অসম

assam

বান বিধ্বস্ত কলিয়াবৰত এতিয়া বাঘ আৰু জাপানীজ এনেকেফেলাইটিছৰ আতংক - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 2:16 PM IST

Assam Flood 2024: তীব্ৰ আতংকৰ মাজত দিন অতিবাহিত কৰিছে কলিয়াবৰৰ ৰাইজে । বানে বিভিষিকাৰ সৃষ্টি কৰাৰ মাজতে বাঢ়নী পানীত পৰি সলিল সমাধি নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী । আনফালে তিনিটাকৈ ঢেকীয়াপতীয়াৰ অৱস্থিতি নিশ্চিত হোৱাৰ পাচতে প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি । ইয়াৰ মাজতে এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ ।

Tigers and Japanese encephalitis scare in flood-ravaged Kaliabor
তীব্ৰ আতংকৰ মাজত কলিয়াবৰবাসী (ETV Bharat Assam)

কলিয়াবৰ,১৩ জুলাই:বানত জুৰুলা কলিয়াবৰবাসী । বানত হাহাকাৰ কৰি থকাৰ মাজতে সংঘটিত হয় এক শোকাবহ ঘটনা । কলিয়াবৰত সলিল সমাধি ঘটে এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ । মৃত ছাত্ৰীগৰাকীৰ নাম ভূমিকা কাচুমাৰ । মিছা আৰক্ষী চকীৰ অন্তৰ্গত হাতীগাঁও চাহ-বাগিচাৰ বাসিন্দা ভূমিকা মিছাস্থিত কস্তুৰবা গান্ধী বিদ্যালয়ৰ ছাত্ৰী আছিল । ছাত্ৰীগৰাকী বিদ্যালয়ৰ ছাত্ৰী নিবাসতে থাকে যদিও গৰমৰ বন্ধত ঘৰলৈ আহিছিল ।

তীব্ৰ আতংকৰ মাজত কলিয়াবৰবাসী (ETV Bharat Assam)

পিচে বাঢ়নী পানীত ভৰি-হাত ধুবলৈ বুলি যাওতেই পিচলি পৰি সন্ধানহীন হৈ আছিল ছাত্ৰীগৰাকী । ঘৰৰ লোকে বহু সময় ধৰি বিচাৰি পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰি জখলাবন্ধা চিকিৎসালয়লৈ নিয়ে যদিও ভূমিকাক চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ইতিমধ্যে মিছা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

লগতে পঢ়ক:বানত প্ৰাণ হেৰুৱালে কাজিৰঙাৰ ১০ টা গঁড়সহ ১৭৪ টা বন্যপ্ৰাণীয়ে - Assam Flood 2024

শিলঘাটত বাঘৰ সন্ত্ৰাস:

"এনেই মৰিছোঁ ঋষিৰ শাপত, তাতে দিছে ধানৰ ভাপত" কলিয়াবৰীয়া ৰাইজৰো এতিয়া এনে এক অৱস্থা । বানৰ সমান্তৰালকৈ কলিয়াবৰত এতিয়া বাঘৰ আতংক । সোণাৰী-কামাখ্যা অঞ্চলত বন বিভাগে নিশ্চিত কৰিছে তিনিটা ঢেকীয়াপতীয়াৰ অৱস্থিতি । কলিয়াবৰ মহকুমা প্ৰশাসনে ইতিমধ্যে ৰাজহুৱা ঘোষণাযোগে সতৰ্ক কৰিছে কলিয়াবৰবাসীক ।

বিশেষকৈ শিলঘাট আৰু দাঁতিকাষৰীয়া ৰবৰ বাগান, কামাখ্যা গাঁও, সোণাৰী গাঁও, সোণাৰী চাহ বাগিচা অঞ্চলৰ ৰাইজক সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে । সোণাৰী চাহ বাগিচাৰ ১৩ নম্বৰ লাইনত বাঘে নিধন কৰিছে দুটাকৈ পশুধন । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ ফলত আশ্ৰয় বিচাৰি কলিয়াবৰৰ কামাখ্যা পাহাৰ আৰু নামনি অঞ্চলত বিচৰণৰ সন্দেহ প্ৰকাশ বন বিভাগৰ ।

লগতে পঢ়ক:বানবিধ্বস্ত মাজুলীত অব্যাহত বাঘৰ আতংক - Tiger Terror At Majuli

প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি:

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ব্যক্তি (ETV Bharat Assam)

বাঘৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ শিলঘাট আৰু দাঁতিকাষৰীয়া ৰবৰ বাগান, কামাখ্যা গাঁও, সোণাৰী গাঁও, সোণাৰী চাহ বাগিচা অঞ্চলৰ ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে । ইতিমধ্যে মহকুমা প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ধাৰা ১৬৩ (১)ৰ অধীনত কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে যোৱা শিলঘাট-কামাখ্যা মন্দিৰ-সোণাৰী গাঁও সংযোগী গড়কপ্তানী পথৰ লগতে শিলঘাট-ৰবৰবাৰীৰ পৰা ত্ৰিশূলধাৰী মন্দিৰ সংযোগী পথত নিষেধাজ্ঞা জাৰি কৰে । বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈকে এই পথ দুটাৰে যাতায়ত কৰাত নিশেধাজ্ঞা জাৰি কলিয়াবৰ মহকুমা প্ৰশাসনৰ ।

লগতে পঢ়ক:বাঘৰ আতংকত ভুগিছে কলিয়াবৰবাসীয়ে - Tiger Scare In Kaliabar

জাপানীজ এনকেফেলাইটিছৰ আতংক:

বান আৰু বাঘৰ আতংকৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাবে অধিক আতংকিত কৰি তুলিছে কলিয়াবৰবাসীক । ইতিমধ্যে এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ । আক্ৰান্ত লোকজন বৰ্তমান চিকিৎসাধীন হৈ আছে গুৱাহাটীত । আক্ৰান্ত ব্যক্তিজন কলিয়াবৰ সোণাৰী গাঁৱৰ সুজিৎ কুমাৰ চাংমাই বৰুৱা বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকে জনোৱা অনুসৰি কিছুদিনৰ পৰা জ্বৰত ভুগি আছিল ব্যক্তিজন । স্থানীয় চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যক্তিজন গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত জটিল অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:১৫ আগষ্টৰ ভিতৰত সকলো ক্ষতিগ্ৰস্তই পাব সাহায্য: অতুল বৰা - Assam Flood 2024

ABOUT THE AUTHOR

...view details