তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ কাকপথাৰত বুধবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজনকৈ লোক নিহত হোৱা বুলি ধাৰণা কৰা হৈছে ৷ নিহত লোককেইজন অৰুণাচলৰ আৰক্ষীত কৰ্মৰত নৱনিযুক্ত কনিষ্টবল নাৰায়ণ ডুবে (২৪), পিতৃ শ্যাম কুমাৰ ডুবে (৬০) আৰু মাতৃ মঞ্জু দেৱী (৫০) ৷
কাকপথাৰৰ নৱজ্যোতিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ পৰিয়ালৰ লোকে সদৰী কৰা অনুসৰি নাৰায়ণ ডুবেই আৰক্ষীৰ চাকৰি লাভ কৰাৰ পিছত ১০ মহীয়া প্ৰশিক্ষণ শেষ কৰি বান্দৰদেৱাৰ পৰা তেজু অভিমুখে ঘৰলৈ আহি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ তেওঁৰ পিতৃ শ্যাম কুমাৰ ডুবে আছিল মন্দিৰৰ পূজাৰী ।
দুৰ্ঘটনাগ্ৰস্ত হুণ্ডাই i10 বাহনখনৰ চালকৰ আসনত আছিল নাৰায়ণ ডুবে ৷ তেওঁ পৰিয়ালসহিত বান্দৰদেৱাৰ পৰা তেজুলৈ আহি থকা সময়তে মাজবাটতে এখন ডাম্পাৰৰে মুখামুখি সংঘৰ্ষত পতিত হয় ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে আৰক্ষীক এই বিষয়ে অৱগত কৰে ৷ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷