অসম

assam

ETV Bharat / state

তিনি দিনলৈ পানী নাপাব গুৱাহাটী মহানগৰবাসীয়ে - WATER SUPPLY IN GUWAHATI

গুৱাহাটী মহানগৰীৰ ২৮ টা অঞ্চলত ১৭ নৱেম্বৰ পৰ্যন্ত পানী নাপাব ৷ চাওক কোন কোন অঞ্চলত হ’ব পানীৰ নাটনি

No water supply in 28 areas of Guwahati city till 17th November 2024
মহানগৰীৰ ২৮ টা অঞ্চলত ১৭ নৱেম্বৰ পৰ্যন্ত পানী নাপাব (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 12:23 PM IST

গুৱাহাটী :গুৱাহাটী জলব’ৰ্ডে জাৰি কৰা এখন বিশেষ জাননী ৷ এই জাননীখনে চিন্তিত কৰি তুলিছে একাংশ মহানগৰবাসীক ৷ কাৰণ আজিৰে পৰা আগন্তুক তিনিদিনলৈ তীব্ৰ পানীৰ সংকটত ভুগিব গুৱাহাটী মহানগৰবাসীয়ে । তথ্য মতে, আজিৰে পৰা তিনিদিনলৈ বন্ধ থাকিব জলব’ৰ্ডৰ পানী যোগান ।

জলব’ৰ্ডে জাৰি কৰা এই ৰাজহুৱা জাননীয়ে মহানগৰখনৰ এক বৃহৎ অঞ্চলৰ বাসিন্দাসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । উক্ত জাননী মতে, মহানগৰখনৰ এক বৃহৎ অঞ্চলৰ বাসিন্দাই আজিৰ পৰা অহা ১৭ নৱেম্বৰ পৰ্যন্ত লাভ নকৰিব জলব'ৰ্ডৰ পানী ।

মহানগৰীৰ ২৮ টা অঞ্চলত ১৭ নৱেম্বৰ পৰ্যন্ত পানী নাপাব (ETV Bharat Assam)

ফলত এই অঞ্চলটোৰ বাসিন্দাসকলে আগন্তুক দিনকেইটাত ক’ৰ পৰা কেনেকৈ পানী সংগ্ৰহ কৰিব, তাক লৈ চিন্তিত হৈ পৰিছে ।

মহানগৰীৰ ২৮ টা অঞ্চলত ১৭ নৱেম্বৰ পৰ্যন্ত পানী নাপাব (ETV Bharat Assam)

জলব’ৰ্ডে বৃহস্পতিবাৰে জাৰি কৰা ৰাজহুৱা জাননীখনত উল্লেখ কৰা মতে, পাইপত থকা সুৰুঙাবোৰৰ স্থায়ী মেৰামতিৰ কাম কৰি আছে ৷ লগতে চলিত মাহৰ শেষলৈ পানী যোগান ধৰিব লগা স্থানসমূহত পাইপৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ বাবেই মহানগৰীৰ একাংশ স্থানত পানী যোগান ব্যাহত থাকিব বুলি জাননীখনত উল্লেখ কৰা হৈছে ।

মহানগৰীৰ ২৮ টা অঞ্চলত ১৭ নৱেম্বৰ পৰ্যন্ত পানী নাপাব (ETV Bharat Assam)
লগতে পঢ়ক :দিল্লী জল বোৰ্ডৰ আজৱ কাণ্ড; ৮ মাহত আহিল ১০ লাখ টকাৰ পানীৰ বিল !

মহানগৰীৰ কোন কেইটা অঞ্চলত আজিৰ পৰা নাপাব পানী :

জলব’ৰ্ডৰ জাননী অনুসৰি, আজিৰ পৰা মহানগৰখনৰ অমিয় নগৰ, লিচুবাগান আৰু ৰামচা হিলৰ ৰিজাৰ্ভাৰৰ অন্তৰ্গত এলেকাৰ লোকে পানী নাপাব ৷ বিশেষকৈ পানীৰ যোগান ব্যাহত থকা অঞ্চলকেইটা ক্ৰমে -

  • অমিয় নগৰ
  • চানমাৰি
  • ৰাজগড়
  • লাচিত নগৰ
  • উলুবাৰী
  • ৰূপনগৰ
  • বৰা ছাৰ্ভিচ
  • গ্ৰেটাৰ জু-ৰোড
  • অনিল নগৰ
  • নবীন নগৰ
  • তৰুণ নগৰ
  • শ্ৰীনগৰ
  • ভাস্কৰ নগৰ
  • এম টি ৰোড
  • গীতানগৰ
  • অম্বিকাগিৰি নগৰ
  • সুন্দৰপুৰ
  • মাণিকনগৰ
  • হেঙেৰাবাৰী
  • স্বৰাজনগৰ
  • ড৹ জাকিৰ হুছেইন ৰোড
  • ডাউন টাউন
  • বৰ মটৰীয়া
  • ৰামচা হিল
  • লতাশিল
  • শিলপুখুৰী
  • পাণবজাৰ
  • খাৰঘুলি

এই ২৮ টা অঞ্চলৰ বৃহৎ এলেকাৰ বাসিন্দাসকলে ১৭ নৱেম্বৰ পৰ্যন্ত পানী লাভ নকৰিব বুলি উক্ত জাননীখনত জলব’ৰ্ডে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :প্লাষ্টিক প্ৰদূষণ; তীব্ৰ সংকটৰ দিশে মানৱ সমাজ

ABOUT THE AUTHOR

...view details