নগাঁও :অসম ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে যেন ক্ৰমাৎ ক্ষোভ বৃদ্ধি পাইছে দলটোৰে একাংশ জ্যেষ্ঠ নেতাৰ । নেতৃত্ব লৈছে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহায়ে । অসম বিজেপিৰ বিৰুদ্ধে অসন্তুষ্ট বিজেপিৰ একাংশ নেতাক শেহতীয়াকৈ ঐক্যবদ্ধ কৰি বিজেপিৰ বিৰুদ্ধে নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে ।
- ৰাজেন গোঁহাইৰ বিসম্বাদৰ আৰম্ভণি :
চন ২০১৭-১৮ । নগাঁৱত এইমছ স্থাপনৰ দাবীত বিভিন্ন দল-সংগঠনৰ লগতে নগাঁৱৰ সচেতন লোকে প্ৰতিবাদ আৰম্ভ কৰিছিল । সেই সময়ত নগাঁৱত এইমছ স্থাপনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল সেই সময়ৰ নগাঁও লোকসভা সমষ্টিৰ বিজেপি সাংসদ ৰাজেন গোঁহায়েও । কেন্দ্ৰৰ লগতে অসমতো চলি আছিল বিজেপি নেতৃত্বাধীন চৰকাৰ । কিন্তু নগাঁৱত এইমছ স্থাপনৰ দাবীত অটল থকা সাংসদ ৰাজেন গোঁহাইক পৰৱৰ্তী সময়ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰিত্ব প্ৰদান কৰিছিল ।
কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী হৈ থকা সময়তে এক বিতৰ্কতো সাঙোৰ খাই পৰিছিল ৰাজেন গোঁহাই । উক্ত বিতৰ্কৰ গইনা লৈয়েই ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্বৰ পৰা প্ৰথমবাৰৰ বাবে বঞ্চিত হৈছিল ৰাজেন গোঁহাই । সেয়াই আছিল ৰাজেন গোঁহাইৰ দলীয় বিসম্বাদৰ আৰম্ভণি ।
২০১৯ চনৰ লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ পৰা বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা ৰূপক শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত গোপনে বিৰোধিতা কৰাৰো অভিযোগ উত্থাপন হৈছিল ৰাজেন গোঁহাইৰ বিৰুদ্ধে । তাৰ পাছৰ পৰাই ক্ৰমাৎ দলৰ মজিয়াত গুৰুত্ব হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল ৰাজেন গোঁহাইৰ । পৰৱৰ্তী বিধানসভা নিৰ্বাচনতো ৰাজেন গোঁহায়ে পত্নী নাইবা পুত্ৰৰ বাবে দলীয় প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও পুনৰ এবাৰ বঞ্চিত হৈছিল জ্যেষ্ঠ নেতাগৰাকী ।