গুৱাহাটী :সমাগত মহাকুম্ভ মেলা ২০২৫ ৷ ২০২৫ চনৰ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ব এই অনুষ্ঠানটো ৷ প্ৰতিবছৰে লাখ লাখ তীৰ্থযাত্ৰী, সাধু-সন্ত সকলোৱে অংশ লোৱা এই কুম্ভ মেলা কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়, বৰঞ্চ ই ভাৰতৰ চহকী আধ্যাত্মিক ঐতিহ্যৰো প্ৰমাণ বহন কৰে ।
প্ৰয়াগৰাজ মহাকুম্ভ মেলা ২০২৫ বাবে অসমবাসীক নিমন্ত্ৰণ জনাবলৈ অসমত উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ কৃষি, শিক্ষা আৰু গৱেষণা দপ্তৰৰ মন্ত্ৰী সূৰ্য প্ৰতাপ শ্বাহী । শনিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি কৃষি দপ্তৰৰ মন্ত্ৰাীগৰাকীয়ে কয়, "২০২৫-প্ৰয়াগৰাজ মহাকুম্ভত ৪৫০ নিযুতাধিক তীৰ্থযাত্ৰী, সাধু, সন্ন্যাসী আৰু পৰ্যটক অহাৰ সম্ভাৱনা আছে । ইয়াৰে প্ৰস্তুতিৰ অংশ হিচাপে উত্তৰ প্ৰদেশ চৰকাৰে সৰ্বটো প্ৰকাৰে সতৰ্কতা আৰু সময়োচিত ব্যৱস্থা গ্ৰহণ কৰিছে ।’’
প্ৰয়াগৰাজত আয়োজন মহাকুম্ভ মেলা (ETV Bharat) মন্ত্ৰীগৰাকীয়ে লগতে কয়, "প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত ২০২৫ চনৰ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীৰ লৈ মহাকুম্ভ আয়োজন কৰা হৈছে । ইউনেস্কোৰ দ্বাৰা মানৱতাৰ এক অমূৰ্ত সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃত মহাকুম্ভ ১২ টা বছৰৰ ব্যৱধানত পুনৰ এবাৰ প্ৰয়াগত অনুষ্ঠিত হ'ব ।’’
স্বচ্ছ, সুস্থ, সুৰক্ষিত মহাকুম্ভৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "এই অনুষ্ঠান এক পৰিষ্কাৰ-পৰিচ্ছন্ন, স্বাস্থ্যকৰ, সুৰক্ষিত আৰু ডিজিটেল মহাকুম্ভ হ'ব । এই অনুষ্ঠানক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক মুক্ত মহাকুম্ভ ঘোষণা কৰি পৰিৱেশ অনুকূল কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । এই পদক্ষেপৰ অংশ হিচাপে মেলা অঞ্চলত ডোনা-পট্টলৰ বিক্ৰেতাসকলৰ বাবে দোকান ঘৰ আৱন্টন কৰা হ'ব । তদুপৰি হৰ ঘৰ দস্তক অভিযানৰ অধীনত প্ৰতিটো পৰিয়ালক একক ব্যৱহাৰযোগ্য প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়ি তুলিবলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে ।’’
মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৫ চনৰ মহাকুম্ভ মেলা পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সেউজ কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে । এই উপলক্ষে প্ৰয়াগৰাজত তিনি লক্ষ গছ-গছনি ৰোপণ কৰা হৈছে ৷ মেলাৰ সমাপ্তিৰ পৰৱৰ্তী সময়তো উত্তৰ প্ৰদেশ চৰকাৰে এই উদ্ভিদসমূহৰ প্ৰতিপাল কৰিব । তীৰ্থযাত্ৰী, সাধু-সন্ত আৰু পৰ্যটকৰ বাবে ব্যাপক স্বাস্থ্যসেৱা উপলব্ধ হ'ব বুলিও তেওঁ কয় ।
কৃষিমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘স্বাস্থ্যকৰ তথা পৰিচ্ছন্নতাৰ দিশটোত গুৰুত্ব আৰোপ কৰি মহাকুম্ভ মেলাৰ প্ৰস্তুতি কৰা হৈছে । তাৰে ভিতৰত আছে তীৰ্থযাত্ৰী, সাধু-সন্তসকলক কল্পৱাস সুকলমে পালন কৰা আৰু পৰ্যটকৰ বাবে স্বাস্থ্যসেৱাৰো ব্যৱস্থা কৰা হৈছে । যাৰ বাবে বহু সংখ্যক বিশেষজ্ঞ চিকিৎসকক মোতায়েনো কৰা হৈছে । পেৰেড গ্ৰাউণ্ডত ১০০ খন বিচনাযুক্ত এখন চিকিৎসালয় স্থাপন কৰা হৈছে । ২০ খন বিচনাযুক্ত এখন চিকিৎসালয়, ৮ খন বিচনাযুক্ত সৰু চিকিৎসালয় স্থাপন কৰা হৈছে ।
মেলা এলেকাত সেনা চিকিৎসাৰ জৰিয়তে দুটাকৈ ১০ খন বিচনাযুক্ত আই চি ইউ স্থাপন কৰা হৈছে । এই চিকিৎসালয়ত দিনটোৰ ২৪ ঘন্টাই কৰ্তব্যৰত চিকিৎসক থাকিব । সৰ্বমুঠ ২৯১ গৰাকী MBBS চিকিৎসক আৰু বিশেষজ্ঞ, ৯০ গৰাকী আয়ুৰ্বেদিক বিশেষজ্ঞ তথা ১৮২ গৰাকী নাৰ্চিং কৰ্মচাৰী থাকিব । তাৰোপৰি পুৰুষ, মহিলা আৰু শিশুৰ বাবে পৃথক ৱাৰ্ড স্থাপন কৰা হৈছে । প্ৰসৱ কোঠা, জৰুৰীকালীন ৱাৰ্ডৰ লগতে চিকিৎসকৰ কোঠাও সংলগ্ন থাকিব । ভক্তসকলেও ডিজিটেল মহাকুম্ভৰ অভিজ্ঞতা লাভ কৰিব বুলিও উত্তৰ প্ৰদেশৰ মন্ত্ৰীগৰাকীয়ে কয় ।
উক্ত সংবাদমেলতে কৃষিমন্ত্ৰীগৰাকীয়ে কয়, ‘‘উত্তৰ প্ৰদেশ চৰকাৰে এই ঐশ্বৰিক, সুবিশাল আৰু ডিজিটেল মহাকুম্ভ মেলা আয়োজনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । অনুষ্ঠানৰ প্ৰস্তুতি পৰ্বৰ ভিতৰত আছে এক সমৰ্পিত ৱেবচাইট আৰু এপ মুকলিকৰণ । ১১ টা ভাষাত AI চালিত চেটবট, মানুহ তথা বাহনৰ বাবে কিউআৰ(QR)- আধাৰিত পাছৰ ব্যৱস্থা, এটা বহুভাষীক ডিজিটেল পোৱা আৰু হেৰোৱাৰ সন্ধান কেন্দ্ৰ, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে ICT নিৰীক্ষণ আৰু টেন্ট, ভূমি তথা সুব্যৱস্থা আৱন্টনৰ বাবে ছফ্টৱেৰ, বহুভাষীক ডিজিটেল ছাইনেজ (VMD), এটা স্বয়ংক্ৰিয় ৰেচন যোগান প্ৰণালী, ড্ৰোণ আধাৰিত নিৰীক্ষণ আৰু দুৰ্যোগ ব্যৱস্থাপনা, ৫৩০টাকৈ ছফ্টৱেৰ নিৰীক্ষণ প্ৰকল্প আৰু এক ইনভেন্টৰী ট্ৰেকিঙ প্ৰণালী সহিতে গুগল মেপেৰে সকলো স্থানৰে একত্ৰিকৰণ ।’’
কৃষিমন্ত্ৰী শ্বাহীয়ে কয়, ‘‘পৰ্যটকসকলে যাতে পাৰ্কিঙৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে সুবিধা প্ৰদান কৰা হৈছে । এই ক্ষেত্ৰত ১০১ টা স্মার্ট পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে । তাতে দৈনিক পাঁচ লক্ষ বাহন ৰখাৰ সুবিধা কৰা হৈছে । মুঠ পাৰ্কিঙ এলেকাটো ১,৮৬৭.০৪ হেক্টৰ বিস্তাৰিত । এই পাৰ্কিঙৰ সুবিধাবোৰ ইন্টিগ্ৰেটেড কন্ট্ৰোল ক'মাণ্ড চেন্টাৰৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব ।’’
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভক্তসকলৰ স্নানৰ সুবিধাৰ্থে মহাকুম্ভ মেলাৰ চহৰখনত ৩৫ টাকৈ স্থায়ী স্নানঘাট আছে যদিও নতুনকৈ নটা ঘাট নিৰ্মাণ কৰা হৈছে । ১২-কিলোমিটাৰ জোৰা ৪৪ টাকৈ স্থানত পুষ্পবৃষ্টিৰ ব্যৱস্থাও কৰা হ'ব । তেওঁ আৰু কয় যে মুম্বাইৰ মেৰাইন ড্ৰাইভৰ পিছত আৰ্হি তৈয়াৰ কৰা এখন নদীৰ সমুখ ভাগত গংগাৰ পাৰত ১৫.২৫- কিলোমিটাৰ দৈৰ্ঘৰ পথত বিকশিত কৰা হৈছে, তাৰে ভিতৰত আছে সংগমৰ পৰা নাগবাসুকী মন্দিৰ, সুৰদাসৰ পৰা সাতনাগলৈকে আৰু কাৰ্জন দলঙৰ ওচৰৰ পৰা মহাবীৰপুৰীলৈকে ।
ইয়াৰোপৰি ভিৰ নিয়ন্ত্ৰণৰ সুবিধা বৃদ্ধি কৰিবলৈ ইন্টিগ্ৰেটেড কন্ট্ৰোল কমাণ্ড চেন্টাৰ উন্নীত কৰা হৈছে । CCTV নিৰীক্ষণৰ বাবে ৫২ খন আসন সংলগ্ন ছেটআপেৰে সজ্জিত চাৰিটা দৰ্শন কেন্দ্ৰ স্থাপন কৰা হৈছে । মহাকুম্ভ মেলাত উপস্থিত হোৱা তীৰ্থযাত্ৰীসকলৰ চিনাক্তকৰণ আৰু গণনাত উন্নত প্ৰযুক্তিৰ ব্যবহাৰ কৰা হ'ব বুলিও তেওঁ কয় ।
কৃষিমন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘‘২০২৫ চনৰ মহাকুম্ভ মেলাত প্ৰায় ৪৫০ নিযুত ভক্ত উপস্থিত থাকিব বুলি আশা কৰা হৈছে । প্ৰতিগৰাকী লোককে চিনাক্তকৰণৰ ক্ষেত্ৰত তিনিটাকৈ বিশেষ কাৰিকৰী পদ্ধতি ব্যৱহাৰ কৰা হ'ব । প্ৰথম পদ্ধতিটো হৈছে গুণাগুণ আধাৰিত সন্ধান, য'ত ব্যক্তি এট্ৰিবিউট চাৰ্চ কেমেৰা ব্যবহাৰ কৰি ট্ৰেকিঙ কৰা হ'ব । দ্বিতীয় পদ্ধতিত আৰ এফ আই ডি ৰিষ্টবেণ্ড অন্তর্ভুক্ত থাকিব ৷ এই ৰিষ্টবেণ্ড তীৰ্থযাত্ৰীসকলক দিয়া হ'ব আৰু আৰ এফ আই ডিৰ সহায়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় অনুসৰণ কৰা হ'ব ।তৃতীয় পদ্ধতিটো হৈছে ম’বাইল এপ ট্ৰেকিঙ, য'ত তীৰ্থযাত্ৰীসকলৰ সন্মতিত ম’বাইল এপ্লিকেচন ব্যবহাৰ কৰি জি পি এচৰ সহায়ত তেওঁলোকৰ অৱস্থান ট্ৰেকিঙ কৰা হ'ব ।’’
ৰাজ্যিক মন্ত্ৰী ময়ংকেশ্বৰ চৰণ সিঙে কয় যে কুম্ভ মাথোন পবিত্ৰ পানীত ৰীতি-নীতি অনুযায়ী স্নান কৰাই নহয়, বৰঙ বৈচিত্ৰৰ মাজত ভাৰতবৰ্ষৰ ঐক্যতাৰ চিৰন্তন আৰু একত্ৰিত ঘোষণাহে । মহাকুম্ভ মেলা এক সুবিশাল উৎসৱ, যিয়ে নদীৰ পবিত্ৰ প্ৰবাহত সকলো ভেদাভেদ, বিবাদ আৰু বিভাজন নিমজ্জিত কৰে । এই উৎসৱ সামাজিক সম্প্ৰীতিৰ অনন্য আৰ্হি হিচাপে অগ্ৰগণ্য । কুম্ভমেলাই কেৱল ভাৰতবৰ্ষৰ সম্পূর্ণতাকে নহয়, বিশ্বব্যাপী ভাৰতীয় সস্কৃতিৰ অনুগামীসকলৰ বাবেও বিশেষ গুৰুত্ব বহন কৰে ।’’
ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বাধীন উত্তৰ প্ৰদেশৰ ডাবুল ইঞ্জিনযুক্ত চৰকাৰে বিশ্বৰ দৰবাৰত মহাকুম্ভ মেলাৰ বিৰল তথা বিশিষ্ট ধৰ্মীয় অনুষ্ঠানৰ সাংস্কৃতিক, আধ্যাত্মিক, পৰম্পৰাগত আৰু পৌৰাণিক সাৰমৰ্ম অনন্য ৰূপত প্ৰদৰ্শন কৰিছে । ৰাজ্য চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ সকলোকে সনাতনী ভাৰতীয়সকলৰ বিশাল উৎসৱ ২০২৫-মহাকুম্ভত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে । প্ৰতিখন ৰাজ্যলৈ গৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি তেওঁ কয় ।