মৰাণ:সোণালী সূতা উৎপাদনকাৰী অসমৰ মুগা একচেতীয়া সম্পদ। মুগাৰ চাহিদা বৰ্তমান বিশ্বৰ প্ৰান্তে প্ৰান্তে বৃদ্ধি পাইছে । শেহতীয়াকৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ বস্ত্ৰশিল্পৰ উদ্যোগ স্থাপন কৰিবলৈ বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে । উদ্যমী মহিলা সকলক বস্ত্ৰ শিল্পত জড়িত কৰি আত্মনিৰ্ভৰশীল কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে । ইয়াৰ ফলস্বৰূপে ৰাজ্যত আৰম্ভ হৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগ ।
ইয়াৰ মাজতেই দেওবাৰে মৰাণত উপস্থিত হৈ বস্ত্ৰশিল্প বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মৰাণত নতুনকৈ আৰম্ভ হোৱা প্ৰভা টেক্সটাইল নামৰ বস্ত্ৰশিল্প উদ্যোগ পৰিদৰ্শন কৰে । বস্ত্ৰশিল্পৰ উদ্যোগত কেনেকৈ স্থানীয় শিল্পী সকলক সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে তাৰো বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য় যে মৰাণৰ জ্যোতিপুৰৰ শৈলেন্দ্ৰ ৰাজখোৱা নামৰ যুৱকজনে স্থানীয় শিপিনী সকলক লৈ আৰম্ভ কৰিছে এই বস্ত্ৰশিল্প উদ্যোগটো । এই উদ্যোগত উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে আৰম্ভ কৰিছে । উজনি অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱ উদ্যোগীগৰাকীৰ বস্ত্ৰ উদ্যোগ পৰিদৰ্শন কৰি উদ্যোগটোৰ লগত জড়িত সকলক উৎসাহিত কৰে ।
পাট সূতাত কিমান ৰাজ সাহাৰ্য প্ৰদান কৰিব চৰকাৰে ?