নগাঁও:প্ৰকৃতি আৰু ফটোগ্ৰাফী ভালপোৱা এগৰাকী শিক্ষা বিষয়া । নাম তেওঁৰ মৃদুল কুমাৰ নাথ । নগাঁও জিলা বিদ্যালয় সংমণ্ডলৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথৰ প্ৰকৃতিপ্ৰেমৰ বিষয়ে সামাজিক মাধ্যমত প’ষ্ট কৰিলে ৰাজ্যত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শিক্ষা বিষয়াগৰাকীৰ প্ৰকৃতিপ্ৰেমক লৈ মুখ্যমন্ত্ৰীয়ে প’ষ্ট কৰাৰ পাছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে শিক্ষা বিষয়া মৃদুল কুমাৰ নাথ ।
শিক্ষা বিষয়াক কিয় প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰীয়ে ?
নগাঁও সংমণ্ডলৰ বিদ্যালয় পৰিদৰ্শক মৃদুল কুমাৰ নাথে ভাল পায় প্ৰকৃতিক । এখন জিলাৰ শিক্ষা বিভাগৰ গধুৰ দায়িত্ব বহন কৰা শিক্ষা বিষয়া মৃদুল কুমাৰ নাথে কৰ্তব্যৰ পৰা কিছু বিৰতি পালেই ওলাই যায় প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ । একেদৰে যোৱা দেওবাৰেও নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ গৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সময়তেই শিক্ষা বিষয়াগৰাকীৰ চকুত পৰিছিল দুটা বাঘৰ মিলনৰ এক দৃশ্য । লগে লগে লগত লৈ যোৱা কেমেৰাত আৱদ্ধ কৰিছিল বাঘৰ অন্তৰংগ দৃশ্য । প্ৰায় পাঁচশ মিটাৰ নিলগৰ এই দৃশ্য বন্দী কৰি উৎফুল্লিত হৈ পৰিছিল শিক্ষা বিষয়া মৃদুল কুমাৰ নাথ । কিন্তু মঙলবাৰে পুৱাই শিক্ষা বিষয়াগৰাকীৰ কেমেৰাত আবদ্ধ কৰা এই দৃশ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰাত অধিক উৎফুল্লিত হৈ পৰে শিক্ষা বিষয়া মৃদুল কুমাৰ নাথ ।
ই টি ভি ভাৰতক কি ক'লে শিক্ষা বিষয়াগৰাকীয়ে ?