ডিব্ৰুগড়,৮ ফেব্ৰুৱাৰী:পৃথিৱীক সেউজীয়া কৰাৰ প্ৰয়াসৰে এখন বিশেষ উপহাৰ কুপনৰ খেল । সম্পূৰ্ণ ব্যতিক্ৰমী এইখন উপহাৰ কুপনৰ খেলৰ পুৰস্কাৰসমূহ লৈ ব্যাপক চৰ্চা । এইখন খেলৰ টিকটৰ বাবে আপুনি ভৰিব নালাগে পকেটৰ ধন । মাত্ৰ এটা WhatsApp মেচেজ কৰিলেই আপুনি লাভ কৰিব পাৰে বিনামূলীয়া উপহাৰ ।
যি সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত উপহাৰ কুপনৰ জৰিয়তে লাখ লাখ টকীয়া বিলাসী বাহনৰ খেল অনুষ্ঠিত কৰি আহিছে তেনে সময়তে টিংখাঙৰ এই বিশেষ লটাৰীত পুৰস্কাৰৰ তালিকাত আছে বিভিন্ন ধৰণৰ মূল্যবান গছ আৰু ফল-মূল আৰু নানাৰঙী ফুলৰ পুলি । ৰাইজ তথা যুৱ প্ৰজন্মক প্ৰকৃতিৰ প্ৰতি সজাগ ও আগ্ৰহী কৰি তুলিবলৈ টিংখাঙৰ এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱক বিজু গগৈয়ে গ্ৰহণ কৰিছে এই ব্যতিক্ৰমী ও প্ৰশংসনীয় পদক্ষেপ ।
টিংখাঙৰ ধমন পঞ্চায়তৰ অন্তৰ্গত অতি ভিতৰুৱা নলনী কপহুৱা গাঁৱৰ যুৱক বিজু গগৈয়ে বিগত পাঁচ বছৰ পূৰ্বে কম মূলধনেৰে আৰম্ভ কৰিছিল এখন ফল-মূল আৰু ফুলৰ নাৰ্চাৰী । মাত্ৰ পাঁচ বছৰ ভিতৰতে নিজৰ কষ্ট আৰু একাগ্ৰতাৰ ফলত বিজুৱে এই নাৰ্চাৰীৰ পৰা সফলতা লাভ কৰি বৰ্তমান নাৰ্চাৰীৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হোৱাৰ লগতে উজনি অসমৰ বৃহৎ নাৰ্চাৰী সমূহৰ এখন অন্যতম "চানফ্লাৱাৰ" নাৰ্চাৰী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে ।