অসম

assam

ETV Bharat / state

পকা ধান খাবলৈ জাকে জাকে পথাৰত নামিছে বন্যহস্তী - MAN ELEPHANT CONFLICT

ডিব্ৰুগড়ত বনৰীয়া হাতীৰ ত্ৰাস ৷ হাতীৰ বৃহৎ জাকে ধ্বংস কৰিছে শ শ বিঘা পথাৰৰ পকা ধান ৷ বন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী কৃষকৰ ৷

Man elephant conflict
বনৰীয়া হাতী জাকৰ ত্ৰাস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 14, 2024, 10:58 AM IST

ডিব্ৰুগড় :শাওণৰ বোকাময় পথাৰবোৰ এতিয়া সোণালী হৈ উঠিছে । পকা ধাননী পথাৰত ব্যস্ততা বৃদ্ধি পাইছে কৃষক ৰাইজৰ । তেনে সময়তে ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ এলেকাত ত্ৰাস চলাইছে বনৰীয়া হাতীয়ে । ডিব্ৰুগড়ৰ গৰুধৰীয়াত বনৰীয়া হাতীয়ে পকা ধান খাই ক্ষতি কৰিছে বহু কৃষকৰ । প্ৰতি বছৰে ডিব্ৰুগড়ৰ গৰুধৰীয়া বৃহত্তৰ অঞ্চলটোত বনৰীয়া হাতীয়ে ত্ৰাস চলাই অহাৰ দৰে বিগত এটা সপ্তাহে হাতীৰ বৃহৎ জাকে ধ্বংস কৰিলে শ শ বিঘা পথাৰৰ পকা ধান ।

উল্লেখ্য যে, ডিব্ৰুগড় জিলা বনসংণ্ডলৰ অধীনৰ মেদেলা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা প্ৰায় ৫০ জনীয়া বৃহৎ সংখ্যক বনৰীয়া হাতীৰ জাকটোৱে ইতিমধ্যে গৰুধৰীয়া পাত্ৰ গাঁও, মেটেকানী, বাৰঘৰীয়া আৰু চেঁচা নগাঁৱৰ খেতি পথাৰত বিস্তৃত পকা ধান অনিষ্ট সাধন কৰিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ।

বনৰীয়া হাতী জাকৰ ত্ৰাস (ETV Bharat Assam)

গৰুধৰীয়াৰ এই বৃহৎ অঞ্চলটোত খেতি পথাৰত বনৰীয়া হাতীৰ জাকটোৱে নিশা বনাঞ্চলৰ পৰা ওলাই আহি পকা ধান খাই অনিষ্ট সাধন কৰিছে । অসহায় কৃষকসকলে উজাগৰে থাকি হাতীৰ জাক খেদিবলৈ চেষ্টা কৰিছে যদি সফল হ'ব পৰা নাই ।

ত্ৰাস চলাইছে বনৰীয়া হাতীয়ে (ETV Bharat Assam)
লগতে পঢ়ক :হাতীৰ শুঁৰত থকা বলিৰেখাবোৰৰ কাম জানিলে আপুনিও হ’ব আচৰিত

অঞ্চলটোৰ ৰাইজে বন বিভাগক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছে যদিও বন বিভাগে কোনো ধৰণৰ ব্যৱস্থাৰ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ৰাইজে ।

ত্ৰাস চলাইছে বনৰীয়া হাতীয়ে (ETV Bharat Assam)

বন বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ :

ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ বৃহত্তৰ গৰুধৰীয়া অঞ্চলটো কৃষি প্ৰধান অঞ্চল । কৃষিকে জীৱিকা হিচাপে লৈ জীৱন নিৰ্বাহ কৰিছে অঞ্চলটোৰ ৰাইজে । এই অঞ্চলটোত ৰাইজে প্ৰতিবছৰে ভয়ংকৰ বান পৰিস্থিতিৰ মুখামুখি হ'ব লগা হয় । ইয়াৰ পাছতো অতি কষ্ট কৰি ধান খেতি কৰে । তেনেস্থলত সোণালী হৈ পৰা ধাননি পৰাত প্ৰতিদিনে জাকে জাকে বনৰীয়া হাতীয়ে ত্ৰাস চলোৱাত ক্ষোভিত হৈছে অঞ্চলটোৰ ৰাইজ ।

হাতীৰ ত্ৰাস (ETV Bharat Assam)

স্থানীয় ৰাইজে বন বিভাগক এই বিষয়ে অৱগত কৰা পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । ৰাইজে অতি কষ্টৰে কৰা ধাননী পথাৰ ৰক্ষা কৰিবলৈ বন বিভাগক আগবাঢ়ি নহাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ অঞ্চলটোৰ কৃষক ৰাইজৰ ।

লগতে পঢ়ক :অৱশেষত মাতৃৰ কাষ পালেগৈ কণমানি হাতীটো

লগতে পঢ়ক :মাজুলীক বিদায় দি কাজিৰঙালৈ 'দেহা'ৰ যাত্ৰা

ABOUT THE AUTHOR

...view details