অসম

assam

ETV Bharat / state

দ্য সাবৰমতী ৰিপ’ৰ্ট: চলচ্চিত্ৰ বিতৰকলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ চিঠি - THE SABARMATI REPORT

6 ডিচেম্বৰৰ পৰা অসমৰ প্ৰতিটো ছবিগৃহতে দিনৰ 2 বজা আৰু বিয়লি 5 বজাত প্ৰদৰ্শন হ'ব পাৰে দ্য সাবৰমতী ৰিপ’ৰ্ট ৷

Etv Bharat
Etv Bharat (Etv Bharat)

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 3:49 PM IST

হায়দৰাবাদ:দ্য সাবৰমতী ৰিপ’ৰ্ট ৷ সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷

অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত এই বহুচৰ্চিত ছবিখন উপভোগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৷ শেহতীয়াকৈ এই বিশেষ ছবিখনক লৈ অসম চৰকাৰো তৎপৰ হৈ পৰিছে ৷

মন্ত্ৰী পীযুষ হাজৰিকাৰ চিঠিখন (ETV Bharat Assam)

ৰাজ্যৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে সমগ্ৰ উত্তৰ-পূবৰ চলচ্চিত্ৰ বিতৰকসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, যিখন পত্ৰত কোৱা হৈছে এইবুলি যে দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখনক লৈ ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ অসমৰ লোকেও ছবিখনৰ বিষয়ে ভাল চৰ্চা আৰম্ভ কৰিছে আৰু সকলোৱে ছবিখন চাব বিচাৰিছে ৷ সেয়ে পৰৱৰ্তী শুকুৰবাৰ অৰ্থাৎ 6 ডিচেম্বৰৰ পৰা প্ৰতিটো ছবিগৃহতে যাতে দিনৰ 2 বজা আৰু বিয়লি 5 বজাত দ্য সাবৰমতী ৰিপ’ৰ্টৰ শ্লট ৰখা হয় আৰু ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় ৷

উল্লেখ্য যে ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধৰা ষ্টেচনৰ ওচৰত সাবৰমতী এক্সপ্ৰেছৰ এছ-৬ দবাক জ্বলাই দিয়াৰ ঘটনাই এই ছবিখনৰ মূল উপজীব্য ৷ ইতিমধ্যে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট আৰু ৰাজস্থানকে ধৰি একাধিক ৰাজ্যত দ্য সাবৰমতী ৰিপ’ৰ্টক কৰমুক্ত ঘোষণা কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেও সংসদ ভৱনত ছবিখন চাই উঠি ইয়াৰ প্ৰশংসা কৰি এই শোকাৱহ ঘটনাৰ আঁৰৰ সত্যৰ এক গুৰুত্বপূৰ্ণ উন্মোচন বুলি অভিহিত কৰিছে ।

ধীৰাজ ছাৰ্নাৰ পৰিচালনাত নিৰ্মিত দ্য সাবৰমতী ৰিপ’ৰ্টত বিক্ৰান্ত মেছি, ৰাশি খান্না আৰু ৰিদ্ধি ডোগ্ৰাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । উল্লেখ্য যে ইয়াৰ পূৰ্বে দ্য কাশ্মীৰ ফাইলছ ছবিখন প্ৰদৰ্শনৰ সময়তো এই ধৰণৰ বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছিল অসম চৰকাৰে ৷

লগতে পঢ়ক:সংসদত দ্য সাবৰমতী ৰিপ’ৰ্টৰ স্ক্ৰীণিঙত বিৰতিৰ প্ৰশ্ন এৰাই চলিলে বিক্ৰান্ত মেছিয়ে

ABOUT THE AUTHOR

...view details