আজি বিহুৰ উৰুকা, কাইলৈ বিহুৰ ভূৰুকা, অ' আইতা গামোচা কাটিবৰ হ'ল...
পদূলিত হেঁপাহৰ ৰঙালী ৷ ব’হাগ বিহু আহি পালেহি, কুলি কেতেকীৰ মৌ মিঠা মাতত ৰজনজনালে আকাশ-বতাহ ৷ ৰাজ্যত ৰঙালীৰ উখল-মাখল পৰিৱেশ। অসমীয়াৰ প্ৰাণৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া । ইয়াৰ সমান্তৰালভাৱে ভিৰ বাঢ়িছে বজাৰত।
আজি উৰুকা ৷ কাইলৈ গৰু বিহু ৷ প্ৰতিগৰাকী অসমীয়াই উৰুকাৰ বজাৰত অসমীয়াৰ থলুৱা সামগ্রী ক্ৰয় কৰিবলৈ ভিৰ কৰিছে । অসমীয়া নৱবৰ্ষত আমি জ্যেষ্ঠজনক বস্ত্ৰদান কৰি সেৱা কৰো, সৰুক মৰমেৰে আশীৰ্বাদ দিও ৷ ইয়াৰোপৰি নতুন কাপোৰ পিন্ধা পৰম্পৰা ৰক্ষা কৰি কাপোৰৰ বজাৰত ভিৰ কৰিছে লোকসকলে ৷ ইফালে বিহু বুলি জা-জলপানসহ উৰুকাৰ সাঁজ যোগাৰৰ সামগ্রী ক্ৰয়ৰ বাবে লোকসকলে বজাৰলৈ ঢাপলি মেলিছে ৷
সাধাৰণতে উৰুকাৰ নিশা গাঁৱৰ মহিলাসকলে পিঠা-পনাৰ বনোৱাৰ লগতে পুৰুষসকলে গৰু বিহুৰ বাবে প্ৰস্তুতি চলায় ৷ পূৰ্বৰ দিনত গৰু বিহুত যাৱতীয় সামগ্ৰীসমূহ সকলো লোকৰ ঘৰতেই উপলব্ধ হৈছিল যদিও বৰ্তমান সময়ত এইসমূহ ক্ৰয় কৰিব লগা হয় বাবেই উৰুকাৰ বজাৰৰ পৰা যাৱতীয় সমাগ্ৰীসমূহ ক্ৰয় কৰি অনা হয় ৷
জনবিশ্বাস অনুসৰি ডেকা-গাভৰুৱে মুকলি পথাৰত প্ৰেম-যৌৱনৰ গীতেৰে পুৰুষস্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্ৰকৃতি(পৃথৱীক)উত্তেজিত কৰি বৰষুণৰ মাধ্যমত মিলন ঘটায় ৷ ইয়াৰ ফলতেই পৃথিৱী শস্যসম্ভৱা হয় । কোৱা হয় যে, বসন্তৰ আগমনৰ প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই প্ৰকৃতি ঋতুমতী হয় ৷ গছ-লতিকাত কুঁহিপাত ওলায়, প্ৰকৃতি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে ।
ব’হাগ বিহু চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ 6 তাৰিখলৈ মুঠ সাতদিন পালন কৰা হয় । প্ৰত্যেকটো দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে।
- গৰু বিহু
- মানুহ বিহু
- গোসাঁই বিহু
- তাঁতৰ বিহু
- নাঙলৰ বিহু
- জীয়ৰী বা চেনেহী বিহু
- চেৰা বিহু
লগতে পঢ়ক:বিহু মঞ্চ কঁপাবলৈ সাজু হৈছে কন্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা - Assam singers Bihu preparetion