অসম

assam

ETV Bharat / state

ADRE ৰ প্ৰশ্নকাকত ফাদিলকাণ্ডৰে জড়িত তিনিজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ - ADRE 2024 Paper Leak - ADRE 2024 PAPER LEAK

ADRE Paper Leak: ADRE ৰ প্ৰশ্নকাকত ফাদিলত জড়িত তিনিজনক জেল হাজোলৈ প্ৰেৰণ । বাকী ৫ জনক জিম্মাত ৰাখি অধিক তথ্য বাবে জেৰা অব্যাহত জোনাই আৰক্ষীৰ ।

Three involved in ADRE question paper leak case sent to jail
প্ৰশ্নকাকত ফাদিলকাণ্ডৰে জড়িত তিনিজনক জেল হাজোতলৈ প্ৰেৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 9:07 PM IST

জোনাই, ১৮ ছেপ্টেম্বৰ: তীব্ৰতৰ হৈছে এ ডি আৰ ইৰ প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া । আৰক্ষীয়ে প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাচতে এই কাৰ্যৰে জড়িত থকাৰ সন্দেহত মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে ৮ জনকৈ লোকক । এ ডি আৰ ইৰ প্ৰশ্নকাকত ভাইৰেল সংক্ৰান্তত ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আঠগৰাকী ব্যক্তিক মঙলবাৰে নিশা জোনাই থানালৈ সোধ-পোচৰ বাবে অনা হয় ।

সোধ-পোচ অন্তত মঙলবাৰে আঠজনকে দুপৰীয়া সময়ত জোনাই চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ পিচত জোনাই মহকুমা আৰক্ষী বিষয়া তথা উক্ত ঘটনাৰ তদন্তকাৰী বিষয়া প্ৰাণজিত লহকৰে আঠজন অভিযুক্তক জোনাই মহকুমাৰ ন্যায়িক আদালতলৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে এ ডি আৰ ইৰ প্ৰশ্নকাকত ভাইৰেল সংক্ৰান্তত ধেমাজি আৰক্ষীয়ে কেন্দ্ৰটোৰ দায়িত্ববাহী বিষয়া বিমল মুছাহাৰী, পৰ্যবেক্ষক গোপাল তামুলী, এলবাৰ্ট দেউৰী, পৰীক্ষা নীৰিক্ষক মনোহৰ নাৰ্জাৰী, আমেশ ব্ৰহ্ম আৰু দিলীপ দৈমাৰী, মূল অভিযুক্ত ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰী আৰু পৰীক্ষাৰ্থী দীজেন বড়োক গ্ৰেপ্তাৰ কৰে ।

ভাৰতীয় ন্যায় সংহিতাৰ জৰিয়তে চিমেন চাপৰি আৰক্ষী থানাৰ Case No 37/24 U/S 61(2)/316(4)/316(5)BNS RW Sec10(2) of The Assam Public Examination Act 24 জৰিয়তে অভিযুক্তক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কাৰোৱা পিচতে কেন্দ্ৰটোৰ দায়িত্ববাহী বিষয়া বিমল মুছাহাৰী, পৰ্যবেক্ষক, গোপাল তামুলী, এলবাৰ্ট দেউৰীক জেল হাজোলৈ প্ৰেৰণ কৰে । বাকী ৫ জনক জোনাই আৰক্ষী জিম্মাত ৰাখিছে বুলি সদৰী কৰে তদন্তকাৰী বিষয়াই । ধেমাজিৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেশ্যনেল একাডেমী কেন্দ্ৰত ব্যৱহৃত প্ৰশ্ন কাকত ভাইৰেল হোৱাৰ বাতৰি বিয়পি পৰাৰ পিচতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক:ADRE ৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত ৮ জনক গ্ৰেপ্তাৰ - ADRE Question Paper Leak

ADRE ৰ কাকত ফাদিলক লৈ মুখ্যমন্ত্ৰীৰ ভাষ্য; পৰীক্ষাৰ পাছত প্ৰশ্ন কাকতৰ মূল্য বিয়াৰ পিছৰ পেণ্ডেলৰ দৰে - ADRE Question Paper Leak

ABOUT THE AUTHOR

...view details