অসম

assam

ETV Bharat / state

মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ - water pipe burst - WATER PIPE BURST

Water Pipe Bursts in Hengerabari : মহানগৰীৰ ইটোৰ পিচত সিটো স্থানত ফুটিছে পানীৰ পাইপ । এইবাৰ পানীৰ পাইপ ফুটিছে মহানগৰীৰ হেঙেৰাবাৰীত ৷

Water Pipe Bursts in Hengerabari
মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 1:58 PM IST

গুৱাহাটী, ১৬ জুন : গুৱাহাটী মহানগৰীত এটুপি খোৱা পানীৰ বাবে জনতাই হাহাকাৰ কৰাৰ সময়তে মহানগৰীৰ ইটোৰ পিচত সিটো স্থানত ফুটিছে পানীৰ পাইপ । এইবাৰ পানীৰ পাইপ ফুটিছে মহানগৰীৰ হেঙেৰাবাৰীত । দেওবাৰে পুৱাই পানীৰ পাইপ ফুটি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হ’ল হেঙেৰাবাৰীত। লগে লগে পানীৰে উপচি পৰে ঘাইপথটো ।

মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ (ETV BHARAT ASSAM)

হেঙেৰাবাৰীৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতে এইবাৰ জলবৰ্ডৰ পাইপ ফুটে । জানিব পৰা অনুসৰি, নিশাৰ পৰাই সেই স্থানত পানীৰ পাইপৰ কাম কৰি আছিল । তাৰ পিচতে পুৱা ৭ মান বজাতে সেই স্থানত প্ৰচণ্ড এটা শব্দ হৈ জলবিস্ফোৰণ হয় । পুৱাৰ ভাগত জলবিস্ফোৰণ হোৱাৰ বাবে কোনো লোক হতাহত হোৱা নাই । জল বিস্ফোৰণত পথৰ ব্লক শিল ২০-৩০ ফুট দূৰলৈ চিটিকি যায় । পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপত পানীৰ প্ৰবাহ বন্ধ কৰা হয় ।

লগতে পঢ়ক:আকৌ মহানগৰীত জলব’ৰ্ডৰ পানীৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতি

উল্লেখ্য যে মহানগৰীত পানীৰ পাইপ ফুটাৰ ঘটনা এয়াই প্ৰথম নহয় । চৰকাৰে যধে-মধে অপৰিকল্পিতভাৱে কৰা কামৰ ফল এতিয়া ভুগিবলগীয়া হৈছে গুৱাহাটীবাসীয়ে । চলিত বৰ্ষতে জাইকাৰ পানীৰ পাইপ ফুটি খাৰঘুলি আৰু ৰাজগড়ত সৃষ্টি হৈছিল জলপ্ৰলয়ৰ ৷ আনকি এই ঘটনাত খাৰঘুলিত এগৰাকী নিৰীহ মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী সম্পত্তি বিধ্বস্ত হৈ পৰিছিল । তাৰ পিচতে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলক থকা সৰকা কৰিছিল সাধাৰণ জনতাই ৷

এক কথাত ক'বলৈ গ'লে গুৱাহাটীৰ উন্নয়ন এতিয়া ফুটি থকা পানীৰ পাইপত জলজল পটপট হৈ পৰিছে । পানীৰ পাইপৰ কাষেৰে যাবলৈ এতিয়া মানুহৰ ভয় হৈছে ।

লগতে পঢ়ক:মোদীৰ সভালৈ পানী যোৱা জল জীৱন আঁচনিৰ পাইপ ফুটিল

ABOUT THE AUTHOR

...view details