যোৰহাট, 3 আগষ্ট :ৰাজ্যত বৃদ্ধি হৈছে চুৰি-ডকাইতি, হত্যা-লুণ্ঠনকে ধৰি অপৰাধজনিত ঘটনা ৷ পুনৰ অপহৰণৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত ৷ নাগালেণ্ডৰ মোককচাং জিলাৰ লুংথুত বন্দী হৈ আছে যোৰহাট মৰিয়নী নকছাৰীৰ দুজনকৈ যুৱক ৷
জানিব পৰা মতে, বিগত 5 দিন ধৰি একাংশ নগা লোকে বন্দী কৰি ৰাখিছে দুই যুৱকক । যুৱক দুজনৰ মুক্তিৰ বিনিময়ত মৰিয়নিৰ তিনিজনকৈ ব্যক্তি আৰু নগদ 2.50 লাখ টকা পৰিয়ালৰ লোকক দাবী কৰিছে বুলি জানিবলৈ পৰা গৈছে । লুংথু বস্তিৰ কাউন্সিলে উক্ত ধনৰাশি মুক্তিপণ হিচাপে দাবী কৰিছে বুলি জানিব পৰা গৈছে ৷
নাগালেণ্ডৰ মোককচাং জিলাৰ লুংথুত বন্দী হৈ থকা যুৱক দুজন হ'ল মৰিয়নি নকছাৰী বালিজান নতুন মাটিৰ জাকিৰ আলি আৰু বুটু আলি । বৰ্তমান লুংথু আৰক্ষীৰ জিম্মাত দুয়োজন ভুক্তভোগী যুৱক আছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে কাউন্সিলৰ লগতে একাংশ নগা লোকে দুয়োজন যুৱক আৱদ্ধ হৈ থকা থানাখন ঘেৰাও কৰি ৰাখিছে বুলি জানিব পৰা গৈছে ।
যুৱক দুজনৰ পৰিয়ালৰ লোকে লুংথু বস্তিৰ কাউন্সিলে দাবী কৰা ধন আৰু তেওঁলোকে দিয়া চৰ্ত পূৰণ নকৰিলে থানাখনত আক্ৰমণ কৰি যুৱক দুজনক হত্যা কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰিছে । আনহাতে, লুংথুত আৱদ্ধ হৈ থকা দুয়োজন যুৱকক আনিবলৈ গৈ নিৰাশমনেৰে ঘৰলৈ উভতি আহিবলৈ পৰিয়াল লোক বাধ্য হৈছে বুলি জানিব পৰা গৈছে ।