অসম

assam

ETV Bharat / state

মহাভৈৰৱ মন্দিৰত আশিস ল’লে সোণোৱালে: দেওবাৰে বিহালীত চলাব নিৰ্বাচনী প্ৰচাৰ

চামগুৰিত মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাই চলাই তেজপুৰ মহাভৈৰৱ মন্দিৰত সৰ্বানন্দ সোণোৱাল ৷

Assam Bye Election 2024
তেজপুৰ মহাভৈৰৱ মন্দিৰত আর্শীষ ল’লে সৰ্বানন্দ সোণোৱালে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 9:57 PM IST

তেজপুৰ: আগন্তুক উপ-নিৰ্বাচনত বিজেপিৰ লগতে মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থী জয়ী হোৱাৰ কামনা কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে তেজপুৰ চহৰৰ ঐতিহাসিক মহাভৈৰব মন্দিৰত সেৱা লয় । আগন্তুক সময়ছোৱাত সমাজৰ বাবে, ৰাজ্যৰ বাবে, দেশৰ হৈ কাম কৰি যাবলৈ যাতে সুস্থ-সৱল হৈ থাকে তাৰ বাবে মহাভৈৰৱৰ ওচৰত আশিস লোৱাৰ কথা ব্যক্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ।

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আজি চামগুৰিত মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাই চলাই উভতি অহাৰ পথত তেজপুৰৰ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰে । তেওঁ দেওবাৰে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৷ তেওঁ সাংবাদিকৰ আগত কয়, "পাঁচোটা সমষ্টিতে বিজেপি আৰু মিত্ৰজোঁটক ৰাইজে আঁকোৱালি লৈছে । আমাৰ কামৰ বাবে ৰাইজে আমাক বিশ্বাসত লৈছে ।" উপ-নিৰ্বাচনত সকলো সমষ্টিত ভাল ফল হ’ব বুলিও তেওঁ মন্তব্য কৰে ।

তেজপুৰ মহাভৈৰৱ মন্দিৰত আর্শীষ ল’লে সৰ্বানন্দ সোণোৱালে (ETV Bharat Assam)

বিহালী বিধানসভা নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষই বিভিন্ন অভিযোগ-প্ৰতি অভিযোগেৰে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ গতিত চলাই আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই বিহালীত ২০০৯ -২০১৪ চনৰ উগ্ৰপন্থী সংগঠনৰ নৰসংহাৰৰ কাহিনী, আদিবাসী আৰু গোর্খা জনগোষ্ঠীৰ অৱহেলিত কাহিনী বৰ্ণনা কৰি বিৰোধী কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰিছে ।

বিহালী বিধানসভা সমষ্টিত বিগত সময়ছোৱাত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই বিধায়ক হিচাবে প্ৰতিনিধিত্ব কৰি আহিছিল । চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনত ৰঞ্জিত দত্ত শোণিতপুৰ লোকসভাৰ সাংসদ হিচাবে নিৰ্বাচিত হোৱাৰ পাছত এই সমষ্টিৰ উপ-নিৰ্বাচন জৰুৰী হৈ পৰে ।

বিহালী সমষ্টিৰ যোৱা ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ তথ্য অনুসৰি মুঠ ১,২৫,৪৪২গৰাকী ভোটাৰ আছে । ইয়াৰ ভিতৰত অসমীয়া ভোটাৰ ১৯,১৬৫, চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ ভোটাৰ ৫৬,৩৯২, গোর্খা ২৪০৮৭, বঙালী ৯৫৭৩, বড়ো ভোটাৰ ৪৯২৬, কাৰ্বি ভোটাৰ ৫৬৫৪ আৰু হিন্দীভাষী ভোটাৰ ৫৩৩১ গৰাকী আছে ।

লগতে পঢ়ক:বিহালীত দুই মেৰুত দুই ছাত্ৰ সংগঠন !

ABOUT THE AUTHOR

...view details