অসম

assam

ETV Bharat / state

ৰঙিয়া ৰে’ল ডিভিজনৰ প্ৰথমগৰাকী মহিলা ৰে’ল গেটমেনৰ কথাৰে আজিৰ অৱলোকন...

Rangia Successful Female : ৰঙিয়া ৰে’ল ডিভিজনৰ প্ৰথমগৰাকী মহিলা ৰে’ল গেটমেন কোন জানেনে ? পুৰুষৰ নামেৰে নামাকৰণ কৰা গেটমেনৰ পদত কেনেদৰে মহিলা ৰে’ল গেটমেনৰ চাকৰি লাভ কৰিলে ? নাৰী দিৱসৰ এক বিশেষ প্ৰতিবেদন...

আন্তৰ্জাতিক নাৰী দিৱস
আন্তৰ্জাতিক নাৰী দিৱস

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 9:50 AM IST

আন্তৰ্জাতিক নাৰী দিৱস

ৰঙিয়া, 8 মাৰ্চ : আজি আন্তৰ্জাতিক নাৰী দিৱস । সমাজৰ চুকে কোনে চৌদিশে মহিলা বিৰাজমান । প্ৰতিটো দিশতেই নাৰীয়ে আজি পুৰুষৰ সমানে আগুৱাই যোৱাই নহয় পুৰুষৰ সমানে প্ৰতিযোগিতাতো নামি পৰিছে । তেনে এগৰাকী নাৰী হৈছে ৰঙিয়াৰ গুৰকুছিৰ লাকীমণি ৰেহমান ।

ৰঙিয়া ৰে’ল সংমণ্ডলৰ গেটমেন হিচাপে বৰ্তমান কৰ্মৰত লাকীমণি ৰেহমান । নিজৰ ষোল্ল মহীয়া সন্তানৰ দায়িত্ব অকলশৰে পালন কৰি ৰে’ল বিভাগৰ অন্যতম গুৰু দায়িত্ব পালন কৰি আছে লাকীমণিয়ে । পুৰুষৰ নামেৰে নামাকৰণ কৰা গেটমেনৰ পদত লাকীৰ দৰে মহিলাই সফলতাৰে দায়িত্ব পালন কৰি নাৰীৰ দক্ষতাৰ পৰিচয় দি আহিছে ।

ৰঙিয়া ৰে’ল ডিভিজনৰ প্ৰথমগৰাকী মহিলা ৰে’ল গেটমেনৰ দায়িত্ব পালন কৰি অহা অৰ্পনা কবিৰাজৰ সৈতে প্ৰায় একেলগে চাকৰি লাভ কৰা লাকীমণিয়ে নিষ্ঠা আৰু দক্ষতাৰে এই দায়িত্ব পালন কৰা বাবে ৰে’ল বিভাগৰ ফালৰ পৰা কেইবাবাৰো প্ৰশংসিত হৈছে । সংসাৰৰ দায়িত্ব পালনৰ উপৰিও লাকীমণিয়ে ৰে’লৰ সুৰক্ষাৰ দিশৰ পৰা অতি দায়িত্বপূৰ্ণ এই কাম দক্ষতাৰে ছয় বছৰ ধৰি কৰি আহিছে ।

সন্তানৰ জন্মৰ অতিকৈ গুৰুত্বপূৰ্ণ সময়ত নিজৰ স্বামীৰ পৰা পৃথক হোৱা লাকীমণিয়ে প্ৰথমে হতাশাৰ সন্মুখীন হৈছিল । কিন্তু সন্তানৰ মুখলৈ চাই পুনৰ নিজকে শক্তিশালী ৰূপত থিয় কৰাই পৰিস্থিতিৰ ওচৰত হাৰ নামানি আজিও জীৱন যুজঁত অবিৰত সংগ্ৰাম অব্যাহত ৰাখিছে এইগৰাকী মহিলাই ।

তেওঁৰ কৰ্মজীৱনৰ বিষয়ে প্ৰশ্ন কৰাত ক’লে যে কণমানি সন্তানক লৈ যথেষ্ট কষ্টৰ সন্মুখীন হৈছে । কিন্তু পৰিয়ালবৰ্গ আৰু বিভাগৰ সহকৰ্মীৰ সহযোগত তেওঁ কষ্টৰ মাজেৰে হ’লেও কৰ্ম অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ৰে’ল গেট বন্ধৰ সময়ত গেটৰ কাষত ৰৈ যোৱা কিছুমান লোকে তেওঁৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰিলে মনটো যথেষ্ট ব্যথিত হয় বুলিও জানিবলৈ দিয়ে ৰে’ল বিভাগৰ কৰ্মচাৰীগৰাকীয়ে ।

যিয়েই নহওঁক সকলো বাধা বিঘিনি পাৰ কৰি নিজৰ ভৰিত থিয় হৈ আছে এইগৰাকী নাৰী । এনেদৰে ভাৰতীয় ৰে’লত এতিয়া পুৰুষৰ সমানে সমানে আগবাঢ়ি আহিছে নাৰী । লাকীমণি ৰেহমান দৰাচলতে এটা মাত্ৰ উদাহৰণহে । তেওঁৰ দৰে নাৰী পৃথিৱীৰ চুকেকোনে বিৰাজমান । পৃথিৱীৰ অৰ্ধ জনসংখ্যা এই 'নাৰী'ৰ অস্তিত্ব অবিহনে সমাজৰ কল্পনাও অসম্ভৱ । তেনে প্ৰতিগৰাকী নাৰীৰ নিৰৱ অৱদানৰ বাবেই পৃথিৱী আজিও বাসোপজোগী হৈ আছে ।

লগতে পঢ়ক :আন্তৰ্জাতিক নাৰী দিৱস 2024; 10 সফল ভাৰতীয় মহিলা খেলুৱৈৰ সংগ্ৰামৰ কাহিনী

ABOUT THE AUTHOR

...view details