ৰহা, ১৯ মে’:চৰকাৰৰ কঠোৰ পদক্ষেপ তথা অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযানৰ পিচতো ৰাজ্য়ত হ্ৰাস পোৱা নাই নাৰী নিৰ্যাতনৰ ঘটনা । ৰাজ্য়ৰ বিভিন্ন ঠাইত চিলনী চোৰৰ সন্ত্ৰাস চলি থকাৰ সময়তে এতিয়া আকৌ একাংশ বিকৃত মানসিকতা সম্পন্ন যুৱক তথা কিশোৰে মহিলাক ৰাজপথত দিনদুপৰতেই অশালীন ব্য়ৱহাৰ কৰাৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে । ইয়াৰ মাজতেই বিগত কেইবাদিন ধৰি ৰহা অঞ্চলত অকলশৰীয়া অসহায় যুৱতী-মহিলাক সুবিধা বুজি শাৰীৰিকভাৱে অপদস্থ কৰা দুই কিশোৰ পৰিল আৰক্ষীৰ জালত ।
একাংশ ভুক্তভোগী মহিলা তথা যুৱতীয়ে এই প্ৰসংগত অভিযোগ উত্থাপন কৰি কয় যে ধৃত অভিযুক্ত দুটাই তেওঁলোকৰ শৰীৰৰ গোপন অংগ স্পৰ্শ কৰি শাৰিৰীক মানসিক নিৰ্যাতন চলাই আহিছে । এই দুই অভিযুক্তই বাইকেৰে আহি ৰাজপথতেই কেইবাগৰাকী যুৱতী-মহিলাক এনে অশালীন ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে । এনে বিকৃত মানসিকতাৰ কিশোৰৰ কৱলত পৰা মহিলা-যুৱতীসকলে নিৰাপত্তাহীনতাত ভুগি মানসিক অশান্তিত ভুগিবলগীয়া হৈছে । ইয়াকে লৈ ৰহাৰ বৃহত্তৰ অঞ্চলত সৃষ্টি হয় আতংকৰ । শনিবাৰেও এনে এক অনুৰূপ ঘটনা সংঘটিত হয় ৰহাৰ ৰণথলীত ।
ৰহাৰ ৰণথলী চিকিৎসালয়ত কৰ্মৰত মহিলা এগৰাকীয়ে টম্প'ৰে আহি ৰণথলীত নামি হাস্পতাললৈ গৈ থাকোতেই দুই অভিযুক্তই বাইকেৰে আহি হঠাতে মহিলাগৰাকীৰ গোপন অংগত হাত দিয়ে । মহিলাগৰাকীয়ে টনা-আজোৰা কৰাত কিশোৰ দুটাই তীব্ৰ বেগেৰে বাইকেৰে ৰহা টোলগেটেৰে পলায়ন কৰে । এই কথা সদৰী হোৱাত টোলগেটৰ চি চি টিভি কেমেৰাত দুই অভিযুক্তক চিনাক্ত কৰা হয় । লগে লগে ৰহা থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে অভিযান চলাই ফুলগুৰিত দুয়োটাকে আটক কৰিবলৈ সক্ষম হয় ।