গুৱাহাটী, ১৩ ছেপ্টেম্বৰ :গুৱাহাটী মহানগৰৰ সমীপৱৰ্তী সোণাপুৰ ৰাজহ চক্ৰৰ দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ ভূমি সন্দেহযুক্ত নাগৰিক বুলি প্ৰশ্ন উঠা লোকৰ দ্বাৰা বেদখল হোৱা আৰু উচ্ছেদ অভিযানকালত ২ জন লোক নিহত হোৱাৰ লগতে ২২ গৰাকী আৰক্ষী-প্ৰশাসনৰ লোক আহত আৰু ১৩ গৰাকী সাধাৰণ লোক আহত হোৱা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ লগাইছে । বিষয়টোক লৈ ৰাজনৈতিক বিতৰ্কও আৰম্ভ হৈছে । এতিয়া প্ৰশ্ন হ'ল- এনে এক অনাহূত পৰিস্থিতি কেনেকৈ সৃষ্টি হ'বলৈ পালে ? কেনেকৈ অনুসূচিত জনজাতি লোকৰ বাবে সংৰক্ষিত ট্ৰাইবেল বেল্টৰ ভূমি বৃহৎ পৰিমাণে বেদখল কৰিব পাৰিলে অজনজাতি পমুৱালোকে ।
এদিনীয়া নহয় সোণাপুৰৰ এই সংঘবদ্ধ বেদখল :
গুৱাহাটীৰ পৰা মাত্ৰ ৩০ কিলোমিটাৰ দূৰত্বত থকা সোণাপুৰ এক সাংবিধানিকভাৱে জনজাতি লোকৰ সংৰক্ষিত অঞ্চল । ট্ৰাইবেল বেল্ট আৰু ব্লকৰ অধীনত আছে সোণাপুৰৰ বৃহৎ সংখ্যক গাঁও । ইয়াৰ সোণাপুৰ ৰাজহ চক্ৰৰ মুঠ ১৪৫ খন গাঁৱৰ ভিতৰত ১২২ খন গাঁও জনজাতি বেল্টৰ অংশ । উল্লেখ্য যে অসম ভূমি আৰু ৰাজহ নিয়মাৱলী, ১৮৮৬ সংশোধনী আইন, ১৯৪৭ৰ দশম অধ্যায়ৰ ১৬১ নং ধাৰাত ৰাজ্য চৰকাৰে ট্ৰাইবেল বেল্ট আৰু ট্ৰাইবেল ব্লক গঠন কৰিছিল ।
সোণাপুৰৰ তিনিখন গাঁও - কচুতলী পথাৰ, সোণাপুৰ পথাৰ আৰু গোমৰীয়া পথাৰত দীৰ্ঘসময় ধৰি বেদখল কৰা হৈছে বুলি চৰকাৰী তথ্যতো প্ৰকাশ পাইছে । সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী পথাৰ, সোণাপুৰ পথাৰ আৰু গোমৰীয়া পথাৰ আদি অঞ্চলত থকা দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ চৰকাৰী আৰু ম্যাদী পট্টাৰ ভূমিত অনা জনজাতি তথা বাংলাদেশৰ পৰা প্ৰব্ৰজিত পমুৱা নাগৰিকে বেদখল কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া । চৰকাৰকো বিভিন্ন সময়ত দল-সংগঠনে এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছিল ৷
সোণাপুৰৰ উচ্ছেদৰ আঁৰৰ কাহিনী :
যোৱা ২২ আগষ্টৰ নিশা সোণাপুৰৰ কলংপাৰ নামৰ অঞ্চলত গাঁওৰক্ষী বাহিনীৰ এটা দলে দুখনকৈ ট্ৰেক্টৰ জব্দ কৰিছিল । ৰাষ্ট্ৰীয় ঘাইপথৰ সেই ট্ৰেক্টৰ দুখনত ঘৰ নিৰ্মাণ কৰা সামগ্ৰীৰ লগতে গছপুলি আদি কঢ়িয়াই লৈ আহিছিল । স্থানীয় দল-সংগঠনে দীৰ্ঘদিনে কৰি অহা অভিযোগৰ প্ৰমাণ পুনৰ এবাৰ লাভ কৰাত স্থানীয় দল-সংগঠন আদিয়ে বিষয়টোত সক্ৰিয় হৈ পৰিছিল । জনজাতিৰ বাবে সংৰক্ষিত ট্ৰাইবেল বেল্টৰ ভূমি অ-জনজাতীয় লোকে বেদখল কৰা গুৰুতৰ বিষয়টো প্ৰশাসনৰ যোগেদি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ টেবুল পোৱালেগৈ স্থানীয় দল-সংগঠনে । বিষয়ৰ গুৰুত্ব বুজি মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক উচ্ছেদৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ৷
সেই অনুসৰি প্ৰশাসনে সোণাপুৰৰ বেদখলকৃত অঞ্চলত আৰম্ভ কৰে উচ্ছেদ অভিযানৰ প্ৰস্তুতি । প্রদ্যুত বৰা নামৰ এজন ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৭৮/২০১২ নম্বৰৰ জনস্বার্থজড়িত গোচৰত ন্যায়ালয়ে সমগ্র অসমৰ ট্রাইবেল বেল্ট/ব্লকসমূহত হোৱা বেদখল মুক্ত কৰিবলৈ অসম চৰকাৰ তথা জিলা আযুক্তসকলক হুকুম জাৰি কৰি থৈছে । সদৌ অসম ট্রাইবেল সংঘ আৰু অন্যান্য জাতীয় সংগঠনৰ তথ্য ভিত্তিক অভিযোগ আৰু উচ্চ ন্যায়ালৰ হুকুমৰ আলমত ৰাজ্য চৰকাৰে এই উচ্ছেদ অভিযান আৰম্ভ কৰে ।
মনকৰিবলগীয়া যে উচ্ছেদৰ ১১ দিনৰ পূৰ্বে মাইকযোগে প্ৰশাসনে বেদখলকৃত অঞ্চল ত্যাগ কৰি আঁতৰি যাবলৈ বেদখলকাৰীক ৰাজহুৱাকৈ আহ্বান জনাইছিল । একাংশ লোক আঁতৰি গৈছিল যদিও আন একাংশই এৰি যোৱা নাছিল বেদখলকৃত ভূমি । অৱশেষত প্ৰশাসনে আৰক্ষীৰ সহায়ত অঞ্চলটোৰ জনজাতিৰ বাবে সংৰক্ষিত বেদখলকাৰীৰ দখলত থকা সোণাপুৰ পথাৰ, কচুতলী, গোমৰীয়া পথাৰ আদি দক্ষিণ কামৰূপ জনজাতিৰ বেষ্টনীৰ অন্তৰ্গত অঞ্চলটো ১৩ টা খণ্ডত বিভক্ত কৰি ৯ ছেপ্টেম্বৰৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে ।
নিশাটোৰ ভিতৰতে গজগজীয়াকৈ কৰে ঘৰ নিৰ্মাণ :