শিলচৰ, 5 মাৰ্চ :ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিচতেই শিলচৰত ২ দিন নৌহওঁতেই ভূ-মাফিয়াৰ কবলৰ পৰা নিজ ভূমি ঘূৰাই পালে এগৰাকী অসহায় মহিলাই ৷ ভূমি বেদখলকাৰীক উচ্ছেদ কৰি প্ৰকৃত মালিকক ভূমি ঘূৰাই দিলে কাছাৰৰ আৰক্ষী অধীক্ষকসহ জিলা প্ৰশাসনে ৷
উল্লেখ্য যে, যোৱা 1 মাৰ্চত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিলচৰত উপস্থিত হোৱাৰ পাচতে মুখ্যমন্ত্ৰীক কাষত পাই ভূ-মাফিয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ কান্দি কান্দি অভিযোগ দিছিল মৌচুমী দে’ নামৰ এগৰাকী মহিলাই । এই অভিযোগৰ ভিত্তিত কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাৰ ২ দিন নহওঁতেই তদন্তক্ৰমে ভূমি বেদখল কৰি ৰখা লোকসকলক উচ্ছেদ কৰি মহিলাগৰাকীক নিজ ভূমি ঘূৰাই দিলে আৰক্ষী অধীক্ষক নোমল মাহাত্তাই ।
এতিয়া নিজ ভূমি ঘূৰাই পাই মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় ভুক্তভোগী মহিলা মৌচুমী দে’য়ে । উল্লেখ্য যে, মহিলাগৰাকীৰ শিলচৰ সোনাই ৰোডৰ গোল্ডেন পাৰ্কৰ ৫ নং লেনত ২ কঠা ভূমি আছিল । কিন্তু যোৱা কেইবামাহ পূৰ্বে মহিলাগৰাকীৰ এই ভূমি নথি-পত্ৰ জালিয়াতিৰে বিক্ৰী কৰি দিয়ে নৌচাদুল ইছলাম আৰু বিবু পাল নামৰ স্থানীয় দুই ভূ-মাফিয়াই । তাৰ পিচতে যোৱা দুমাহ পূৰ্বে এই ভূমিত জোৰ জবৰদস্তি প্ৰৱেশ কৰি গৃহ নিৰ্মাণ কৰি বেদখলকাৰীয়ে বসবাস কৰিবলৈ আৰম্ভ কৰে ।