অসম

assam

ETV Bharat / state

তিনিচুকীয়াত ডেংগু-মেলেৰিয়াৰ আগতীয়া সতৰ্কতা অভিযান - Assam dengue cases - ASSAM DENGUE CASES

Assam dengue cases : ডেংগু-মেলেৰিয়াৰ প্ৰতি তিনিচুকীয়া জিলা প্ৰশাসনৰ আগতীয়া সতৰ্কতা অভিযান ৷ স্পৰ্শকাতৰ গাঁৱত অচিৰেই মহৰ উৎস ধ্বংস আৰু ধোৱা দিয়াৰ নিৰ্দেশ জিলা আয়ুক্তৰ ৷

District administration conducts early dengue-malaria alert drive in Tinsukia
তিনিচুকীয়াত ডেংগু-মেলেৰিয়াৰ আগতীয়া সতৰ্কতা অভিযান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 10:51 AM IST

তিনিচুকীয়া, ৮ জুন :বাৰিষাৰ বতৰৰ আগমণৰ লগে লগে তিনিচুকীয়া জিলাত মহৰ দ্বাৰা বিয়পি পৰা ৰোগ যেনে ডেংগু, মেলেৰিয়া আৰু জাপানীছ এনকেফেলাইটিছ আদিৰ পাদুৰ্ভাৱ যাতে নঘটে তাৰ বাবে আগতীয়া প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্ত স্বপ্নীল পালে বিভিন্ন বিভাগক নিৰ্দেশ দিয়ে ।

শুকুৰবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সম্পৰ্কীয় এখন বিভাগীয় পৰ্যালোচনা বৈঠকত পালে স্বাস্থ্য বিভাগৰ লগতে পশুপালন আৰু পশু চিকিৎসা, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ আদি বিভাগক নিৰ্দিষ্ট সুকীয়া সুকীয়া দায়িত্ব পালনৰ জৰিয়তে সংঘবদ্ধভাৱে এই ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ প্ৰচেষ্টাত ব‌্ৰতী হ'বলৈ আহ্বান জনায় ।

তিনিচুকীয়াত ডেংগু-মেলেৰিয়াৰ আগতীয়া সতৰ্কতা অভিযান (ETV Bharat Assam)

যোৱা ১ জুনৰ পৰা আৰম্ভ হোৱা মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভণী তথা বাহকজনিত ৰোগৰ জিলা কৰ্ম বাহিনীৰ পৰ্যালোচনা সভাখনত জিলা মেলেৰিয়া বিষয়া ডাঃ উজ্বলা বৰুৱাই পাৱাৰ প‌ইন্ট উপস্থাপনৰ জৰিয়তে প্ৰকাশ কৰা মতে যোৱা ২০২৩ বৰ্ষত তিনিচুকীয়া জিলাত ১৮ জন লোক মেলেৰিয়াত আক্ৰান্ত হৈছিল যদিও এইবছৰ এতিয়ালৈকে এজনো আক্ৰান্ত হোৱা নাই । একেদৰে ডেংগুৰোগত এইবছৰ এতিয়ালৈকে বাহিৰৰ পৰা অহা এজন লোক আক্ৰান্ত হৈছে ।

তিনিচুকীয়াত ডেংগু-মেলেৰিয়াৰ আগতীয়া সতৰ্কতা অভিযান (ETV Bharat Assam)

ডেংগু, মেলেৰিয়া আৰু জাপানী এনকেফেলাইটিছ ৰোগৰ পাদুৰ্ভাৱ থকা অঞ্চলসমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । সেই অনুসৰি তেনে অঞ্চলসমূহত, বিশেষকৈ অমৰপুৰ, শান্তিপুৰ, হাঁহকাটি, খেৰজান, লিডু, মাকুম, আগবন্ধা, টিংৰাই আদি গাঁও পঞ্চায়তসমূহত থকা মহ উৎপন্ন হ'ব পৰা আৱদ্ধ পানীৰ উৎসসমূহ ধ্বংস কৰাৰ বাবে কালিৰে ব্যৱস্থা হাতত ল'বলৈ জিলা মেলেৰিয়া বিষয়াৰ লগতে সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াকো জিলা আয়ুক্ত‌ই নিৰ্দেশ দিছে ।

তিনিচুকীয়াত ডেংগু-মেলেৰিয়াৰ আগতীয়া সতৰ্কতা অভিযান (ETV Bharat Assam)

এই কাম অহা ১৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে । তদুপৰি প্ৰতিখন বিদ্যালয় চৌহদত থকা তেনে ক্ষুদ্ৰ আবদ্ধ পানীৰ উৎস যেনে মুকলিত থকা পাত্ৰ, গাড়ীৰ পেলনীয়া টায়াৰ, গাঁত আদি আঁতৰ কৰিবলৈ জিলাৰ বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াক নিৰ্দেশ দিয়ে । এই সভাতে তিনিচুকীয়া চহৰৰ উপৰি সংশ্লিষ্ট গাঁওসমূহত ধোৱা দিয়াৰ ব্যৱস্থা কৰিবলৈও তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক নিৰ্দেশ দিয়া হয় ।

সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰনীল সিং, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত চিন্ময় পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, স্বাস্থ্য বিভাগৰ জিলা নিৰীক্ষণ বিষয়া ডাঃ মীনাক্ষী হাজৰিকা, বাহকজনিত ৰোগৰ পৰামৰ্শদাতা ডাঃ বিতোপন বৰাৰ উপৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

উল্লেখযোগ্য যে, এইবছৰৰ মেলেৰিয়া মাহ উদযাপনৰ মূল শ্ল'গান হৈছে 'সমভাৱে পৃথিৱীৰ সৰ্বত্ৰে মেলেৰিয়াৰ বিৰুদ্ধে যুঁজখন অধিক সক্ৰিয়তাৰে কৰো আহক' ।

লগতে পঢ়ক:ৰাজ্যত ডেংগুৰ প্ৰাদুৰ্ভাৱ: তৎপৰ স্বাস্থ্য বিভাগ - Assam dengue cases

ABOUT THE AUTHOR

...view details