ডিব্ৰুগড়: শাওণৰ বোকাময় পথাৰ সোণোৱালী হৈ পৰাত পথাৰত ব্যস্ততা বৃদ্ধি পাইছে কৃষক ৰাইজৰ । পুৱা নিয়ৰ সৰা লগে লগে পথাৰলৈ ঢাপলি মেলিছে দাৱনী । সোণালী হৈ পৰা পথাৰত ব্যস্ত হৈ পৰাৰ মাজতে হেৰাই যাব খোজা চহা জীৱনৰ পৰম্পৰা ধৰি ৰাখিব খুজিছে ডিব্ৰুগড়ৰ ৰাইজে । কিয়নো শীতৰ আগমনৰ লগে লগে প্ৰায় বিলাক বিলৰে পানী শুকাবলৈ ধৰে । পানী শুকোৱাৰ লগে লগে বিলত উভৈনদী হৈ পৰে মাছ ।
সৰু-বৰ সকলো মাছেই উপলব্ধ হয় এই বিলসমূহত । ডিব্ৰুগড় নিগমৰ হাকৈ বিলত তেনে এক দৃশ্যই দেখিবলৈ পোৱা গ'ল । হাজাৰৰো অধিক লোকে সমূহীয়াকৈ মৎস্য চিকাৰ কৰিবলৈ ওলাই আহিল বিলখনলৈ । মৰাণ, লেঙেৰী, বামুণবাৰী, তিলৈ, খোৱাং, শেনচোৱা পুখুৰী, নাহৰণি, হালধিবাৰী আদিৰ শতাধিক গাঁৱৰ ৰাইজে হাতে হাতে জাল, পল লৈ সমূহীয়াকৈ মাছ ধৰিলে বিলখনত ।
শ শ লোকে ধৰিলে ৰৌ, বৰালি, বাহু, শ'ল আদি মাছ । বুঢ়ীদিহিং নদীৰ পানী বাঢ়ি অহাৰ লগে লগে মাছসমূহ বিলত ৰৈ যায় আৰু পানী শুকাবলৈ ধৰাৰ লগে লগে বিলসমূহত এনেদৰে মাছৰ উজান উঠিবলৈ ধৰে । একো একোজন লোকে ৪-৫ কেজি পৰ্যন্ত মাছ ধৰি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় । বিলখনত সমূহীয়া মৎস্য চিকাৰৰ নান্দনিক দৃশ্যই মুহিলে বহুজনক । সমূহীয়া মাছ ধৰা চাবলৈ ভিৰ কৰিলে শ শ লোকে ।
- সমূহীয়া মৎস্য চিকাৰ পৰম্পৰা কিয় জীয়াই ৰাখিছে ৰাইজে :
অতীতৰ গ্ৰাম্য অঞ্চলসমূহত এটা পৰম্পৰা আছিল বছৰত এখন বিল বা জানত অঞ্চলটোৰ পুৰুষ মহিলাসকলে একলগ হৈ মাছ ধৰিছিল । সেই দিনটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল । এই পৰম্পৰাই একতা আৰু মিলা-প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছিল যদিও ক্ৰমাৎ হেৰাই গৈছে এই পৰম্পৰা ।