চামগুৰি:জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি অমাত জীৱ । মানুহৰ স্বাৰ্থৰ বাবেই মাতৃস্নেহৰ পৰা বঞ্চিত হ'ল দুদিন পূৰ্বে জন্ম পোৱা পাঁচটিকৈ মৰমলগা কুকুৰ পোৱালি । নিথৰ হৈ পৰি ৰোৱা মাতৃৰ মৃতদেহত গাখীৰৰ ব্যৰ্থ সন্ধান দুদিনীয়া পোৱালি কেইটাৰ ।
এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ পুৰণিগুদামৰ মিকিৰহাট হাতীগাঁৱত । ঘটনা অনুসৰি মিকিৰহাট হাতীৰ গাঁৱৰ দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ লোকজনে ব্ৰইলাৰ ফ্ৰাৰ্ম খুলি মোকলাইছিল জীৱিকাৰ পথ ।
কিন্তু সেই ব্ৰইলাৰ ফাৰ্মত সোমাই কুকুৰজনীয়ে ব্ৰইলাৰ খোৱা বুলি অভিযোগ উত্থাপন কৰি সেই অপৰাধতে কুকুৰজনীক অতি নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে বুলি জনাই অভিযুক্ত দাদুলে । পিচে দাদুলৰ আক্ৰমণত মৃত্যু হোৱা কুকুৰজনীৰ নিথৰ দেহত গাখীৰৰ সন্ধান কৰি কাষতে ঘূৰি ফুৰে পোৱালিকেইটা ।