গুৱাহাটী :অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ অভিযোগেৰে পদত থকাৰ বিৰোধিতা কংগ্ৰেছৰ ৷ অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিলে অসম বিধানসভাৰ বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াই ৷ ভাৰতৰ সংবিধানৰ নীতি-নিয়ম বিৰোধী কাৰ্যৰে আৰ্থিক লাভজনক আন পদত থাকি অসম চৰকাৰৰ মহাধিবক্তা হৈ বিশেষাধিকাৰ আৰু কৰ্তব্যৰ উলংঘা কৰিছে দেৱজিৎ লন শইকীয়াই ৷ এই অভিযোগ অসমৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াৰ ।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগতে দেবব্ৰত শইকীয়াই পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ ৰাজ্যপাললৈ । উল্লেখ্য যে, শেহতীয়াভাৱে আইচিচিৰ বৰ্ড অব ডাইৰেক্টৰছৰ সদস্যৰ লগতে বিচিচিআইৰ সচিব পদ অলংকৃত কৰিছে দেৱজিৎ লন শইকীয়াই । বিচিচিআইৰ এনে শীৰ্ষ পদ লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে দেৱজিৎ লন শইকীয়া । আনহাতে ২০২১ চনৰ ২১ জুনত দেৱজিৎ লন শইকীয়াই অসম চৰকাৰৰ মহাধিবক্তাৰূপে দায়িত্ব গ্ৰহণ কৰিছিল ।
মহাধিবক্তা হিচাপে থকাৰ বিৰোধিতা কংগ্ৰেছৰ
বিচিচিআইৰ সচিব পদ আৰু আইচিচিৰ সঞ্চালক মণ্ডলীৰ সদস্য পদৰ লগত মহাধিবক্তাৰ সাংবিধানিক পদৰ স্পষ্ট সংঘাতৰ পৰিপেক্ষিতত দেৱজিৎ লন শইকীয়া এতিয়া ৰাজ্যৰ মহাধিবক্তা হৈ থকাৰ বিৰোধিতা কংগ্ৰেছ দলৰ । কংগ্ৰেছৰ যুক্তি-অসম বিধানসভাৰ ভোটবিহীন সদস্য হিচাপে কাৰ্য নিৰ্বাহ কৰি থাকি বিচিচিআইৰ সচিব হিচাপে পদ গ্ৰহণ কৰাটো বিশেষাধিকাৰ ভংগ হ'ব । বিধানসভাৰ সকলো সদস্যই একেদৰে নিয়ম মানি চলিব লাগিব । বিশেষকৈ অসমৰ সৰ্বোচ্চ আইনী বিষয়াগৰাকী যিয়ে অসম চৰকাৰে আইনৰ কাম চোৱা-চিতা কৰে তেওঁ সেয়া মানিব লাগিব । একেজন ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ বাবে আইন ভাঙিব নোৱাৰে ৷
এই পত্ৰ প্ৰসংগত দেবব্ৰত শইকীয়াই ধেমাজিত সংবাদ মাধ্যমৰ সন্মুখত কয়, "এজন অসমীয়া হিচাপে মই ভাল পাইছো যে দেৱজিৎ লন শইকীয়াই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সচিবৰ দৰে পদত অলংকৃত হৈছে । ভৱিষ্যতে অধ্যক্ষও হ'ব পাৰে । সেইটো আমাৰ বাবে ভাল কথা । কিন্তু তেখেত আমাৰ অসম ৰাজ্যৰ মহাধিবক্তা । অৰ্থাৎ চৰকাৰক যিকোনো গোচৰত অভিযুক্ত কৰিলে তেখেতে চৰকাৰৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰিব লাগে । লগতে তেখেত মহাধিবক্তা হিচাপে অসম বিধানসভাৰো অংশ ৷ তেওঁ ভোট দিব নোৱাৰে, বিধানসভাই তেওঁৰ মতামত ল'ব পাৰে ৷ বাৰ কাউন্সিলৰ উকীলৰো কিছুমান নীতি-নিয়ম আছে ৷ উকীলসকলেও আন কেতবোৰ কামত জড়িত হ'লে সদস্যতা পদ খাৰিজ হ'ব পাৰে ।"