তেজপুৰ, ২৪ মে' :অসমত উপস্থিত ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ'ৰ অধ্যক্ষ ড৹ সমীৰ ভি কামাট আৰু সংস্থাৰ জীৱ বিজ্ঞান বিভাগৰ সচিব প্ৰধান ড৹ ইউ কে সিং । ডিআৰডিঅ'ৰ দুয়োগৰাকী বিষয়াই বৃহস্পতিবাৰে তেজপুৰস্থিত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰ (ডিআৰএল) পৰিদৰ্শন কৰে । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটয়ে সংবাদ মাধ্যমক এই কথা অৱগত কৰে ।
এক আনুষ্ঠানিক বৈঠকত দুয়োগৰাকী বিষয়াক ডি আৰ এলৰ সঞ্চালক ডাঃ ডি ভি কাম্বোজে উষ্ম আদৰণি জনাই আৰু পৰীক্ষাগাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু উল্লেখযোগ্য কৃতিত্বৰ বিষয়ে অৱগত কৰে । ড৹ কম্বোজে ভেক্টৰ নিয়ন্ত্ৰণ, পানীৰ গুণাগুণ বৃদ্ধি, ঔষধ প্ৰযুক্তি আৰু জৈৱ আৱৰ্জনা ব্যৱস্থাপনা আদিৰ ক্ষেত্ৰত ডি আৰ এল তেজপুৰৰ গৱেষণাৰ ওপৰত আলোকপাত কৰে । তেওঁ পৰীক্ষাগাৰৰ নতুন অনুসন্ধান আৰু বিকাশৰ দিশসমূহৰ ৰূপৰেখা দাঙি ধৰে, য'ত জংঘলত যুদ্ধৰ বাবে সৈনিকৰ সমৰ্থন, স্বাক্ষৰ প্ৰশমন আৰু পতংগ বিজ্ঞানসন্মত জৈৱ ভাবুকিৰ ভৱিষ্যদ্বাণী আৰু প্ৰশমন অন্তৰ্ভুক্ত কৰা হৈছে ।
ভাষণ প্ৰসংগত সঞ্চালক প্ৰধান (জীৱ বিজ্ঞান) ড৹ ইউ কে সিঙে অনুবাদ গৱেষণাৰ বাবে শিক্ষা আৰু উদ্যোগৰ সৈতে সহযোগিতা স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে । কিয়নো ই সশস্ত্ৰ বাহিনীক প্ৰত্যক্ষভাৱে উপকৃত কৰিব । তেওঁ ডিআৰডিঅ'ৰ শৈক্ষিক আৰু উদ্যোগৰ অংশীদাৰসকলৰ সৈতে উত্তৰ-পূবৰ ৰাজ্যত ভিন্ন অঞ্চলসমূহত জোৱানসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে ।