গোলাঘাট,১৫ এপ্ৰিল :ৰঙালীৰ আনন্দত মতলীয়া ৰাজ্যবাসী । তাৰ মাজতে লোকসভা নিৰ্বাচনৰ প্ৰচাৰো অব্যাহত ৰাখিছে ৰাজনৈতিক দলবোৰে । ইয়াৰ মাজতে গোলাঘাট জিলাত ভয়ংকৰ ঘটনা । নিৰ্মমভাৱে হত্যা কৰি মাটিত পুতি থোৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে । অভিযুক্ত হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো । ঘটনাক লৈ তীব্ৰ উত্তেজনা জিলাখনৰ কঠালটেঙাত ।
উল্লেখ্য যে গোলাঘাট জিলাৰ চাৰিঙ্গীয়াৰ ৰূপজ্যোতি বৰা হাজৰিকা নামৰ এগৰাকী মহিলা নিৰুদ্দেশ হৈ আছিল । যোৱা এসপ্তাহে নিৰুদ্দেশ হৈ থকা মহিলাগৰাকীৰ পৰিয়ালে আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল । লগে লগে ঢেকীয়াল আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল ৷ তদন্তৰ মাজতে আৰক্ষীয়ে যুগল নায়ক নামৰ এজন লোকক আটক কৰি সোধা-পোছা কৰিছিল ।
আৰক্ষীৰ মাৰাথন জেৰাত লোকজনে ভয়ংকৰ কথা স্বীকাৰ কৰিছে । মহিলাগৰাকীক হত্যা কৰি নিজৰ বাৰীতে পুতি থোৱাৰ কথা স্বীকাৰ কৰিছে যুগল নায়ক নামৰ লোকজনে । লগে লগে আৰক্ষীয়ে দেওবাৰে অভিযুক্ত যুগল নায়কৰ স্বীকাৰোক্তিৰ ভিত্তিত পুতি থোৱা অৱস্থাত মহিলাগৰাকীৰ চাইকেল আৰু চছমা উদ্ধাৰ কৰে । ইফালে সোমবাৰে দণ্ডাধীশৰ উপস্থিতত আৰক্ষীয়ে গাঁতৰ পৰা মহিলাগৰাকীৰ মৃতদেহটো উলিয়াবলৈ সক্ষম হয় । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷