গুৱাহাটী : অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ দীপৰ বিলক লৈ আন এক বিতৰ্ক আৰম্ভ হৈছে । শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দীপৰ বিলৰ কাষতে পথচাৰীৰ বাবে আৰু চাইকেল চলোৱাৰ বাবে বিশেষ পথ নিৰ্মাণৰ ঘোষণা কৰিছে । যাক লৈ স্থানীয় লোক আৰু সাধাৰণ নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
- কেইবাখনো গাঁৱৰ জীৱন ৰেখা দীপৰ বিল
অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ দক্ষিণ পশ্চিমত অৱস্থিত দীপৰ বিল হৈছে ২০০২ চনত ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা এক জলাশয় । এই আৰ্দ্ৰভূমি ৪০১৪ হেক্টৰ এলেকা আৱৰি আছে আৰু বিলৰ কাষতে ১২ খন গাঁও আছে ।
Soon the people of Guwahati will have a dedicated pedestrian and cycling zone nestled on the edges of the Deepor Beel which will provide a perfect relaxation spot whilst ensuring fitness for the people.
— Himanta Biswa Sarma (@himantabiswa) January 19, 2025
Here's how we plan to curate it 🎥👇🏼 pic.twitter.com/Qal1TUpTYU
আন্তৰ্জাতিক সংগঠন বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেলেও দীপৰ বিলক এক গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ (আইবিএ) হিচাপে ঘোষণা কৰিছিল । এই দীপৰ বিলে ওচৰতে থকা প্ৰায় ১৪ খন গাঁৱৰ লোকসকলক প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীৱিকাও প্ৰদান কৰে ।
- চাইকেল পথ নিৰ্মাণৰ ঘোষণাক লৈ প্ৰতিক্ৰিয়া
স্থানীয় নাগৰিক তথা দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই কয়, "আমি জানিব পাৰিছো যে চৰকাৰে দীপৰ বিলৰ কাষতে চাইকেল পথ আৰু পথচাৰীৰ বাবে নিৰ্ধাৰিত পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে । অৱশ্যে, ৰামছাৰ ক্ষেত্ৰ হিচাপে জনাজাত দীপৰ বিলত ভৱিষ্যতে চৰকাৰে কেনেদৰে চাইকেল পথ নিৰ্মাণৰ পৰিকল্পনা কৰে সেয়া লক্ষণীয় হ'ব ।"
কলিতাই কয়, "চৰকাৰে এতিয়াও আৰ্দ্ৰভূমিৰ সীমা নিৰ্ধাৰণ কৰা নাই । চৰকাৰে ২০০২ চনত ঘোষণা কৰিছিল যে আৰ্দ্ৰভূমিৰ সীমা নিৰ্ধাৰণ কৰা হ'ব কিন্তু এতিয়ালৈকে একো হোৱা নাই । এতিয়া যদি তেওঁলোকে চাইকেল চলোৱাৰ বাবে পথটো নিৰ্মাণ কৰিবলৈ মাটিৰে পুঁতি পেলোৱা হয় তেন্তে ই নিশ্চিতভাৱে বিলৰ পৰিস্থিতি তন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্যক প্ৰভাৱিত কৰিব ।"
- প্ৰদূষণৰ কৱলত দীপৰ বিল
আৰ্দ্ৰভূমিৰ বৰ্তমানৰ স্থিতি বিবেচনা কৰিলে হয়তো সকলোৱে এই কথা বুজিব পাৰিব । কিয়নো আৱৰ্জনা পেলোৱাৰ ফলত দীপৰ বিল ভয়ংকৰ প্ৰদূষণৰ কৱলত পৰিছে । স্থানীয় লোকসকলৰ তীব্ৰ বিৰোধিতা স্বত্বেও চৰকাৰে ২০০৯ চনত জলাশয়ৰ এটা অংশক গুৱাহাটী পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ডলৈ পৰিৱৰ্তন কৰিছিল ।
প্ৰতিদিনে পৌৰ নিগমৰ প্ৰায় ৬০০ টন আৱৰ্জনাই পৰিস্থিতি তন্ত্ৰ আৰু পৰিৱেশক প্ৰভাৱিত কৰাৰ লগতে বিলৰ পানী প্ৰদূষিত কৰিছে । অৱশ্যে স্থানীয় লোকৰ তীব্ৰ প্ৰতিবাদৰ ফলত চৰকাৰে ডাম্পিং গ্ৰাউণ্ডটো ওচৰৰ এলেকালৈ স্থানান্তৰিত কৰিবলৈ বাধ্য হৈছিল ।
তথাপিও প্ৰদূষণ অব্যাহত আছে, কিয়নো ডাম্পিং গ্ৰাউণ্ডৰ বৰ্তমানৰ স্থান পামহি দীপৰ বিলৰ ওচৰতে অৱস্থিত । আৱৰ্জনাবোৰে মাটি প্ৰদূষণ কৰে আৰু আৱৰ্জনাৰ তৰল দীপৰ বিললৈ প্ৰবাহিত হৈ আৰ্দ্ৰভূমি আৰু ইয়াৰ জলজ জীৱকুলক প্ৰভাৱিত কৰে । ইফালে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ২০০১ চনত দীপৰ বিলৰ কাষতে ৰে'লপথ স্থাপন কৰিছিল যি ইতিমধ্যে আৰ্দ্ৰভূমিক প্ৰায় দুটা ভাগত ভাগ কৰিছে আৰু আৰ্দ্ৰভূমি-বন পৰিস্থিতিতন্ত্ৰ পৃথক কৰিছে ।
এই সন্দৰ্ভত বিশিষ্ট প্ৰকৃতিপ্ৰেমী তথা অসমৰ পক্ষী মানৱ বুলি জনাজাত আনোৱাৰুদ্দিন চৌধুৰীয়ে কয়, "দীপৰ বীলৰ কাষত চাইকেল চলোৱা পথ নিৰ্মাণৰ পদক্ষেপ আৰ্দ্ৰভূমিৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিস্থিতি তন্ত্ৰৰ অনুকূল হ'ব লাগিব । দীপৰ বিল যিহেতু হস্তীদণ্ডিৰ বাবে জনাজাত । আৰ্দ্ৰভূমিৰ চাৰিওফালে যিকোনো নিৰ্মাণ কাৰ্যই হস্তীদণ্ডিত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ।"
- মাছমৰীয়াৰ প্ৰতিক্ৰিয়া
দীপৰ বিলৰ কাষত চাইকেল পথ নিৰ্মাণৰ ঘোষণাৰ পিছতে স্থানীয় মাছমৰীয়াসকলৰ মাজতো প্ৰতিক্ৰিয়া হৈছে । মাছমৰীয়াৰ স্থানীয় সংগঠন দীপৰ বিল পাছপাৰা সমবায় সমিতিৰ সম্পাদক গোলক দাসে কয়, "আমি কিছুদিন আগতে কিছুমান লোকক বিলৰ জৰীপ কৰিবলৈ অহা দেখিছো । আমাক কোৱা হৈছিল যে তেওঁলোকে ইয়াত চাইকেল পথ নিৰ্মাণৰ বাবে বিলৰ জৰীপ কৰি আছিল । জৰীপ কৰাসকলে কৈছিল যে চাইকেল পথবোৰ আৰ্দ্ৰভূমিৰ মাজেৰে নিৰ্মাণ কৰা হ'ব আৰু ই আৰ্দ্ৰভূমিৰ পৰিস্থিতি তন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্যক প্ৰভাৱিত কৰিব ।"
উল্লেখ্য যে, বাৰিষাৰ সময়ত দীপৰ বিলে গুৱাহাটী চহৰৰ বৰষুণৰ পানীবোৰ বহন কৰা জলাশয় হিচাপেও কাম কৰে । মে' আৰু ছেপ্টেম্বৰৰ ভিতৰত জলাশয়টোলৈ বশিষ্ঠ, কলমণি নদী আৰু স্থানীয় নলাৰ মাজেৰে পানী বৈ আহে । খনাজান চেনেলে এই বিলক উত্তৰে ৫ কিলোমিটাৰ দূৰত থকা ব্ৰহ্মপুত্ৰ নদীক সংযোগ কৰে ।
বিলৰ এক স্থায়ী জল বিস্তাৰিত এলেকা প্ৰায় ১০.১ বৰ্গ কিঃমিঃ, যি বানৰ সময়ত ৪০.১ বৰ্গ কিঃমিঃ লৈকে বিস্তাৰিত হয় । এই আৰ্দ্ৰভূমি প্ৰায় ২০০ প্ৰজাতিৰ পক্ষীৰ এক প্ৰজনন ক্ষেত্ৰ । যাৰ ভিতৰত আছে ৭০ প্ৰকাৰৰ পৰিভ্ৰমী পক্ষী । যদিও আৰ্দ্ৰভূমিলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ পক্ষীৰ আগমন হৈছিল ।
যোৱা কেইবছৰমানত এনে পক্ষীৰ সংখ্যা হ্ৰাস পাই আহিছে । ২০২২ চনত এক জৰীপত দীপৰ বিলত ২৮০০০ তকৈও অধিক পক্ষীৰ উপস্থিতি ধৰা পৰিছিল । কিন্তু ২০২৩ চনত এই সংখ্যা ১১০০০লৈ হ্ৰাস পাইছিল ।