ETV Bharat Assam

অসম

assam

ETV Bharat / state

অভিযন্তাৰ চুবুৰীত এতিয়া ব্যস্ততা; নতুন ঘৰটো আটোমটোকাৰীকৈ সজাৰ বাবে চলিছে অঘোষিত প্ৰতিযোগিতা - Weaver Bird - WEAVER BIRD

Weaver Birds in Golaghat: গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ অন্তৰ্গত অগৰাতলী অঞ্চলত টোকোৰা চৰাইৰ বাহে এতিয়া সকলোৰে সৃষ্টি আকৰ্ষণ কৰিছে । টোকোৰা চৰাইৰ কলৰৱত মুখৰিত অগৰাতলীৰ চৌপাশ । ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা টোকোৰা চৰাই চাবলৈ ক্ষন্তেকৰ বাবে ৰয় বাটৰুৱা ।

Weaver Birds enhancing the natural beauty of Bokakhat
দুস্প্ৰাপ্য টোকোৰাৰ কলকলনিত মুখৰিত বোকাখাতৰ অগৰাতলী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 8:07 PM IST

দুস্প্ৰাপ্য টোকোৰাৰ কলকলনিত মুখৰিত বোকাখাতৰ অগৰাতলী (ETV Bharat Assam)

গোলাঘাট, ১৪ মে':গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ অগৰাতলীৰ এটা চুবুৰীত চলে বিশেষ পৰম্পৰা । চুবুৰীৰে কইনা, চুবুৰীৰে দৰা । কইনাৰ সংখ্যা বেছি, দৰাৰ সংখ্যা কম । এজন দৰাই পত্নীৰ মৰ্যদা দিব লাগে বহু গৰাকীক । কইনা সৰহ যদিও কিন্তু দৰা যোগ্য, দক্ষ, অভিযন্তা আৰু সুকণ্ঠী হ'ব লাগিব । কইনাক সংগী কৰি লোৱাৰ আগতে দৰাই সাজিব লাগিব দৰা-কইনা পৃথকে থাকিব পৰা আটোমটোকাৰী ঘৰ ।

ঘৰ সাজি থকা দৰাক পৰ্যবেক্ষণ কৰি থাকিব বহুগৰাকী কইনাৰ কেইবাযুৰি চকুৱে । ঘৰ সজা শেষ হ'লে আগ্ৰহী কইনা সোমাই চাব ঘৰত । যদিহে মনঃপুত নহয়, দৰাই কষ্টৰে সজা সেই ঘৰ, তেনে দৰাক প্ৰত্যাখ্যান কৰি আঁতৰি যাব কইনা ।

আচলতে এইটো চৰাইৰ চুবুৰী । টোকোৰাই চৰাইৰ চুবুৰী । অগৰাতলী অঞ্চলটোৰ মানুহৰ বাৰীৰ তামোল-নাৰিকল গছত মসৃন দীঘল পাতৰ আঁহেৰে সজা টোকোৰা চৰাইৰ বাহবোৰ ওলমি থকা দেখা যায় । ফাগুনৰ পাছতে বাহ সাজে টোকোৰা চৰায়ে ।

কিন্তু ক্ৰমশঃ নোহোৱা হৈছে টোকোৰা চৰাই । মানুহৰ আশ্ৰয়ত থাকি প্ৰকৃতিৰ বায়ু পানী সেৱন কৰি নিৰ্দিষ্ট গছৰ নিৰাপদ উচ্চতাত বাহ সাজি জীৱন-যৌৱন পাৰকৰা টোকোৰা এতিয়া নোহোৱা হ'ল । টোকোৰা চৰাইৰ মতা মাইকীৰ চিন ওলাই প্ৰজননৰ সময়ত । টিট টিটকৈ মাতি,অবিৰতভাৱে বাহ সাজি ব্যস্ত হৈ থকা, খাবলৈ-জিৰাবলৈ সময় নথকাটোৱেই মতা টোকোৰা । বেচেৰাই অত' বোৰ মাইকী টোকোৰাৰ কেৱল এজনীক সংগ সুখ দিবলৈ সজা বাহটোৰ বাবে আঁহ গোটাবলৈ প্ৰায় ৫০০ বাৰ অহা যোৱা কৰিব লাগে ।

মানুহৰ মগজুতকৈও অধিক অভিযান্ত্ৰিক কৌশল প্ৰয়োগ কৰি নিৰ্মাণ কৰে এই বাহ । মূল গছৰ পূৱ ফালে সাজে বাহ । ফাগুনৰ পাছতে হোৱা মৌচুমী বতাহত বাহটো নষ্ট নহ'বলৈকে সাজে এনেদৰে । মতা টোকোৰাৰ কষ্টৰ সীমা নাই । এগৰাকীক সংগ সুখ দিয়াৰ পাছতে আন এজনীৰ বাবে সাজিব লাগে বাহ । মানুহে সৃষ্টি কৰা কৃত্ৰিম পৃথিৱীক বেয়া পোৱা টোকোৰা চৰাই এতিয়া নোহোৱা হ'ল । ক'ৰবাত দুই এটাহে দেখি । সময়ে সকীয়াইছে,টোকোৰা চৰাই সংৰক্ষণৰ বাবে ল'ব লাগে বিশেষ ব্যৱস্থা ।

এনে সময়তে গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ অন্তৰ্গত অগৰাতলী অঞ্চলত টোকোৰা চৰাইৰ বাহে এতিয়া সকলোৰে সৃষ্টি আকৰ্ষণ কৰিছে । টোকোৰা চৰাইৰ কলকলনিত মুখৰিত হৈ পৰিছে অগৰাতলীৰ চৌপাশ । ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা টোকোৰা চৰাই চাবলৈ ক্ষন্তেকৰ বাবে ৰৈছে বাটৰুৱা ।

লগতে পঢ়ক:সত্র নগৰী মাজুলীত প্ৰকৃতিয়ে লৈছে অনন্য ৰূপ

বকোৰ এঘৰত আগচোতাল ভৰিছে শ শ টোকোৰা চৰায়ে

ABOUT THE AUTHOR

...view details