নলবাৰী, ৯ এপ্ৰিল:হেপাহৰ ৰঙালী বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন । এইবাৰ এফালে লোকসভা নিৰ্বাচনৰ গৰম বতাহ আৰু আনফালে ৰঙালীৰ বাবে প্ৰস্তুতি । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুনাচৰ আখৰাত ব্যস্ত শিশুৰ পৰা আৰম্ভ কৰি যুৱতীসকল । পিছে এইসকলোবোৰক লৈ চৰ্চা হৈ থকাৰ সময়তেই বেণ্ডপাৰ্টীত অংশগ্ৰহণ কৰা এদল ছাত্ৰীক লৈ ৰাইজৰ মাজত চলিছে আলোচনা । কাৰণ যি সময়ত বেণ্ডপাৰ্টী নৱ প্ৰজন্মৰ মাজত এলাগী হ'বলৈ ধৰিছে সেই সময়তেই এইসকল ছাত্ৰীয়ে অসমীয়া সংস্কৃতি ৰক্ষাৰ বাবে ওলাই অহাত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । বিজয়নগৰ দখলাৰ অগ্ৰগামী ছিষ্টাৰ মিউজিক বেণ্ডপাৰ্টীৰ এইসকল ছাত্ৰীয়ে এতিয়া ৰাইজৰ মাজত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে ।
ৰঙালী বিহুৰ প্ৰাকক্ষণত বিহুৰ সাজত ছাত্ৰীৰ দ্বাৰা গঠিত এটি বেণ্ডপাৰ্টী দল । প্ৰায় ৯ মাহ পূৰ্বে ৰাইজৰ মাজলৈ অহা ছাত্ৰীৰ বেণ্ডপাৰ্টী দলটোৱে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে । গুৱাহাটীৰ বিজয়নগৰ দখলাৰ অগ্ৰগামী ছিষ্টাৰ মিউজিক বেণ্ডপাৰ্টীৰ এইসকল ছাত্ৰীৰ অসমীয়া কৃষ্টি বেণ্ডপাৰ্টী জীয়াই ৰখাৰ স্বাৰ্থত লগতে অৰ্থ উপৰ্জনেৰে অধ্যয়নৰ খৰচ উলিওৱাৰ চেষ্টা চলাইছে ।