অসম

assam

নাৰী দিৱসত চৰ্চাত এগৰাকী প্ৰকৃত লাখপতি বাইদেউ

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 1:37 PM IST

International Womens Day : আজি আন্তৰ্জাতিক নাৰী দিৱস । নাৰী দিৱসত চৰ্চাত এগৰাকী উদ্যমী নাৰী । ধেমাজিৰ উদ্যমী মহিলাগৰাকীয়ে দেখুৱাইছে কৰ্ম-সংস্কৃতিৰ উত্তম নিদৰ্শন । কোন এই বিশেষ মহিলা । জানিবলৈ চাওক এই প্ৰতিবেদন ।

The story of a self reliant woman in Dhemaji
নাৰী দিৱসত চৰ্চাত এগৰাকী প্ৰকৃত লাখপতি বাইদেউ

নাৰী দিৱসত চৰ্চাত এগৰাকী প্ৰকৃত লাখপতি বাইদেউ

ধেমাজি, ৮ মাৰ্চ : কোনে কয় নাৰী অৱলা ? আজিৰ নাৰী কোনোগুণে কম নহয় পুৰুষতকৈ । আন্তৰ্জাতিক নাৰী দিৱসত চৰ্চাত এগৰাকী উদ্যমী নাৰী । আজি আন্তৰ্জাতিক নাৰী দিৱস । নাৰীৰ অধিকাৰৰ দাবীত, পুৰুষ-নাৰীৰ মাজৰ বৈষম্য দুৰ কৰাকে আদি কৰি বিভিন্ন উদ্দেশ্যৰে পালন কৰা এই দিৱসটি ।

এই বিশেষ দিনটিত চৰ্চালৈ আহিছে ধেমাজিৰ এগৰাকী উদ্যমী মহিলাৰ নাম । যি সময়ত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত 'লাখপতি বাইদেউ'ৰ বাবে এখন আবেদন পত্ৰ বিচাৰি হাজাৰ হাজাৰ মহিলাই কাৰ্যালয়ে কাৰ্যালয়ে ভিৰ কৰিছে সেই সময়ত ধেমাজিৰ এগৰাকী মহিলাই ঘৰৰ সামান্য কোঠা এটাৰ পৰাই নীৰৱে কাম কৰি মাহেকত উপাৰ্জন কৰিছে লাখে লাখে টকা ৷

প্ৰকৃত লাখপতি বাইদেউ লক্ষীমণি দাস । লক্ষীমনিয়ে ঘৰতে গঢ়িছে ধূপ কাঠিৰ উদ্যোগ । লক্ষীমণিয়ে মাটি বন্ধকত থৈ প্ৰথমে আৰম্ভ কৰিছিল ব্যৱসায় ৷ সপোনে পোখা মেলিছিল ঘৰৰ সামান্য জৰাজীৰ্ণ কোঠাৰ এটিৰ পৰাই ৷ ৰাস্তাইদি যোৱা যিকোনো মানুহক উৎপাদিত ধূপ লবলৈ খাতিৰ কৰিছিল মহিলাগৰাকীয়ে । বহুতে অসমীয়া মানুহে ভাল ধুপ প্ৰস্তুত কৰিব নাজানে বুলিও কৰিছিল বিদ্ৰূপ ৷ পিছে সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি লক্ষীমণিয়ে কৰি গ'ল নিজৰ কাম ।

অৱশেষত ধেমাজিৰ লগতে বিভিন্ন ঠাইত সমাদৃত হৈ পৰিল 'আসাম হেৰিটেজ' আৰু 'আৰতি' ব্ৰেণ্ডৰ ধূপ কাঠি ৷ এতিয়া আৰু পিছলৈ ঘুৰি চোৱাৰ সময় নাই ৷ গাড়ী আৰু চাইকেলেৰে বহু ব্যৱসায়ীয়ে ঘৰৰ পৰা লৈ যায় লক্ষীমণিৰ ক্ষুদ্ৰ উদ্যোগত প্ৰস্তুত হোৱা ধূপকাঠি ৷ এতিয়া এটা মাহত ব্যৱসায় কৰে পঁচিশ লাখ টকা ৷

২০১৬ চনতেই গুজৰাট আৰু NHPC ত প্ৰশিক্ষণ গ্ৰহণ কৰি ঘৰতে এটা মেচিনেৰে আৰম্ভ কৰা ক্ষুদ্ৰ উদ্যোগটোত এতিয়া সংস্থাপন পাইছে আন বহু কেইগৰাকী মহিলায়ো । দুটা মেচিনেৰে ধুপ প্ৰস্তুত কৰি খুচুৰা উপৰিও পাইকাৰীত বিক্ৰী কৰে ৷ বৰ্তমান ধেমাজি জিলাৰ উপৰিও বিভিন্ন প্ৰান্তলৈ লক্ষীমণিয়ে প্ৰেৰণ কৰে ধূপকাঠি ৷

লক্ষীমণিৰ ভৱিষ্যত পৰিকল্পনা আৰু চৰকাৰলৈ আহ্বান উদ্যোগটো কিছু প্ৰসাৰিত কৰিব পাৰিলে স্থানীয় আৰু আন দহগৰাকী মহিলাক সংস্থাপিত কৰিব পাৰিব ৷ ইফালে লক্ষীমণি আগৰৱতীত কাম কৰি সুখী বুলি ব্যক্ত কৰে কৰ্মৰত আন আন মহিলাসকলেও । এয়াই হৈছে অসমীয়া নাৰী । যি সকলো ফালেই পাৰ্গত । নাৰী যে পুৰুষতকৈ কোনা গুণেই কম নহয় সেই কথাকে প্ৰমাণিত কৰি লক্ষীমণি আদৰ্শ হৈ পৰিছে আন দহগৰাকী মহিলাৰ বাবে ।

লগতে পঢ়ক:ডিব্ৰুগড় বিমানবন্দৰত ঢোলে-ঢগৰে আদৰণি লাভলীনা বৰগোহাঁইক

ABOUT THE AUTHOR

...view details