ধেমাজি, 1 ছেপ্টেম্বৰ :পুৱতি নিশা শোৱাপাটীৰ পৰাই হঠাৎ নিৰুদ্দেশ হ’ল দশমশ্ৰেণীৰ ছাত্ৰী দুগৰাকী ৷ ঘৰৰ দৌদিশে বিচাৰিও কোনো শুংসূত্ৰ লাভ কৰা নগ’ল ৷ পৰিয়ালৰ লোকে বাৰে ফোনকল, মেছেজ কৰিও লাভ নকৰিলে সঁহাৰি ৷ এয়া ধেমাজিৰ এটা ঘটনা ৷
এনেদৰে সহপাঠী দুগৰাকী নিৰুদ্দেশ হোৱাৰ পিচতে পৰিয়ালৰ লোক কাষ চাপিল আৰক্ষীৰ ৷ ধেমাজিৰ নিৰুদ্দিষ্ট ছাত্ৰী দুগৰাকীৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিলে অভিযান ৷ ধেমাজি আৰক্ষীয়েও তাৎক্ষণিকভাৱে দেখুৱালে তৎপৰতা ৷ লগে লগে ছাত্ৰীগৰাকীৰ ফোনৰ ল’কেশ্যন ট্ৰেক কৰা হ’ল ৷ ধেমাজি আৰক্ষীয়ে কিশোৰী দুগৰাকীৰ ম’বাইল ফোনৰ লোকেশ্যন ট্ৰেক কৰি ইটানগৰলৈ নি থকা বুলি গমপাই অৰুণাচল আৰক্ষীৰ সহায় বিচাৰে ৷ কিন্তু কিশোৰী দুগৰাকীক লৈ যোৱা চক্ৰটোৱে আৰক্ষীৰ অভিযানৰ খবৰ পাই ইটানগৰৰ পৰা তেজপুৰ হৈ গুৱাহাটীলৈ পলায়ন কৰাৰ চেষ্টা কৰে ৷ প্ৰায় তিনিদিন নিৰুদ্দেশ হৈ থকা কিশোৰী দুগৰাকীক অৱশেষত কলীয়াভোমোৰা দলঙৰ সমীপত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
ছাত্ৰী দুগৰাকী নিৰুদ্দেশ হোৱাৰ আঁৰত আছিল নাৰীদেহ ব্যৱসায় ৷ ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে ধেমাজিৰ কিশোৰীসকলো যে নাৰীদেহ ব্যৱসায়ীৰ চক্ৰত পৰিছে, সেই কথা প্ৰমাণিত হ’ল ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত হাউলী আৰু বালিজান গাঁৱৰ কিশোৰী দুগৰাকীৰ এই ঘটনাৰ পিচতে ৷ নাৰীদেহ চক্ৰটোৰ তিনিগৰাকী লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷