গোলাঘাট,১৯ জুন: "ৰুগীয়া শয্যাগত দেহাৰ যান্ত্ৰণাৰ মাজত, ঘোৰ বিপদৰ মুহূৰ্তত এনেদৰে মৰমৰ মাতষাৰ পালে মনতো প্ৰফুল্ল হয় । ৰাইজৰ পৰা মই বহুত মৰম পাইছো, সহানুভূতি লাভ কৰিছো । আপোনালোকে জনোৱা সন্মানৰ বাবে মই কৃতজ্ঞ ।" গোলাঘাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি বিকাশ শৰ্মাই শয্যাগত দেহাৰে আবেগিক হৈ কৰে এই মন্তব্য ।
গোলাঘাট প্ৰেছ ক্লাবৰ গৌৰৱময় ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান, বিশেষ অধিৱেশন আৰু বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি বুধবাৰে গোলাঘাট প্ৰেছ ক্লাবৰ উদ্যোগত জনোৱা ৰাজহুৱা সম্বৰ্দ্ধনা গ্ৰহণ কৰি প্ৰবীণ সাংবাদিক, গোলাঘাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি বিকাশ শৰ্মাই শয্যাগত দেহাৰে গোলাঘাট প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ প্ৰতি হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰে ।
গোলাঘাট নগৰৰ পুৰণা আমোলাপট্টিস্থিত তেখেতৰ বাসগৃহত আয়োজন কৰা ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানত বিভিন্ন সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে প্ৰবীণ সাংবাদিকগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে । এই উপলক্ষে গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাই পৰিচালনা কৰা সম্বৰ্দ্ধনা অনুষ্ঠানত গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি দেৱজিৎ ফুকন, প্ৰবীণ সাংবাদিক, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা মহেন শইকীয়াই বক্তব্য আগবঢ়াই প্ৰবীণ সাংবাদিক বিকাশ শৰ্মাৰ গৌৰৱময় সাংবাদিকতা জীৱনৰ ওপৰত আলোকপাত কৰি আশু আৰোগ্য কামনা কৰে ।