গুৱাহাটী:মন কৰিলেই চন, বাকৰি মাটিতো ধন । এই আপ্তবাক্যশাৰী নিশ্চয় মনত আছে । পিচে কেৱল প্ৰবচনেই নহয়, এই বাক্যশাৰী বাস্তৱত প্ৰতিফলন ঘটাইছে এখন গাঁৱৰ কেইগৰাকীমান মহিলাই ।
কিবা এক নতুনত্বৰ সন্ধানত বাট বুলা এইসকল মহিলাই একাগ্ৰতা, অধ্যৱসায় আৰু নিৰৱচ্ছিন্ন সাধনাৰে কেৱল নিজৰ সপোন সাকাৰ কৰায়ে নহয়, নিজকে স্বাৱলম্বীও কৰি তুলিছে ।
চান্দডুবিৰ এখন গাঁৱৰ মহিলা ব্যস্ত হস্তশিল্প আৰু বাঁহৰ অলংকাৰ নিৰ্মাণত (ETV Bharat Assam) বাঁহ আৰু প্ৰাকৃতিকভাৱে উপলব্ধ গছৰ গুটিৰে আ-অলংকাৰ বনাই স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছেগুৱাহাটীমহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকাৰ এখন ভিতৰুৱা গাঁৱৰ মহিলাসকলে । গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৈত আছে এই বিশেষ গাঁওখন । কৃষিপ্ৰধান গাঁওখনৰ মহিলাসকলে বিগত দুবছৰ ধৰি বাঁহেৰে নিৰ্মিত অলংকাৰ বিক্ৰী কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল পোহপাল দিয়াত গৃহস্থক সহযোগ কৰি আহিছে ।
কেনেদৰে স্বাৱলম্বী হৈছে গাঁওখনৰ মহিলাসকল
গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী পৰ্যটন ক্ষেত্ৰ চানডুবিৰ দাঁতিকাষৰীয়া গাঁওখন হৈছে জুপাংবাৰী গাঁও । এই গাঁওখনত ৬৫ টা পৰিয়ালৰ প্ৰায় ৩০০ লোকে বাস কৰে । গাঁওখনৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি । এই গাঁওখনৰ প্ৰায় ১৫ গৰাকী মহিলাই বিগত দুবছৰ ধৰি বাঁহ আৰু গছৰ গুটিৰে অলংকাৰ নিৰ্মাণ কৰি স্বাৱলম্বী হৈছে ।
শেহতীয়াকৈ হস্তশিল্পৰ প্ৰশিক্ষণ লৈ বাঁহৰ বিভিন্ন সামগ্ৰী যেনে খৰাহী, কাপ, জাকৈ, খালৈকে ধৰি গৃহসজ্জাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰী প্ৰস্তুত কৰি আহিছে । নিৰ্মাণ কৰা এই সামগ্ৰীবোৰ গুৱাহাটীত অনুষ্ঠিত বিভিন্ন প্ৰদৰ্শনীত বিক্ৰী কৰি স্বাৱলম্বী হৈছে ।
বাঁহৰ অলংকাৰ বিক্ৰী কৰি হাজাৰ হাজৰ টকা উপাৰ্জন জুপাংবাৰী গাঁৱৰ মহিলাৰ
বিগত দুবছৰ ধৰি বাঁহৰ অলংকাৰ বনাই অহা জোনমণি ৰাভাই কয়, "দুবছৰ ধৰি বাঁহৰ আ-অলংকাৰ বনাই আছোঁ । এই সামগ্ৰীবোৰ গুৱাহাটীৰ বিভিন্ন প্ৰদৰ্শনীত বিক্ৰী কৰোঁ । শেহতীয়াকৈ বাঁহৰ বিভিন্ন হস্তশিল্প সামগ্ৰী যেনে বাস্কেট, ট্ৰে, চেৰেকি, ফুলদানি, কাপ আদি বনোৱাৰ প্ৰশিক্ষণ লৈছোঁ । এই প্ৰশিক্ষণ লৈ বহুত ভাল লাগিছে । আ-অলংকাৰ বনাই উপাৰ্জন হোৱা টকাৰে ল'ৰা-ছোৱালীৰ পঢ়াৰ খৰচৰ লগতে প্ৰয়োজনবোৰ পূৰণ কৰিব পাৰিছোঁ ।"
অলংকাৰ বনোৱা আন এগৰাকী মহিলা শৰ্মিকা ৰাভাই কয়, "আমি বনোৱা বাঁহৰ অলংকাৰবোৰ প্ৰদৰ্শনীৰ লগতে চানডুবি উৎসৱত বিক্ৰী কৰোঁ । প্ৰতিবিধ অলংকাৰৰ ছেট ৫০০-১০০০ টকা পৰ্যন্ত বিক্ৰী কৰোঁ । এই অলংকাৰ বিক্ৰী কৰি ল'ৰা-ছোৱালীৰ প্ৰয়োজনীয়তা পূৰণৰ লগতে পৰিয়ালক সহায় কৰিব পাৰিছোঁ ।"
গাঁওখনৰ মহিলাসকলক কোনে প্ৰশিক্ষণ দিছে
জুপাংবাৰী গাঁৱৰ ৩১ বছৰীয়া যুৱক পল্লৱ ৰাভাই মহিলাসকলক প্ৰশিক্ষণ দি স্বাৱলম্বী কৰিছে । আই আই ইত প্ৰশিক্ষণপ্ৰাপ্ত পল্লৱ ৰাভাই বিশেষকৈ ৰাভা জনগোষ্ঠীয় মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে বিভিন্ন সময়ত বাঁহৰ অলংকাৰ বনোৱা আৰু হস্তশিল্পৰ প্ৰশিক্ষণ দি আহিছে ।
পল্লৱ ৰাভাই ই টিভি ভাৰতৰ আগত কয়, "আমি যিহেতু বনাঞ্চলীয় অঞ্চলত বাস কৰোঁ, এই অঞ্চলত বাঁহৰ লগতে প্ৰাকৃতিকভাৱে বিভিন্ন গছৰ গুটি পোৱা যায় । শিলিখাৰ গুটি, নিমৰ গুটি, চন্দনৰ গুটি, মণি ছালৰ গুটিকে ধৰি বিভিন্ন ধৰণৰ গছৰ গুটি পোৱা যায় । এই গুটিবোৰ সংগ্ৰহ কৰি বাঁহৰ লগত মিলাই অলংকাৰ বনোৱা হয় ।"
তেওঁ লগতে কয়, "বাঁহৰ অলংকাৰৰ লগত গছৰ গুটিবোৰ মিলাই দিলে গ্ৰাহকে বেছি পছন্দ কৰে। এই অলংকাৰবোৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজস্থানৰ প্ৰদৰ্শনীত বিক্ৰী কৰা হয় । হস্তনিৰ্মিত এই অলংকাৰবোৰত সঁহাৰি ভাল পাওঁ । বিশেষকৈ কাণফুলিবোৰে গ্ৰাহকক আকৰ্ষিত কৰিছে ।"
মহিলাসকলক উলিয়াই আনিবলৈ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে
পল্লৱ ৰাভাই লগতে কয়, "মহিলাসকলক এই হস্তশিল্পৰ লগত জড়িত কৰিবলৈ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় । কিছুমান মহিলাই ঘৰৰ পৰা ওলাই আহি হস্তশিল্পৰ লগত জড়িত হ'বলৈ ইচ্ছা নকৰে । আন একাংশৰ ইচ্ছা থাকিলেও পৰিয়ালৰ লোকে ওলাই আহি কাম কৰিব নিদিয়ে । বহু কষ্ট হয় মহিলাসকলক ঘৰৰ পৰি উলিয়াই আনি হস্তশিল্পৰ লগত জড়িত কৰি স্বাৱলম্বী কৰাবলৈ ।"