অসম

assam

ETV Bharat / state

তিনিচুকীয়াত জাৰি ১৬৩ ধাৰা

তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত সাব্যস্ত কৰা প্ৰতিবাদৰ পাছতে কঠোৰ জিলা প্ৰশাসন । সোমবাৰে ঘোষণা কৰা বন্ধৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ, ১৬৩ ধাৰা জাৰি ।

Tinsukia district administration imposed Section 163 on 11th November 2024
তিনিচুকীয়া জাৰি ১৬৩ ধাৰা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 1:37 PM IST

তিনিচুকীয়া :তিনিচুকীয়া জিলাত মৰাণ আৰু মটক জনগোষ্ঠীয়ে জনজাতিকৰণ দাবীত সাব্যস্ত কৰা প্ৰতিবাদ আৰু ১১ নৱেম্বৰ, সোমবাৰে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰাৰ পাছতে কঠোৰ হৈ পৰিছে তিনিচুকীয়া জিলা প্ৰশাসন ।

আজি (দেওবাৰ) তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে স্বাক্ষৰিত কৰা এক পত্ৰৰ জৰিয়তে বন্ধৰ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত এই সময়চোৱাত নাগৰিকৰ সাংবিধানিক অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত আৰু তেওঁলোকে সন্মুখীন হ'ব পৰা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰে ।

তিনিচুকীয়াত জাৰি ১৬৩ ধাৰা (ETV Bharat Assam)

১৬৩ ধাৰাৰ নিষেধাজ্ঞা অনুসৰি, তিনিচুকীয়া জিলাখনত অকৰ্তৃত্বশীলভাবে বন্ধৰ আহ্বান জনোৱা, ধৰ্মঘট কৰা, পথ অৱৰোধ কৰা, প্ৰতিমূৰ্তি জ্বলোৱা, নাগৰিকৰ দৈনন্দিন কামত বাধা আৰোপ কৰা আদি সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰিছে । কোনো লোকে এই নিষেধাজ্ঞা উলংঘা কৰিলে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশটোত স্পষ্ট কৰি দিয়া হৈছে ।

তিনিচুকীয়া জাৰি ১৬৩ ধাৰা (ETV Bharat Assam)
তিনিচুকীয়াত জাৰি ১৬৩ ধাৰা (ETV Bharat Assam)

উল্লেখযোগ্য যে, শেহতীয়াকৈ গুৱাহাটীত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে ৰাজ্যৰ ছয় জনগোষ্ঠী জনজাতিকৰণৰ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ছয় জনগোষ্ঠীৰ দল-সংগঠন ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ বিৰুদ্ধে আৰু মটক-মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শনিবাৰে তিনিচুকীয়াত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে এক পুত্তলিকা দাহ কায্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

তিনিচুকীয়া জাৰি ১৬৩ ধাৰা (ETV Bharat Assam)
তিনিচুকীয়াত জাৰি ১৬৩ ধাৰা (ETV Bharat Assam)

সেই প্ৰতিবাদৰ মাজতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ত দুয়োটা সংগঠনে এক যৌথ বৈঠকত মিলিত হৈ এলানি কায্যসূচী ঘোষণা কৰে ৷ লগতে ১১ নৱেম্বৰ সোমবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ঘোষণা কৰে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ কায্যসূচীৰ । এই কায্যসূচীসমূহ ঘোষণা কৰাৰ পাছতে তিনিচুকীয়া জিলা প্ৰশাসনে প্ৰতিবাদ ৰুধিবলৈ জাৰি কৰিছে ১৬৩ ধাৰা ।

লগতে পঢ়ক :জুৱেল ওৰামে জুই জ্বলালে তিনিচুকীয়াত: আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

ABOUT THE AUTHOR

...view details