গুৱাহাটী, ১৭ এপ্ৰিল: অন্ত পৰিল ঐতিহাসিক লতাশিল খেলপথাৰত অনুষ্ঠিত হোৱা গুৱাহাটী বিহু সন্মিলনীৰ । সমান্তৰালকৈ ঘোষণা হ'ল ৭৩ সংখ্যক ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী ২০২৪ ৷ কেইবাগৰাকীও প্ৰতিদ্বন্দ্বীৰ মাজৰ পৰা এই বৰ্ষৰ লতাশিলৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞীৰ খিতাপ আঁজুৰি আনিলে ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই । বছৰজোৰা সাধনাৰ পাছত ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা বিহু সম্ৰাজ্ঞীৰ খিতাপ অর্জনৰ সপোন লৈ ৭ গৰাকী বিহুৱতীয়ে অংশ লৈছিল এই কঠোৰ প্ৰতিযোগিতাত ।
৭২সংখ্যক লতাশিল বিহুৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী প্ৰতীক্ষাৰাণী বৰগোঁহাইয়ে ধেমাজিৰ শিৰোশ্ৰী শইকীয়াৰ শিৰত পিন্ধায় চলন্ত মুকুট ৷ লগতে শিৰোশ্ৰীক প্ৰদান কৰা হয় এটি স্থায়ী মুকুট । ইয়াৰোপৰি, বিহু সম্ৰাজ্ঞী দণ্ড, নগদ ১ লাখ টকা , ১০ গ্ৰাম সোণৰ মুদ্ৰা, স্থায়ী ট্ৰফী, প্ৰমাণ পত্ৰ, টিভি, ফ্ৰীজ, ৱাচিং মেছিন, নেমকেয়াৰৰ পৰা সংস্থাপনৰ প্ৰস্তাৱ আৰু বহু উপহাৰৰে উপচাই পেলোৱা হয় বিহু সম্ৰাজ্ঞীগৰাকীক ।
ইফালে এইবাৰৰ বিহু ৰাণীৰ খিতাপ অর্জন কৰে ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁইয়ে । বিহুকুঁৱৰীৰ খিতাপ অর্জন কৰে ডিব্ৰুগড়ৰ ঋতুপৰ্ণা দাসে । বিহু ৰাণীৰ খিতাপ দখল কৰা পাহাৰী বুঢ়াগোহাঁক চলন্ত ৰূপৰ মুকুটৰ লগতে প্ৰদান কৰা হয় নগদ ৫১হাজাৰ টকা, এটা ট্ৰফী, ৫ গ্ৰাম সোণৰ মুদ্ৰা, মানপত্ৰ আৰু উপহাৰৰ টোপোলা । লগতে শ্ৰেষ্ঠ বিহু কুঁৱৰীৰ ঋতুপৰ্ণা দাসক প্ৰদান কৰা হয় নগদ ৩১হাজাৰ টকা, এটা ট্ৰফী, ৫ গ্ৰাম সোণৰ মুদ্ৰা, মানপত্ৰ আৰু উপহাৰৰ টোপোলা । বহু হাজাৰ দৰ্শকৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হ'ল প্ৰতিযোগিতাখন ।