ETV Bharat / lifestyle

২০২৫ বর্ষত কি ৰং ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব ? - LUCKY COLORS FOR 2025

২০২৫ বর্ষত কোনবোৰ মন্দিৰ দৰ্শন কৰিব ? কি ৰং কঢ়িয়াই আনিব শুভফল ? কি কাম কৰিলে হ’ব লাভ জনালে জ্যোতিষ সম্ৰাট ড৹ পৰশমণি শৰ্মাই-

Astro tips
২০২৫ বর্ষত কি ৰং ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Dec 31, 2024, 5:23 PM IST

জ্যোতিষশাস্ত্ৰ অনুসৰি ২০২৫ বৰ্ষটোৰ মূল্যাংক হৈছে ৯ অৰ্থাৎ মংগলৰ বছৰ সেয়ে এইবৰ্ষটো ভাৰতবৰ্ষৰ বহু ক্ষেত্ৰত উন্নতি সাধন কৰিব ৷ ২০২৫ বর্ষ দেশ তথা ৰাজ্যৰ বাবে বহুত বেছি ভাল বছৰ ৷ আজি এই সন্দৰ্ভত জ্যোতিষ সম্ৰাট ড৹ পৰশমণি শৰ্মাৰ পৰা বিতংভাৱে জানো আহক-

জন্মৰ তাৰিখৰ অনুসৰি কোনবোৰ লোকৰ বাবে ২০২৫ বৰ্ষটো ভাল হ'ব ?

জ্যোতিষ সম্ৰাট ড৹ পৰশমণি শৰ্মাৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat)
  • যিকোনো ইংৰাজী মাহৰে ১, ১০,১৯ আৰু ২৮ তাৰিখে জন্মগ্ৰহণ কৰা লোকৰ বাবে এই বছৰটো খুবেই বেছি ভাল বুলি ক’ব পাৰি ৷ এইসকল লোকৰ জীৱনলৈ নতুন বছৰটোত বহুতো নতুন নতুন সুযোগ হাতলৈ আহিব ৷
  • ২,১১,২০ আৰু ২৯ জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে এই আবেগিক সিদ্ধান্ত লোৱাত কিছু অসুবিধা আহিব পাৰে, সেয়ে তেওঁলোকে সিদ্ধান্তসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অকণমান সাৱধান হোৱাটো ভাল ৷
  • ৩,১২,২১ আৰু ৩০ তাৰিখে জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ বাবেও ২০২৫ বৰ্ষটো খুব বেছি ভাল হ'ব ৷
  • ৪,১৩,২২, আৰু ৩১ তাৰিখে জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ এই বছৰটোত খঙৰ পৰিমান বৃদ্ধি হ'ব ৷ খংটো যদি চম্ভালিব নোৱাৰে তেন্তে বিপদ ঘটিব পাৰে ৷ যাত্ৰা কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাটো ভাল ৷ বিশেষকৈ শনিবাৰ -মঙলবাৰে যাত্ৰা কৰাৰ সময়ত সাৱধান হোৱাটো ভাল হ'ব ৷
  • ৫,১৪ আৰু ৩০ তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ বাবেও ২০২৫ বৰ্ষটো বেছি ভালে যাব ৷
  • ৬,১৫ আৰু ২৪ তাৰিখে জন্মগ্ৰহণ কৰা লোকসকল এই বছৰটো খুব বেছি ভাল বছৰ বুলি পৰিগণিত হৈছে ৷
  • ৭,১৬ আৰু ২৫ তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলে এই বছৰটোত আবেগিক ভাবে কিছু উঠা নমা হ'ব পাৰে ৷
  • ৮,১৭ আৰু ২৬ তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে এই বৰ্ষটো আগতকৈ বহুত বেছি ভাল হ'ব ৷ মাটি-বাৰী ক্ষেত্ৰত যদি কিবা সমস্যা আছিল সেই সমূহ নাইকীয়া হ'ব ৷
  • ৯,১৮ আৰু ২৭ তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে ২০২৫ বৰ্ষটো খুবেই বেছি ভাল হ'ব ৷
  • সামগ্ৰীকভাবে চাবলৈ গ'লে ১,৩, ৬ আৰু ৯ নম্বৰ মূল্যাংকৰ ব্যক্তিৰ বাবে ২০২৫ বৰ্ষটো খুবেই বেছি ভাল হ'ব ৷

প্ৰতিকাৰ হিচাপে সমগ্ৰ বৰ্ষটোত কি কৰিব পাৰে ? লগতে কি কি মন্দিৰ দৰ্শন কৰিব ?

২০২৫ বৰ্ষটো ভাল হ'বলৈ প্ৰতিকাৰ হিচাপে সকলো মানুহে যদি এখন ৰঙা ৰুমাল লৈ থাকিব পাৰে ভাল ৷ লগতে হনুমানক পূজা কৰিব পৰিলেও খুব বেছি ভাল ৷ যিহেতু নম্বৰ ৯ৰ বছৰ সেয়ে মঙলবাৰে যদি হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে বা বগলা মন্দিৰ দৰ্শন কৰিব পাৰিলে তেন্তে ভাল ফল লাভ কৰিব ৷ তদুপৰি নৱগ্ৰহ মন্দিত মংগলৰ পূজা কৰিব পাৰে, উজ্জ্বয়ন, মহাকাল বা মংগলধাম মন্দিৰো দৰ্শন কৰিব পাৰে ৷

২০২৫ বৰ্ষটোত বাস্তুৰ ক্ষেত্ৰত কি কৰিব ?

২০২৫ বৰ্ষটোৰ বাস্তুৰ দিশ হৈছে দক্ষিণ দিশ ৷ সেয়ে ঘৰৰ দক্ষিণ দিশটো যিমান পাৰে চাফা কৰি ৰাখিব ৷ ঘৰৰ প্ৰৱেশৰ বা ড্ৰয়েং ৰুমৰ দক্ষিণ দিশত যদি পঞ্চমুখী হনুমানৰ ফটো লগাব পাৰে ৷ ২৪ নম্বৰটো নীলা ৰঙেৰে লিখিব পাৰে ৷ লগতে যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ ব্যৱসায়স্থান দক্ষিণ দিশৰ ৱালত ৷ তিৰুপতি বালাজীৰ ফটো লগাব পাৰিলে ভাল হ'ব ৷

২০২৫ বর্ষত কি ৰং ব্যৱহাৰ কৰিব ?

২০২৫ বর্ষটোত ৰঙা ৰং ব্যৱহাৰ কৰিব পাৰিলে ভাল ৷ ৰঙা ৰঙৰ লগতে হালধীয়া আৰু কমলা ৰং যিমান ব্যৱহাৰ কৰিব পাৰে সিমান ভাল ৷

কি কি কাম কৰিলে ভাল ফল লাভ কৰিব ?

ধন, সম্পত্তি, স্বাস্থ্য আদিৰ ক্ষেত্ৰ ভাল হ'বলৈ হ'লে জন্মদিনৰ দিনা ঘৰত নিম গছৰ পুলি ৰোপন পাৰিলে ভাল ফল লাভ কৰিব ৷ কাৰণ নিম গছক মংগল গ্ৰহৰ লগত তুলনা কৰা হয় ৷ লগতে নিজৰ ভাই-ককাইৰ লগত আৰু পুলিচ-মিলিটেৰী লগত সম্পৰ্কটো ভালে ৰাখিলে ভাল ফল লাভ কৰিব ৷ইয়াৰোপৰি বছৰটোৰ ৫৪ টা মঙলবাৰৰ ভিতৰত একেৰাহে যিকোনো ৯ টা মঙলবাৰে ব্ৰত ৰাখি, ৭ বাৰকৈ হনুমান চলিছা পাঠ কৰিব পৰিলে ভাল ফল লাভ কৰিব ৷ লগতে বান্দৰক কল আৰু গুৰ খুৱাব পৰিলেও ভাল ৷

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক

  1. সংখ্যাতত্ত্ব অনুসৰি ভাৰতবৰ্ষৰ বাবে কেনে হ’ব ২০২৫ বৰ্ষ ?
  2. ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ ?
  3. জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ ২০২৫ বৰ্ষটো ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.