মেষ ৰাশি :সপ্তাহটো শুভ ৷ বৈবাহিক জীৱনত কিছু চাপ থাকিব ৷ এই সপ্তাহত ধন সাৱধানেৰে ব্যয় কৰিব ৷ কৰ্মৰত লোকসকলে নিজৰ পদ পৰিৱৰ্তন হোৱাটো বিচাৰিছে, তেন্তে কোনো পৰিৱৰ্তন নকৰিব । শিক্ষাৰ্থীসকলে যদিহে ভালদৰে পঢ়া-শুনা নকৰে, তেন্তে ফলাফল নাপাব । স্বাস্থ্যৰ যতন লওক ৷ চৰ্দি, কাহ বা আন কোনো ৰোগত ভুগিব পাৰে ।
বৃষ ৰাশি : ৰোমাণ্টিক সম্পৰ্কৰ বাবে অনুকূল । ঘৰুৱা পৰিস্থিতি কিছু প্ৰতিকূল হ’ব ৷ আৰ্থিকভাৱে সমৃদ্ধিশালী হ’ব । পূৰ্বৰ বিনিয়োগ পৰা লাভ প্ৰাপ্ত ৷ ভাল সময় । অৱশ্যে এই সপ্তাহত ব্যৱসায়ীসকল কিছু সতৰ্ক হ’ব লাগিব । ব্যৱসায়ৰ ক্ষেত্ৰত উত্থান-পতন আহিব পাৰে । পেটৰ তলৰ অংশত বিষ হ’ব পাৰে ৷
মিথুন ৰাশি : সপ্তাহটো অনুকূল । কৰ্মব্যস্ততাৰ বাবে দাম্পত্য জীৱনত সংগীয়ে আপোনাক সময় দিব নোৱাৰিব পাৰে ৷ আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে ৷ চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে এয়া এক উৎকৃষ্ট সময় । পুৰণি ৰোগে পুনৰ দেখা দিব পাৰে ৷
কর্কট ৰাশি : এই সপ্তাহটো অনুকূল । পুৰণি বন্ধুক লগ পাব পাৰে ৷ বিবাহিত লোকসকলে নিজৰ জীৱনত নতুন দিশ লাভ কৰিব ৷ আৰ্থিক লাভ ৷ ৰাজনীতিৰ ক্ষেত্ৰত জড়িত থকা লোকসকলে কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে । কোনো প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ লৈ আছে, তেন্তে তাত সফল হ’ব ।
সিংহ ৰাশি :সপ্তাহটো ভাল হ’ব । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ মাজত ভুল বুজাবুজি হ’ব পাৰে ৷ নিজৰ বৈবাহিক জীৱন অধিক আনন্দদায়ক কৰিবলৈ নিজৰ ক্ৰোধ নিয়ন্ত্ৰণ কৰক ৷ এই সপ্তাহত মাটি-বাৰী ক্ৰয় কৰাত নিজৰ ধন ব্যয় কৰিব পাৰে । কৰ্মৰত লোকসকলে চাকৰি সলনি কৰা উচিত নহয় ৷ স্বাস্থ্যৰ কথা ক’বলৈ গ’লে ডিঙিৰ বিষ হোৱাৰ আশংকা আছে ।
কন্যা ৰাশি :এই সপ্তাহটোৱে কন্যা ৰাশিৰ লোকসকলৰ বাবে ভিন্ন ধৰণৰ ফলাফল কঢ়িয়াই আনিব । ভালপোৱা ব্যক্তিজনৰ সৈতে কোনো কাৰণত ভুল বুজাবুজিৰ ফলত বিবাদৰ সৃষ্টি হ’ব পাৰে । আৰ্থিক স্থিতিৰ ক্ষেত্ৰত, এই সপ্তাহত আয় বৃদ্ধি হোৱা দেখা যাব । অৱশ্যে ব্যয়ো প্ৰচুৰ হ’ব পাৰে। এই সপ্তাহত এগৰাকী অভিজ্ঞ ব্যক্তিক লগ পাব পাৰে ৷ মহিলাসকলে ঋতুজনীত ৰোগে অসুবিধা দিব পাৰে । শাৰীৰিক সুস্থতা বজাই ৰাখিবলৈ নিতৌ যোগাসন কৰক ।