অসম

assam

ETV Bharat / state

স্পীড ব্ৰেকাৰ নহয় বেৰিকেড দিব লাগিব : কিয় ক'লে বিজুলী কলিতা মেধিয়ে ? - MP Bijuli Kalita Medhi

MP Bijuli Kalita Medhi in Goalpara: মঙলবাৰে দুধনৈত উপস্থিত হৈ বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰে নৱ-নিৰ্বাচিত বিজেপি সাংসদ বিজুলী কলিতা মেধি । বিজেপিৰ বিজয়ৰথ স্তব্ধ কৰিবলৈ বিৰোধীয়ে স্পীড ব্ৰেকাৰ নহয় বেৰিকেড দিব লাগিব বুলি দাবী নৱ-নিৰ্বাচিত বিজেপি সাংসদগৰাকীৰ ৷

goalpara_bjp_meeting
দুধনৈত নৱ-নিৰ্বাচিত বিজেপি সাংসদ বিজুলী কলিতা মেধি (Etv bharat assam)

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 3:46 PM IST

গোৱালপাৰা, 19 জুন: “বিৰোধীক বাধা দিবলৈ স্পীড ব্ৰেকাৰ নহয় বেৰিকেড দিব লাগিব"- এই মন্তব্য নৱ-নিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধিৰ ৷ 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত বিজয় সাব্যস্ত কৰা নৱ-নিযুক্ত সাংসদ বিজুলী কলিতা মেধিয়ে সাংসদ হিচাবে মঙলবাৰে প্ৰথমবাৰৰ বাবে দুধনৈত উপস্থিত হৈ বিৰোধী সন্দৰ্ভত এই মন্তব্য আগবঢ়ায় ৷

দুধনৈত নৱ-নিৰ্বাচিত বিজেপি সাংসদ বিজুলী কলিতা মেধি (Etv bharat assam)

সাংসদ হৈ প্ৰথমবাৰৰ বাবে দুধনৈত উপস্থিত হোৱা বিজুলী কলিতা মেধিক গোৱালপাৰা জিলা বিজেপিৰ উদ্যোগত মঙলবাৰে দুধনৈ জনমন্দিৰ সাংস্কৃতিক ভৱন প্ৰাংগণত বিশেষভাবে সম্বৰ্দ্ধনা জনোৱা হয় ৷ গোৱালপাৰা বিজেপিৰ লগতে অন্যান্য দল সংগঠনে আৰু বিজেপিৰ জিলা তথা মণ্ডল ব্লক পৰ্যায়ৰ কৰ্মকৰ্তাসকলেও সম্বৰ্দ্ধনা জনাই সাংসদগৰাকীক ৷

সম্বৰ্দ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে কয়, "বিগত নিৰ্বাচনৰ সময়ছোৱাত দুধনৈ সমষ্টি আৰু গোৱালপাৰা পশ্চিম সমষ্টিৰ ৰাইজ আৰু দলীয় কৰ্মকৰ্তাই যথেষ্ট সহায়-সহযোগিতা আগবঢ়াইছে আৰু যাৰ বাবে সমষ্টিটোত বিপুলসংখ্যক ভোট লাভ কৰি জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাইজৰ মৰমৰ বাবেই মই সংসদৰ মজিয়াত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছো ৷ মই পৰৱৰ্তী সময়ত ৰাইজৰ লগত একেলগ হৈ দুয়োটা সমষ্টিৰ সমস্যাসমূহ সমাধানৰ বাবে কাম কৰিম ৷"

সাংসদগৰাকীয়ে পুনৰ কয়, "সন্মুখত পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচন আহি আছে ৷ বিৰোধীয়ে যাতে কোনোপধ্যে এই সমষ্টিত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ৰাইজ সজাগ হৈ থাকিব লাগিব ৷ আগন্তক বিধানসভা নিৰ্বাচনত অসমৰ প্ৰতিটো সমষ্টি বিজেপি মিত্ৰজোঁটৰ দখললৈ আনিবলৈ আৰু বিৰোধীক ৰুধিবলৈ আমি এতিয়াৰে পৰাই কাম কৰি যাব লাগিব ।"

লগতে পঢ়ক:উমানন্দত সেৱা ল’লে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে - BIJULI KALITA MEDHI

ABOUT THE AUTHOR

...view details