অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ মোকালবাৰী চাহ বাগিচাত ডায়েৰীয়াৰ ভয়ংকৰ ৰূপ : দুজনৰ মৃত্যু - DIARRHOEA IN DIBRUGARH - DIARRHOEA IN DIBRUGARH

ডিব্ৰুগড়ত ভয়ংকৰ ৰূপ লৈছে ডায়েৰীয়াই ৷ ইতিমধ্যে দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে চিকিৎসাধীন হৈ আছে বহুকেইগৰাকী লোক ৷

DIARRHOEA IN DIBRUGARH
ডিব্ৰুগড়ৰ মোকালবাৰী চাহ বাগিচাত ডায়েৰীয়াৰ ভয়ংকৰ ৰূপ

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 7:47 PM IST

ডিব্ৰুগড়ৰ মোকালবাৰী চাহ বাগিচাত ডায়েৰীয়াৰ ভয়ংকৰ ৰূপ

ডিব্ৰুগড়, 30 এপ্ৰিল: ডিব্ৰুগড় জিলাৰ মোকালবাৰী চাহ বাগিচাত ডায়েৰীয়াই লৈছে ভয়ংকৰ ৰূপ । চাহ বাগিচাখনত প্ৰাদুৰ্ভাৱ ঘটা ডায়েৰীয়াৰ বিভীষিকাই এক আতংকময় পৰিৱশৰ সৃষ্টি কৰিছে । ইতিমধ্যে মোকালবাৰী চাহ বাগিচাত ডায়েৰীয়াত আক্ৰান্ত হৈ দুগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

ডায়েৰীয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা লোককেইজন হ’ল ৰাহুল বাউৰী (২৩) আৰু মাখনী বাউৰী (২৫) ৷ জানিব পৰা মতে বাগিচাখনৰ বাসিন্দা মৃত ৰাহুল বাউৰী ৰে’ল বিভাগত শ্ৰমিক হিচাপে কাম কৰিছিল ৷ লোকজন যোৱা মঙলবাৰে ঘৰলৈ অহাৰ পিচতেই বুধবাৰে প্ৰথম ডায়েৰীয়াত আক্ৰান্ত হৈছিল । ইয়াৰ পিচতে ৰাহুল বাউৰীক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও এটা দিনৰ পিচতেই তেওঁৰ মৃত্যু হয় ।

ৰাহুল বাউৰীৰ পিচতে চাহ বাগিচাখনত এজনৰ পিচত আন এজন এই ৰোগত আক্ৰান্ত হৈছে । ডায়েৰীয়াত আক্ৰান্ত হৈ ৰাহুল বাউৰীৰ দেউতাকৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

তদুপৰি বাগিচাখনৰ মাখনী বাউৰী নামৰ এগৰাকী মহিলাৰো মঙলবাৰে পুৱতি নিশা চিকিৎসালয়ত মৃত্যু হয় ৷ জানিব পৰা মতে, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মনিশা বাউৰী (১২), দীপক বাউৰী (৪৮), নিবাস বাউৰী (১৮) আৰু কুন্দন মাঝি (৪৫) চিকিৎসাধীন হৈ থকাৰ লগতে বাগিচাৰ চিকিৎসালয়ত বহুকেইগৰাকী ডায়েৰীয়াত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈছে ।

বাগিচাখনত ডায়েৰীয়াই ভয়ংকৰ ৰূপ লোৱাৰ পিচতে আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ এটা দল ইতিমধ্যে বাগিচাখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে । ইফালে এই সন্দৰ্ভত স্বাস্থ্য বিভাগেও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:হেৰুৱাজনক সুৱঁৰি উচুপি উঠিল মেদৰটাৰীবাসী

ABOUT THE AUTHOR

...view details