তিনিচুকীয়া:অসমীয়াত এষাৰ প্ৰৱচন আছে, ‘‘কথাত কটা যায়, কথাত বঁটা পায় ৷’’ কথা কৈ এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে শিৱসাগৰৰ বিধায়ক তথা সদাসৰৱ নেতা অখিল গগৈ ৷ শৃংখল চলিহাৰ সৈতে চলি থকা বাকযুদ্ধৰ মাজতেই অখিল গগৈয়ে কৰা এক মন্তব্যক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বীৰ লাচিত সেনা অসমৰ সদস্যই ৷ বয়সত বহু সৰু যুৱকেও অখিল গগৈক কটাক্ষ কৰা দেখা গৈছে ৷
“অখিল গগৈ এজন মানসিক বিকাৰগ্ৰস্ত আৰু মস্তিস্কৰ একেবাৰে উৰ্বৰতা নথকা বিধায়ক । সকলোৱে দেখিছে, বিভিন্ন সময়ত শিৱসাগৰ সমষ্টিৰ জ্বলন্ত সমস্যাৰ হৈ মাত নামতা, বিধানসভাত আবোলতাবোল কথা কৈ সম্পূৰ্ণ পৰিবেশ বিনষ্ট কৰা বিধায়ক অখিল গগৈ ।” এই মন্তব্য বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতা অভিষেক বড়াৰ ।
‘‘বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই প্ৰথমে ভাং খোৱা, ড্ৰাগছ খোৱা এৰক তাৰ পাছত মন্তব্য কৰিম’’ বুলি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ পাছতে এতিয়া ৰাজ্যজুৰি সৰৱ হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা-সদস্য ।
এই সন্দৰ্ভত বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতা অভিষেক বড়াই ডুমডুমাত কৰা এক প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “নিজৰ সাহস নথকাৰ বাবে অখিল গগৈৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই দাখিল কৰিলে আৰু সেইজন নেতাকেই অখিল গগৈয়ে ভাং খাই, ড্ৰাগছ খাই বুলি কোৱা কথাষাৰ কোনোপধ্যেই গ্ৰহণযোগ্য নহয় ।’’