তেজপুৰ, ১৫ জুলাই:বিমান যাত্ৰীৰ বাবে এটা বেয়া খবৰ । তেওঁলোকে এতিয়াৰ পৰা ঘৰৰ কাষতে থকা বিমান সেৱা লাভ কৰিব নোৱাৰিব । অৱশ্যে এই শুনি ভাল নলগা খবৰটো কেৱল শোণিতপুৰ জিলাৰ লগতে জিলাখনৰ দাতিকাষৰীয়া যাত্ৰীসকলৰ বাবেহে । এতিয়া মাত্ৰ দুমাহৰ বাবেহে তেওঁলোকে সুবিধা ল’ব পাৰিব বিমান সেৱাৰ ।
অহা ১ অক্টোবৰৰ পৰা তেজপুৰ বিমানবন্দৰৰ পৰা নিয়মীয়াকৈ আৰু তিনিদিনীয়াকৈ চলাচল কৰা বিমানসেৱা বন্ধ হৈ পৰিব । এই কথা সদৰী কৰিছে তেজপুৰ বিমানবন্দৰৰ প্ৰাধিকাৰী জি শিৱ কুমাৰে । ই টিভি ভাৰতৰ লগত হোৱা এক বিশেষ সাক্ষাৎকাৰত তেওঁ জনাই যে তেজপুৰ বিমানবন্দৰ পৰা যাত্ৰীবাহী বিমানৰ চলাচল অহা ১ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩১ মাৰ্চলৈ বন্ধ হৈ থাকিব ।
ইয়াৰ কাৰণ হৈছে তেজপুৰ বিমানবন্দৰৰ যি ৰাণৱে সেয়া ভাৰতীয় বায়ুসেনাৰ তেজপুৰ ঘাটিৰ লগত সংলগ্ন হৈ থকা হেতুকে ৰাণৱেটোৰ উন্নীতকৰণ প্ৰকল্পৰ কাম আৰম্ভ হ’ব । তেজপুৰ বায়ুসেনাৰ তৰফৰ পৰা তেজপুৰ শালনিবাৰী যাত্ৰীবাহী বিমানবন্দৰ প্ৰাধিকাৰীক এক পত্ৰৰ জৰিয়তে অৱগত কৰে এই বিষয়ে । শালনিবাৰী যাত্ৰীবাহী বিমানবন্দৰ ১ বছৰ ৬ মাহ পৰ্যন্ত বন্ধ হৈ থাকিব ৷ ফলস্বৰূপে ঘৰুৱা যাত্ৰীৰ লগতে বিমানবন্দৰ লগত জড়িত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে একপ্ৰকাৰ ব্যাঘাত জন্মিব ।
লগতে পঢ়ক:কম খৰচত-কম সময়ত বিমানেৰে যাত্ৰা কৰক ভিন্ন স্থানলৈ ! - Travel by Flight at lower price
বিমান বন্দৰটো থকাৰ বাবেই থলুৱা নিবনুৱা লোকে বিভিন্ন ধৰণৰ যাত্ৰীবাহী গাড়ীৰ সেৱা আগবঢ়াই উপাৰ্জনমুখী হৈছিল ৷ কিন্তু এই সেৱা অনাগত ডেৰ বছৰৰ বাবে আৰু সম্ভৱ হৈ নুঠে ।
তেজপুৰ বিমানবন্দৰ স্থাপন: ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা ১২ কিলোমিটাৰ নিলগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৫০০ মিটাৰ দূৰত্বত অৱস্থিত তেজপুৰ বিমানবন্দৰ । ১৯৪২ চনত ব্ৰিটিছ শাসনৰ সময়ত শালনিবাৰীত স্থাপন কৰা হৈছিল এই বিমানবন্দৰটো ৷
তেজপুৰ-কলকাতা সংযোগী বিমান: তেজপুৰ বিমানবন্দৰত বিগত ২০২৩ চনৰ ২৫ জুনৰ পৰা সংযোগ হৈছিল তৃতীয়খন যাত্ৰীবাহী বিমান স্পাইছ জেট । প্ৰথম দিনাই মুঠ ৩০ গৰাকী যাত্ৰীৰে তেজপুৰৰ পৰা কলকাতালৈ পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছিল স্পাইছ জেটে ৷ ইয়াৰ উপৰিও দুখন এলায়েন্স এয়াৰৰ বিমান গুৱাহাটী, পাছিঘাট, তেজপুৰ হৈ কলকাতালৈ দৈনিক চলাচল কৰি আছে । পূৰ্বতে সপ্তাহত তিনিদিন কলকাতা সংযোগী বিমান চলাচল কৰিছিল যদিও সেয়া বিমান কৰ্তৃপক্ষই নিজৰ খেয়াল-খুচি মতে যাত্ৰীৰ বাবে সেৱা আগবঢ়াইছিল ।