অসম

assam

ETV Bharat / state

এড়ী পলু পালনেৰে স্বাৱলম্বিতাৰ বাট বুলিছে শিপিনী অঞ্জলি গগৈয়ে - Self reliant weaver in Golaghat - SELF RELIANT WEAVER IN GOLAGHAT

Self-reliant weaver in Golaghat: গোলাঘাট জিলাত এড়ী পলু পালনেৰে মহিলাসকলক স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কাজিৰঙাৰ এগৰাকী কাজী শিপিনী অঞ্জলি গগৈয়ে । এড়ী খোলাৰ পৰা লেটা আৰু লেটাৰ পৰা নিজ হাতেৰে সূতা কাটি তাঁতশালত এড়ী কাপোৰ তৈয়াৰ কৰি কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকক যোগান ধৰি আহিছে কাজিৰঙা লুখুৰাখনীয়াৰ শিপিনিগৰাকীয়ে ।

Weaver Anjali Gogoi has become self-reliant by rearing silkworms in Golaghat
এড়ী পলু পালনেৰে স্বাৱলম্বিতাৰ বাট বুলিছে শিপিনি অঞ্জলি গগৈয়ে

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 1:20 PM IST

এড়ী পলু পালনেৰে স্বাৱলম্বিতাৰ বাট বুলিছে শিপিনি অঞ্জলি গগৈয়ে

গোলাঘাট,৩০ মাৰ্চ:যি সময়ত কৰ্ম সংস্থাপন বিচাৰি একাংশ নিবনুৱা যুৱক-যুৱতী বহিঃৰাজ্যত ধাপলি মেলিছে, ঠিক তেনে সময়তে এইখন অসমত এড়ী পলু পালনৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজন মহিলাক কৰ্ম-সংস্থাপন দিবলৈ সক্ষম হৈছে অঞ্জলি গগৈৰ নামৰ এগৰাকী মহিলা ।

অসম তথা অসমীয়াৰ স্বাভিমান এড়ী কাপোৰ । এড়ী খোলাৰ পৰা লেটা আৰু লেটাৰ পৰা নিজ হাতেৰে সূতা কাটি তাঁতশালত এড়ী কাপোৰ তৈয়াৰ কৰি কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকক যোগান ধৰি আহিছে কাজিৰঙা লুখুৰাখনীয়াৰ অঞ্জলি গগৈ নামৰ এগৰাকী গৃহিণীয়ে । কাজিৰঙাৰ এইগৰাকী কাঁজীয়ে হেৰাই যাব ধৰা এড়ী পলু পালনেৰে মহিলাসকলক স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ।

লগতে নতুন প্ৰজন্মক এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে । অঞ্জলি গগৈয়ে এড়ী সূতা কাটিবলৈ আধুনিক যন্ত্ৰ বিচাৰি বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিও লাভ নকৰিলে যদিও থমকি ৰোৱা নাই । নিজ হাতেৰে সূতা কাটি এড়ী কাপোৰ বোৱাৰ ওপৰিও গামোচা, চাদৰ-মেখেলা আদি তাঁতশালত বৈ বিক্ৰী কৰি আহিছে ।

যোৱা ২০ বছৰে এই কৰ্মৰ লগত জড়িত অঞ্জলি গগৈয়ে এড়ী পলু পালন কৰি বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে । অতি পৰিতাপৰ বিষয় এই যে উন্নয়ন ঢাক-ঢোল বজোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ পৰা বৰ্তমানলৈকে লাভ কৰা নাই কোনোধৰণৰ সা-সুবিধা ।

ইয়াৰ উপৰিও বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰো দৃষ্টি নপৰিল এই গৰাকী মহিলাৰ ওপৰত । যাৰ পৰিপ্ৰেক্ষিতত মাজে মাজে থমকি ৰ'বলগীয়া এইগৰাকী মহিলা ।

লগতে পঢ়ক :তাঁতশালক জীৱিকাৰ সমল হিচাপে লৈ স্বাৱলম্বিতাৰ বাট দেখুৱাইছে বিৰাজ গগৈয়ে - Handloom Industry In Assam

ABOUT THE AUTHOR

...view details