লখিমপুৰ 14 মে’ :এগৰাকী মহিলাৰ মৃত্যুৰ ঘটনাক কেন্দ্র কৰি সোমবাৰে বিয়লি লখিমপুৰৰ বগীনদী অঞ্চলত একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে । এগৰাকী মহিলাৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত মহিলাসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
ঘটনাৰ বিৱৰণি অনুসৰি, যোৱা 7 মে'ত লখিমপুৰ জিলাৰ ভীমপৰা বালিজানৰ অৱন্তী দাস নামৰ মহিলাগৰাকীক অময়াজ্যোতি দাস নামৰ এগৰাকী মহিলাৰ ভেৰোণীয়া গুণ্ডাই নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাসকলে ৷ এই জঘন্য হত্যাৰ পিচতে বগীনদী থানাত মৃতকৰ পৰিয়ালে গোচৰ তৰিছিল ৷ কিন্তু আশ্বৰ্যজনকভাৱে আজি পৰ্যন্ত বগীনদী আৰক্ষীয়ে দোষীক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰা নাই ৷
তাৰ পিচতে সোমবাৰে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি জাগৃত নাৰী শক্তি অসমৰ সম্পাদিকাৰ নেতৃত্বত 15 নং ৰাজপথৰ কাষত শ শ মহিলাই এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰিছে ৷ বগীনদী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰবীণ ভেৰুৱাক তীব্র ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰী মহিলাসকলে ৷