অসম

assam

ETV Bharat / state

সাহিত্য সভা ভৱনত চোৰৰ হাত চাফাই : মাছৰ পেটু ভজাৰে চোৰে পেট ভৰাই খাই গ’ল একাঁহী - Theft at Sahitya Sabha Bhawan - THEFT AT SAHITYA SABHA BHAWAN

Theft in Dibrugarh: মন্দিৰ-মছজিদত চুৰি হোৱাৰ কথা আপুনি শুনিছে ৷ সৰু সৰু চাৰিচকীয়া বাহনত গৰু-ছাগলী চুৰি কৰা ঘটনাও আপুনি দেখিছে ৷ সৰু-সুৰা চোৰৰ পৰা ডাঙৰ ডাঙৰ চোৰলৈকে আপুনি অনেক কাহিনী শুনিছে বা পঢ়িছে ৷ এইবাৰ চাওক সাহিত্য সভা ভৱনৰ চুৰিৰ কাহিনী...

Theft in Dibrugarh
THEFT AT SAHITYA SABHA BHAWAN (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 30, 2024, 6:08 PM IST

ডিব্ৰুগড়, 30 মে':চোৰ আৰু চুৰি, এই দুয়োটা শব্দৰ সৈতে আপুনি নিশ্চয় পৰিচিত ৷ চুৰি ক’ত নহয়, সৰু সৰু গাঁৱৰ পৰা ডাঙৰ ডাঙৰ নগৰলৈকে চুৰি সকলোতে হয় ৷ সময়ৰ লগে লগে চুৰিৰ ধৰণবোৰো সলনি হৈছিল ৷ আজিৰ পৰা কিছু বছৰ আগলৈকে গাঁওবোৰত যেতিয়া চুৰি হয় তেতিয়া প্ৰায়বোৰ চোৰেই বস্তু সৰকাবলৈ সিন্ধি খান্দিছিল ৷ চুৰিবোৰ প্ৰায়ভাগ ৰাতিয়েই হৈছিল ৷ কিন্তু বৰ্তমান দিনৰ পোহৰতে দুৱাৰ, চিলিং আদি ভাঙি চোৰে লুটি নিয়ে গৃহস্থৰ সম্পত্তি ৷ আগতে মানুহৰ ঘৰতেই বেছিভাগ চুৰিকাণ্ড সংঘটিত হৈছিল ৷ কিন্তু এতিয়া চোৰে ঈশ্বৰৰ ঘৰতো অৰ্থাৎ মন্দিৰ, মছজিদ আদিতো চুৰি কৰিবলৈ ল’লে ৷

সাহিত্য সভা ভৱনত চোৰৰ হাত চাফাই (ETV Bharat Assam)

লগতে পঢ়ক:পলাশবাৰীৰ ঐতিহাসিক গোপাল মন্দিৰত চুৰিকাণ্ড - Theft Incident In Palasbari

আমি আপোনালোকক চোৰৰ আখ্য়ান পঢ়ুৱাব খোজা নাই এই প্ৰতিবেদনত ৷ কিন্তু, আমি ক’ব খোজা চুৰিকাণ্ডটো এনেস্থানত সংঘটিত হৈছে যে, দুশাৰী বহলাই লিখিবই লাগিব ৷ চোৰৰনো কি আছে আচাৰ-বিচাৰ, য’তেই সুবিধা পাই হাতচাফা কৰিব পাৰিলেই হ’ল ৷ সেইবুলি এইটো গৃহত সোমাব নালাগিছিল চোৰ ৷ সোমালতো সোমালেই বস্তু সৰকাবলৈ গাৰ জোৰ গোটাবলৈ মাছে-ভাতে খাই ল’লে ঘৰটোৰ ভিতৰতে ৷

লগতে পঢ়ক:সত্ৰাধিকাৰৰ তৎপৰতাত জব্দ চোৰাং গৰুসহ বিলাসী বাহন - Cow smuggling in Dibrugarh

চুৰিকাণ্ডটো সংঘটিত হৈছে সাহিত্য সভা ভৱনত ৷ সাহিত্য সভা ভৱন বুলিলে সাধাৰণতে মানুহে কিতাপ-পত্ৰ আদিৰ সন্ধানত আহে ৷ কিন্তু চোৰ আহিল অন্য সমাগ্ৰীৰ সন্ধানত ৷ ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ চৌকিডিঙ্গী খেলপথাৰৰ সমীপতে আছে ডিব্ৰুগড় সাহিত্য সভা ভৱন ৷ এই ভৱনটোৰ চোৱাচিতাৰ বাবে নৈশ চকীদাৰৰ দায়িত্বত আছিল প্ৰফুল্ল হাজৰিকা নামৰ ব্যক্তিগৰাকী ৷ নিশা ভাত-পানী খাই পৰিয়ালৰ সৈতে তেওঁ শুই পৰাৰ পিচতেই তেওঁ থকা কোঠাটোত চোৰে চলালে লুট-পাত ৷

লগতে পঢ়ক:ধেমাজি নগৰৰ মাজমজিয়াত গাড়ীৰ গ্লাছ ভাঙি লুটিলে ধন - Dhemaji theft incident

টেলিভিছন, পাঁচখন শৰাই, বানবাটি, কাঁহী, বঁটা আদি বিভিন্ন সামগ্ৰী লৈ উধাও হ’ল চোৰ ৷ চুৰি কৰি উভতি যোৱাৰ পূৰ্বে কোঠাটোৰ ফ্ৰীজত থকা মাছৰ পেটু ভজাৰে ভাতো খাই গ’ল চোৰে ৷

আনহাতে পুৱা স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰা পাচতেই আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । আৰক্ষীয়ে সাহিত্য সভা ভৱনৰ চৌহদৰ পৰা টেলিভিছনটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আন সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল । ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াৰ সাহিত্য সভা ভৱনত সংঘটিত হোৱা এনে চুৰিকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:আৰক্ষীৰ পোচাকত আহিল ডকাইত, লুটি নিলে লক্ষাধিক টকাৰ সম্পত্তি - Robbery case in Gouripur

ABOUT THE AUTHOR

...view details