অসম

assam

ETV Bharat / state

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত কিয় বৃদ্ধি পাইছে থাইৰয়ড টিউমাৰ ? - LIVE SURGERY WORKSHOP

থাইৰয়ড টিউমাৰ সম্পর্কে বৰপেটা মেডিকেল কলেজত কৰ্মশালা । থাইৰয়ডৰ লাইভ শল্য চিকিৎসাৰ দুদিনীয়া কৰ্মশালাত অংশগ্ৰহণ ১৩ খন মেডিকেল কলেজৰ বিশেষজ্ঞ চিকিৎসকৰ ।

Thyroid Live Surgery Workshop at Barpeta Medical College
থায়ৰয়ডৰ লাইভ শল্য চিকিৎসাৰ কৰ্মশালা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 4:30 PM IST

বৰপেটা: অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পোৱা থাইৰয়ড টিউমাৰ সম্পর্কে ৰাজ্যৰ নাক, কাণ আৰু ডিঙি বিভাগৰ বিশেষজ্ঞ আৰু জ্যেষ্ঠ চিকিৎসকসকলক লৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত মঙলবাৰে অনুষ্ঠিত হৈছে থাইৰয়ডৰ লাইভ শল্য চিকিৎসাৰ দুদিনীয়া কৰ্মশালা । বৰপেটা মেডিকেল কলেজৰ নাক, কাণ আৰু ডিঙি বিভাগৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাখনত ৰাজ্যৰ ১৩ খন মেডিকেল কলেজৰ নাক, কাণ আৰু ডিঙি বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলে অংশগ্ৰহণ কৰে ।

এই কৰ্মশালাখনত অংশগ্ৰহণ কৰা বিশেষজ্ঞ চিকিৎসকসকলক থাইৰয়ড ৰোগৰ শল্য চিকিৎসাৰ সাতটাকৈ লাইভ প্ৰদৰ্শনৰ জৰিয়তে থাইৰয়ড টিউমাৰৰ শল্য চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নৱতম পদ্ধতি সম্পৰ্কে অৱগত কৰোৱা হয় । এই কৰ্মশালাখনতে অসমৰ কেউখন মেডিকেল কলেজৰ নাক, কাণ আৰু ডিঙি বিভাগৰ চিকিৎসা সম্পৰ্কেও বিশেষ আলোচনা অনুষ্ঠিত হয় ।

থায়ৰয়ডৰ লাইভ শল্য চিকিৎসাৰ কৰ্মশালা (ETV Bharat Assam)

এই আলোচনাৰ জৰিয়তে প্ৰতিখন মেডিকেল কলেজৰ নাক, কাণ আৰু ডিঙি বিভাগৰ চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতাৰে আৰু তথ্য সৰবৰাহৰ জৰিয়তে চিকিৎসা আগবঢ়োৱা সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিশেষকৈ তথ্য সংগ্ৰহ আৰু সৰবৰাহৰ জৰিয়তে গৱেষণা কৰি নাক, কাণ আৰু ডিঙি বিভাগৰ চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাৰ এক যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

কৰ্মশালাত গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলত ৰাজ্যখনৰ নাক, কাণ আৰু ডিঙি বিভাগৰ ৰোগীসকল নিশ্চিতভাৱে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে বৰপেটা মেডিকেল কলেজৰ নাক, কাণ আৰু ডিঙি বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ জ্যোতিৰ্ময় ফুকনে । ফুকনে কয়,"এই গোটেই কাৰ্যসূচীত অসমৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপকসকলে অংশগ্ৰহণ কৰিছে । আমি এই কাৰ্যসূচী দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ । ইয়াৰ জৰিয়তে ৰোগীক আমি শ্ৰেষ্ঠ চিকিৎসা প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম ।"

লগতে পঢ়ক:নেপালী সাহিত্যিক বিদ্যাপতি দাহালক প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ প্ৰদান - PRAGJYOTISHPUR LITERATURE AWARD

প্ৰভাকৰ-সুশীলাৰ পদক্ষেপে দৃষ্টিহীনক প্ৰদান কৰিছে মনৰ দৃষ্টি - DRISHTIKON FOUNDATION

ABOUT THE AUTHOR

...view details