অসম

assam

ETV Bharat / state

ইউনেস্ক'ৰ মুখ্য কাৰ্যালয়ৰ পৰা অসমবাসীলৈ অসমীয়াতে ভোগালী বিহুৰ শুভেচ্ছা - WORLD HERITAGE CITATION

ইউনেস্ক'ৰ পেৰিছস্থিত মুখ্য কাৰ্যালয়ত চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই ।

WORLD HERITAGE CITATION
চৰাইদেউৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পত্ৰ গ্ৰহণ মন্ত্ৰী বিমল বড়াৰ (X@BimalBora)

By ETV Bharat Assamese Team

Published : Jan 13, 2025, 9:12 PM IST

গুৱাহাটী : ভোগালী বিহুৰ উৰুকাৰ দিনা অসমে লাভ কৰিলে এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পত্ৰ । যোৱা বছৰ ইউনেস্ক'ৱে চৰাইদেউ মৈদামক প্ৰদান কৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পত্ৰ আনুষ্ঠানিকভাৱে সোমবাৰে প্ৰদান কৰা হয় । ইউনেস্ক'ৰ পেৰিছস্থিত মুখ্য কাৰ্যালয়ত এই স্বীকৃতি পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ।

এই অনুষ্ঠানত ইউনেস্ক'ৰ সহকাৰী সঞ্চালকপ্ৰধান আৰ্নেষ্টো ৰামিৰেজ-অট্টন, বিশ্ব ঐতিহ্য কেন্দ্ৰৰ সঞ্চালক শ্ৰীলাজাৰ ইলউণ্ড অছম' আৰু ইউনেস্ক’ত ভাৰতৰ স্থায়ী প্ৰতিনিধি বিশাল ভি শৰ্মাই অসমৰ জনসাধাৰণক ভোগালী বিহুৰ শুভেচ্ছা অসমীয়াতে জ্ঞাপন কৰে । ইয়াৰে এটা ভিডিঅ' নিজৰ X হেণ্ডেলত পোষ্ট কৰিছে মন্ত্ৰী বিমল বড়াই ।

পোষ্টটোত তেওঁ লিখিছে,"ইউনেস্ক'ৰ মুখ্য কাৰ্যালয়ত ইউনেস্ক'ৰ সন্মানীয় সহকাৰী সঞ্চালকপ্ৰধান আৰ্নেষ্টো ৰামিৰেজ-অট্টন ডাঙৰীয়া, বিশ্ব ঐতিহ্য কেন্দ্ৰৰ সঞ্চালক শ্ৰীলাজাৰ ইলউণ্ড অছম' ডাঙৰীয়া আৰু ইউনেস্ক’ত ভাৰতৰ স্থায়ী প্ৰতিনিধি শ্ৰী বিশাল ভি শৰ্মা ডাঙৰীয়াই অসমৰ জনসাধাৰণক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে । ভোগালী বিহু অসমবাসীৰ সাংস্কৃতিক ঐতিহ্য, ঐক্য আৰু সম্প্ৰীতিৰ প্ৰতীক । এই উৎসৱ অসমীয়া জনজীৱনৰ পৰম্পৰা আৰু আনন্দৰ প্ৰতিফলন । ইউনেস্ক’ৰ শীৰ্ষস্থানীয় ব্যক্তিসকলে এই শুভেচ্ছাৰ যোগেদি অসমীয়া সংস্কৃতি বিশ্বদৰবাৰত অধিক সমৃদ্ধ কৰি তুলিছে ।"

আনহাতে, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ আনুষ্ঠানিক স্বীকৃতি পত্ৰ গ্ৰহণ কৰি X হেণ্ডেলত মন্ত্ৰী বিমল বড়াই নিজৰ প্ৰতিক্ৰিয়া এনেদৰে ব্যক্ত কৰিছে, "চৰাইদেউ মৈদামৰ এই স্বীকৃতি অসমবাসীৰ বাবে এক নতুন অধ্যায়ৰ সূচনা । অসমীয়া জাতি, সংস্কৃতি আৰু পৰম্পৰাৰ বিশ্বব্যাপী স্বীকৃতিৰ এয়া এক গুৰুত্বপূৰ্ণ পত্ৰ । আহোম সাম্ৰাজ্যৰ ঐতিহ্যবাহী মৈদামসমূহ অসমীয়াৰ বুৰঞ্জী, সংস্কৃতি আৰু ঐতিহ্যৰ এক অমূল্য ধন । চৰাইদেউ মৈদামে এতিয়া অসমবাসীৰ গৌৰৱৰ সমুজ্জ্বল প্ৰমাণ হিচাপে বিশ্বৰ মানচিত্ৰত নিজৰ স্থান স্থাপন কৰিছে ।"

ইফালে স্বীকৃতি পত্ৰ গ্ৰহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰি মন্ত্ৰী বিমল বড়াই লিখিছে, "আজি ইউনেস্ক'ৰ মুখ্য কাৰ্যালয়ত ইউনেস্ক'ৰ সহকাৰী সঞ্চালকপ্ৰধান আৰ্নেষ্টো ৰামিৰেজ-অট্টন ডাঙৰীয়া আৰু শ্ৰীলাজাৰ ইলউণ্ড অছম' ডাঙৰীয়াৰ পৰা চৰাইদেউৰ বাবে বিশ্ব ঐতিহ্য সমিতিৰ বিশ্ব ঐতিহ্য তালিকাত (সাংস্কৃতিক) মান্যতাৰ স্বীকৃতি পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ । চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়াবলৈ যি অহোপুৰুষাৰ্থ কৰিলে তাৰ বাবে আমি দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ ।"

তেওঁ লগতে লিখিছে, "এই স্বীকৃতিৰ জৰিয়তে অসমৰ ঐতিহ্য-সংস্কৃতি বিশ্ববাসীৰ বাবে এক চমৎকাৰিক আকৰ্ষণৰ কেন্দ্ৰ হিচাপে পৰিণত হ'ব । বিশেষকৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ বিকাশত এই স্বীকৃতিয়ে যথেষ্ট দিশ-নিৰ্দেশ কৰিব ।

ইতিহাস, সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ চৰাইদেউ মৈদামত আগন্তুক সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক আহি অসমৰ এই ঐতিহ্যত অংশগ্ৰহণ কৰিব । এই গৌৰৱময় মুহূৰ্তই অসমবাসীৰ একতাক আৰু অধিক দৃঢ় কৰিব বুলি আশা কৰিছোঁ।

অসমবাসীৰ ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আমি সকলোৱে একত্ৰিতভাৱে সহযোগিতা আগবঢ়াব লাগিব । চৰাইদেউ মৈদামৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি অসমবাসীৰ বাবে এক চিৰস্থায়ী সম্পদ ।"

লগতে পঢ়ক :উৰুকাৰ নিশা হেৰালি ঘৰত গোৱা 'হেঁচানাম'ৰ মাধুৰ্য পান কৰো আহক... - BHOGALI BIHU 2025
লগতে পঢ়ক :বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ সীমা নিৰ্ধাৰণ বাবে তৎপৰতা আৰম্ভ জিলা প্ৰশাসনৰ - Demarcation of Charaideo Maidam - DEMARCATION OF CHARAIDEO MAIDAM

ABOUT THE AUTHOR

...view details