত বহি বালিভাত ৰান্ধিব ককা-আইতাই, সাক্ষী হ'ল হোমাগ্নি - ELDERLY COUPLE GETS MARRIED

আপোনজনৰ মৰমে চুব নোৱাৰা দুটি হৃদয়ৰ মাজত গঢ়ি উঠা এটি নিভাঁজ সম্পৰ্কই পালে এক নতুন পৰিচয়। বিবাহপাশত আবদ্ধ ৭১ বছৰীয়া ককা আৰু ৬৫ বছৰীয়া আইতা।

Elderly couple gets married in old age home in Guwahati
বিবাহপাশত আবদ্ধ হ'ল ৭১ বছৰীয়া ককা আৰু ৬৫ বছৰীয়া আই (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 11:11 PM IST

গুৱাহাটী:"প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে মাথো জানো প্ৰেমৰ ঠিকনা । নৌকাই বিচাৰি লয় নিজৰ ঘাট, মানুহে বিচাৰি লয় সুখৰ বাট...।" ইয়াকেই যেন সঁচা কৰিলে এহাল ককা-আইতাই । জীৱনৰ বিয়লি বেলাত প্রেমৰ ৰঙেৰে জীপাল হোৱা ককা-আইতা আজি আবদ্ধ হ'ল বিবাহপাশত । উদুলি-মুদুলি হৈ পৰিল ৰভাতলী । জাক জাক আয়তীৰ উৰুলিত মুখৰিত মঠঘৰীয়াস্থিত মাতৃ নিৱাস ।

বেলতলাৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধ আৱাসৰ পৰা দৰা সাজি আহি পদ্মেশ্বৰ ককাই নিবলৈ আহিল বিয়লি বেলাৰ জীৱন সংগীক । বৰযাত্ৰীক লগত লৈ উপস্থিত হ'লহি গুৱাহাটীৰ ২ নং মঠঘৰীয়াস্থিত মাতৃ নিৱাসৰ পদূলিত । ২ নং মঠঘৰীয়াস্থিত মাতৃ নিৱাসত আজীৱন এক হোৱাৰ প্ৰতিশ্ৰুতিৰে হোমৰ গুৰিত বহিল ৭১ বছৰীয়া ককা পদ্মেশ্বৰ গোৱালা আৰু ৬৫ বছৰীয়া আইতা জয়াপ্ৰভা বৰা । সামাজিক ৰীতি-নীতিৰে হোমৰ জুইক সাক্ষী কৰি দুয়ো-দুয়োকে দিলে আজীৱন এক হৈ ৰোৱাৰ প্ৰতিশ্ৰুতি ।

কেনেদৰে চিনাকি হৈছিল ককা-আইতাৰ ? (ETV Bharat Assam)

কেনেদৰে চিনাকি হৈছিল ককা-আইতাৰ ?

বিগত বৰ্ষৰ জানুৱাৰী ৩০ তাৰিখে তেজপুৰৰ আইতা জয়াপ্ৰভা বৰা আহিছিল বেলাতলাৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসলৈ । ইফালে সেই বৰ্ষৰে মার্চ মাহত বোকাখাতৰ ৭১ বছৰীয়া ককা পদ্মেশ্বৰ গোৱালা আহিছিল সেই একেখন বৃদ্ধাশ্ৰমলৈ । বৃদ্ধাশ্ৰমখনৰ পৰিচালক উৎপল হৰ্ষবৰ্ধনে জনায়,"ককা-আইতাৰ এইয়া প্ৰথম বিবাহ । ককাই সৰুৰে পৰা বেলেগৰ ঘৰত কাম কৰিছিল । আনহাতে আইতা আছিল ভাতৃৰ লগত । ভাতৃৰ মৃত্যু পাছত ভতিজাৰ লগত আইতা আহে বৃদ্ধাশ্ৰমখনলৈ । বৃদ্ধাশ্ৰমলৈ আহি মনে বিচৰা সংগীজনক বিচাৰি পালে দুয়োগৰাকীয়ে ।"

বিবাহপাশত আবদ্ধ হ'ল ৭১ বছৰীয়া ককা আৰু ৬৫ বছৰীয়া আই (ETV Bharat Assam)

ইফালে ককা-আইতাই জনোৱা অনুসৰি ককায়ে ভাল গান গায় । আৱাসত অনুষ্ঠিত হোৱা বিভিন্ন অনুষ্ঠানত গীত গাইছিল ককাই । ককাৰ গীত শুনি প্ৰেমত পৰিছিল আইতা । বিশেষকৈ 'অচিনাকী ভণ্টিজনীৰ নাজানো ক’ত ঘৰ’ এই গীতজুৰিয়ে প্ৰেমত পেলাইছিল আইতাক । পৰৱৰ্তী সময়ত ককাৰ প্ৰেমত পৰি আইতাই দিছিল প্ৰেমৰ প্ৰস্তাৱ । আইতাৰো মাত-কথা, আচাৰ-ব্যৱহাৰ ভাল লাগিছিল ককাৰ ।

প্ৰেমে পালে পূৰ্ণতা:

পৰৱৰ্তী সময়ত ককা-আইতাৰ প্ৰেমক পূৰ্ণতা দিয়াৰ বাবে প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসৰ পৰিচালক উৎপল হৰ্ষবৰ্ধনে দুয়োগৰাকীকে বিয়া পাতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে । ইফালে বিয়া ঠিক হোৱাৰ পাছত কইনা আইতা জয়াপ্ৰভা বৰাক ২ নং মঠঘৰীয়াস্থিত মাতৃ নিৱাসলৈ স্থানান্তৰ কৰা হয় । শেষত সকলোৰে সিদ্ধান্তত শুকুৰবাৰে ২ নং মঠঘৰীয়াস্থিত মাতৃ নিৱাসত ৰাইজৰ উপস্থিতিত পূৰ্ণতা লাভ কৰিলে ককা-আইতাৰ এই প্ৰেমে ।

হোমৰ গুৰিত ককা-আইতা (ETV Bharat Assam)

ককা-আইতাৰ বিয়লি বেলাটো যাতে মধুৰ হয় তাৰে কামনাৰে ৰভাতলীত উপস্থিত হ'লহি বহুজন । গালে জোৰানাম, দিলে উৰুলি । শ্বাশ্বত প্ৰেমে পালে পূৰ্ণতা । দুটি চকুৰ মিলনৰ পৰা দুয়ো দুয়োৰে হোৱাৰ ক্ষণটি যেন হৈ পৰিল বাৰুকৈয়ে বিশেষ । আপোনজনে আঁতৰাই ৰখা এই দুই হৃদয়ে যেন বিচাৰি পালে নিজৰ সুখৰ বাট । আমিও কামনা কৰিলোঁ ককা-আইতাৰ যুগ্ম জীৱন সুখৰ হওক ।

লগতে পঢ়ক:জীৱনৰ বিয়লি বেলাৰ বলুকাত বহি গাত মাহ-হালধি ঘঁহিবলৈ সাজু এহাল ককা-আইতা - ELDERLY COUPLE GETS MARRIED

বিয়াঘৰত জিলিকিল অসমীয়া পৰম্পৰা, প্ৰদৰ্শিত হ'ল ঐতিহ্যপূৰ্ণ পুতলা নাচ - PUPPET DANCE IN NALBARI

ABOUT THE AUTHOR

...view details