তিনিচুকীয়া, ২২ জানুৱাৰী :ৰাহুল গান্ধীৰ নেতৃত্বত অসমত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাত বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে ৷ অসমত প্ৰৱেশ কৰিয়ে বিভিন্ন বাধাৰ সন্মুখীন হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ দেওবাৰে শোণিতপুৰৰ জামুগুৰিহাটত উপস্থিত হোৱা ভাৰত জোড়ো যাত্ৰা কনভয়ত আক্ৰমণ কৰে বিজেপি কৰ্মীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত বেয়াকৈ আঘাত কৰে বিজেপি সমৰ্থকে ৷
বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ ভেৰোণীয়া গুণ্ডাবাহিনীয়ে দেওবাৰে ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা প্ৰদান কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে কেইবাজনো কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰে ৷ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ফটোত ভূপেন বৰাৰ ৰক্তপাত হোৱা পৰিলক্ষিত হৈছে ৷ এজন যুৱকে এই আক্ৰমণৰ পৰা উদ্ধাৰ কৰে ভূপেন বৰাক ৷ আনহাতে এই দৃশ্য বন্দী কৰিবলৈ যোৱা সাংবাদিকৰ কেমেৰাও গুণ্ডাবাহিনীয়ে টানি লয় বুলি জানিব পৰা গৈছে ৷ এই আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে ।