গুৱাহাটী, ৭ জুলাই :অসমত ‘বানসদৃশ’ পৰিস্থিতিৰ সৃষ্টি হৈছে । ৰাজ্যৰ ২৯ খন জিলাৰ ২৪ লাখ লোকে হাহাকাৰ কৰাৰ সময়তে অসমত বানপানী হোৱা নাই, বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই কথা কোনো সাধাৰণ লোকে কোৱা নাই । ৰাজ্যৰ লাখ লাখ লোকে বানত ককবকাই থকাৰ সময়তে অসমত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি কৈছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ।
নিৰ্বাচনৰ সময়ত অসমৰ ভয়াৱহ বান-খহনীয়াৰ সমস্যাক এজেণ্ডা হিচাপে লোৱা বিজেপিৰ শীৰ্ষ নেতাগৰাকীৰ মতে অসমত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এনেদৰে এক্সত কৰা এটা পোষ্টক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ অসমৰ ভয়াৱহ বান পৰিস্থিতিক এনেদৰে গুৰুত্বহীন কৰি কৰা মন্তব্যক লৈ সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
উল্লেখ্য যে ৰাজ্যৰ বৰ্তমান ৰাজ্যৰ ২৯ খন জিলাৰ ২৪ লাখ লোকে ভয়াৱহ বানৰ কৱলত পৰি দিকবিদিক হেৰুৱাইছে । সাগৰসদৃশ পৰিৱেশৰ মাজত কলগছৰ ভূৰত জীৱন ৰক্ষাৰ যুঁজত নামিছে । সেইসময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এবাৰলৈও অসম ভ্ৰমণৰ বাবে আহৰি পোৱা নাই । অসমৰ ৰাইজৰ দুখৰ সমভাগী হোৱাৰ হোৱাৰ বিপৰীতে প্ৰলয়ৰ সৃষ্টি কৰা বানক ‘বানসদৃশ’ পৰিস্থিতি বুলি মন্তব্য কৰিছে । যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো অস্বাভাৱিক নহয় ।
দেখাত সাধাৰণ এশাৰী বাক্য যদিও বাক্যশাৰীয়ে ব্যক্ত কৰিলে বহু কথা । স্পষ্ট কৰিলে অসমৰ বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতা । নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত চার্টাড ফ্লাইট লৈ ঘনে ঘনে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনত কথা পাতি দুৰ্যোগৰ সমভাগী বুলি কোৱাতেই যেন সকলো শেষ ।