অসম

assam

বোকাজান চিমেণ্ট কাৰখানালৈ আহিব ভাল খবৰ, কি ক’লে কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰীয়ে ? - Bokajan Cement Factory

By ETV Bharat Assamese Team

Published : 4 hours ago

HD Kumaraswamy in Bokajan : উত্তৰ-পূৱৰ প্ৰথমটো চিমেণ্ট কাৰখানা যিদৰে মূৰ দাঙি উঠিব লাগিছিল, সেয়া নহ’ল ৷ ১৯৭৫ চনৰ পৰাই উৎপাদন আৰম্ভ কৰা বোকাজান চিমেন্ট কাৰখানাত উপস্থিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী এইছ ডি কুমাৰাস্বামী ৷ কাৰখানাটোৰ বাবে দি থৈ গ’ল এক ভাল খবৰ ৷

HD Kumaraswamy in Bokajan
বোকাজানত কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইছ ডি কুমাৰাস্বামীৰ আশ্বাস (ETV Bharat Assam)

ডিফু, ২২ ছেপ্টেম্বৰ : শনিবাৰে ডিমাপুৰ বিমান বন্দৰৰ পৰা পোনে পোনে পুৱা ৯-৩০ বজাত বোকাজানত উপস্থিত হ’ল কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইছ ডি কুমাৰাস্বামী ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বোকাজান সমূহীয়া চিকিৎসালয়ত চিকিৎসালয়খন পৰিদর্শন কৰি ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে ৷ তাৰ পিচতে কুমাৰাস্বামী উপস্থিত হয় উত্তৰ-পূবৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ উদ্যোগ বোকাজান চিমেন্ট কাৰখানাত ৷

বোকাজান চিমেন্ট কাৰখানাৰ দুৰৱস্থাৰ বিষয়ে জনোৱা হয় কেন্দ্ৰীয় মন্ত্ৰীক :

বোকাজান চিমেন্ট কাৰখানাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিহু আৰু কাৰ্বি নৃত্যৰে আদৰণি জনোৱা হয় ৷ তাৰ পিচতে কাৰখানাৰ চৌহদত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ উক্ত সভাত আদৰণী ভাষণ প্ৰদান কৰে অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনে ৷ বিধায়ক ডাঃ মমিনে তেওঁৰ ভাষণত বোকাজানৰ পৰিচয়বহনকাৰী, বোকাজানবাসী জীয়াই থকাৰ সম্বল তথা উত্তৰ-পূৱৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ উদ্যোগে আজি প্ৰতিযোগিতাৰ বজাৰত হাৰ মানিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰে ৷

বোকাজানত কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইছ ডি কুমাৰাস্বামী (ETV Bharat Assam)

আওপুৰণি যন্ত্ৰপাতিৰে চলি থকা চিমেন্ট কাৰখানাটোৰ উৎপাদনৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানৰ লগত ফেৰ মাৰিব নোৱৰাৰ কথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰোৱায় ৷ তদুপৰি বোকাজান চিমেন্ট কাৰখানাৰ আৱসিক এলেকা চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয়খনৰ পুতৌলগা অৱস্থাৰ বিষয়েও এইছ ডি কুমাৰাস্বামীক অৱগত কৰোৱায় ডাঃ নোমল মমিনে ।

উল্লেখ্য যে বিগত দুই-তিনি বছৰ ধৰি বোকাজান কেন্দ্ৰীয় বিদ্যালয়ত নতুনকৈ নামভৰ্তিৰ ব্যৱস্থা বন্ধ কৰি ৰখা হৈছে ৷

এইছ ডি কুমাৰাস্বামীয়ে ক’লে বোকাজান চিমেন্ট উদ্যোগক ইতিহাস :

আনহাতে কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইছ ডি কুমাৰাস্বামীয়ে তেওঁৰ ভাষণ প্ৰসংগত পুৰণি কথাৰ ৰোমন্থন কৰি কয় যে ১৯৬২ চনলৈকে ভাৰত চৰকাৰৰ নিজাকৈ চিমেন্ট উৎপাদন কৰিবৰ কাৰণে কোনো উদ্যোগ নাছিল । সেই সময়ত বিভাগীয় মন্ত্ৰীয়ে এইকথা গুৰুত্বসহকাৰে চিন্তা কৰি ১৯৬৫ চনত লাইমস্টোন ইনভেষ্টিগেশন ডিমাপর্টমেন্ট (এল আই ডি) বুলি এটা বিভাগ আৰম্ভ কৰে আৰু দেশৰ কোন কোন স্থানত চূণশিল পোৱা যায় তাৰ অনুসন্ধানৰ বাবে দায়িত্ব অর্পণ কৰে । এই অনুসন্ধানৰ পিচতেই ১৯৬৮ চনত প্ৰথমটো ৰাজহুৱা খণ্ডৰ চিমেন্ট উদ্যোগ খোলে ছত্তিশগড়ৰ মান্ধাৰাত, দ্বিতীয়টো খোলে বুনকুন্দাত আৰু তৃতীয়টো খোলে অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানত ।

ফখৰুদ্দিন আলী আহমেদে কৰিছিল আধাৰশিলা স্থাপন :

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই চিমেন্ট উদ্যোগসমূহৰ প্ৰতিটোৱেই সীমান্ত অঞ্চলত খোলা হৈছিল, যাতে দুই-তিনিখন ৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হয় । বোকাজান চিমেন্ট কাৰখানাটোৰ আধাৰশিলা স্থাপন কৰিছিল সেইসময়ৰ কেন্দ্ৰীয় মন্ত্ৰী ফখৰুদ্দিন আলী আহমেদে ।

উল্লেখ্য যে সেই সময়ত ভাৰত চৰকাৰে বোকাজান চিমেন্ট কাৰখানাটোৰ নির্মাণকার্য ৫ বছৰৰ ভিতৰত সম্পন্ন কৰিবলৈ সময়সীমা বান্ধি দিছিল যদিও নির্মাণৰ দায়িত্ব লোৱা কোম্পানীয়ে ইয়াৰ পূৰ্বেই, অর্থাৎ ১৯৭২ চনত কাম প্ৰায় সমাপ্ত কৰে । ১৯৭৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা বোকাজান চিমেন্ট কাৰখানাই পৰীক্ষামূলকভাৱে চিমেন্ট উৎপাদনৰ কাম আৰম্ভ কৰে আৰু ১৯৭৬ চনৰ অক্টোবৰ মাহৰ পৰা সম্পূর্ণ ব্যৱসায়িক ভিত্তিত চিমেন্ট উৎপাদন কৰে ।

বোকাজান চিমেন্ট ফেক্টৰীত ইন্ধনৰ খৰচ কমোৱাৰ বাবে ব্যৱস্থা :

বর্তমান বোকাজান চিমেন্ট ফেক্টৰীৰ অৱস্থা সন্তোষজনক নহয় যদিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চিমেন্ট ফেক্টৰীটোৰ উন্নয়নৰ লগতে বোকাজান কেন্দ্ৰীয় বিদ্যালয়খনৰ কথাও বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰে ৷ তেওঁ লগতে কয় যে শিক্ষা অবিহনে খ্যাতি কেতিয়াও সম্ভৱ নহয় । ইয়াৰ পিচতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বোকাজান চিমেন্ট ফেক্টৰীত ইন্ধনৰ ব্যৱহাৰৰ পৰিমাণ কমাবৰ বাবে গৰম গেছ ব্যৱহাৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৷

উক্ত কাৰ্যসূচীৰ পিচতেই তেওঁ বোকাজান চিমেন্ট ফেক্টৰীৰ আৱাসিক কলনিত নির্মাণ কৰিবলৈ লোৱা সৌৰশক্তি আঁচনিখনৰ আধাৰশিলা স্থাপন কৰে ৷ উল্লেখ্য যে বোকাজান চিমেন্ট ফেক্টৰীত প্ৰতি মাহে ১ কোটি ৬০ লাখ টকাৰ বিদ্যুতৰ প্ৰয়োজন হয় । অর্থাৎ চিমেন্ট ফেক্টৰীটো চলাবলৈ ৩ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন ।

শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰা সৌৰশক্তি আঁচনিখন ১ মেগাৱাট ক্ষমতাসম্পন্ন । এক মেগাৱট ক্ষমতাসম্পন্ন যদি এই সৌৰশক্তি আঁচনিখনৰ পৰা প্ৰতি মাহে প্ৰায় ৫০-৬০ লাখকৈ টকা ৰেহাই হ’ব । এই সৌৰশক্তি আঁচনিৰ আধাৰশিলা স্থাপনৰ পিচতেই তেওঁ বোকাজান চিমেন্ট ফেক্টৰীৰ কলনিৰ ভিতৰতে থকা লেডিজ ক্লাব প্ৰাংগণত গছপুলি ৰোপণ কার্যসূচীত অংশগ্ৰহণ কৰে । ইয়াৰ পিচতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ বোকাজান চিমেন্ট কাৰখানাৰ আলোচনাকক্ষত চিমেন্ট ফেক্টৰীটোৰ বিষয়ববীয়া আক কর্মকর্তাসকলৰ লগত এক আলোচনাত মিলিত হয় ।

বোকাজান চিমেন্ট ফেক্টৰীৰ বাবে সোনকালেই আহিব ভাল খবৰ : এইছ ডি কুমাৰাস্বামী

কেন্দ্ৰীয় মন্দ্ৰীগৰাকীয়ে সাংবাদিকৰ সন্মুখত কয় যে যে খুব কম সময়ৰ ভিতৰতে উত্তৰ-পূবৰ প্ৰথমটো চিমেণ্ট উদ্যোগ বোকাজান চিমেন্ট ফেক্টৰীৰ বাবে এক ভাল খবৰ বোকাজাবাসীয়ে লাভ কৰিব । শনিবাৰে কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰীগৰাকীক সংগ দিয়ে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, কাৰ্বি আংলং স্বায়ত্তশাসিত পবিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰছিং তিছ’, পৰিষদৰ মুখ্য সচিব মুকুল শইকীয়া, ভাৰতীয় চিমেন্ট উদ্যোগৰ চি এম ডি, কাৰ্বি আংলং জিলাৰ আয়ুক্ত নিৰলা ফাংচ'পীসহ কেবাগৰাকীও প্ৰশাসনিক বিষয়াই ৷

লগতে পঢ়ক :যৱনিকা পৰিল হিন্দুস্থান কাগজ কলৰ সোণালী ইতিহাসৰ

নগাঁও কাগজ কলৰ স্থানত টাটাৰ চেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন

2 বছৰত 70 কোটি টকাৰ লোকচানৰ সন্মুখীন অসম গেছ কোম্পানী লিমিটেড

ABOUT THE AUTHOR

...view details