বৰমা পেট্ৰ'ল পাম্প (ETV BHARAT ASSAM) বাক্সা, ৩ মে’: গ্ৰাহকক জোখতকৈ কম পৰিমাণে ডিজেল দিয়াক কেন্দ্ৰ কৰি শুকুৰবাৰে বৰমা পেট্ৰ'ল পাম্পত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ পাম্পটোত দীৰ্ঘদিন ধৰি গ্ৰাহকক নিৰ্দিষ্ট পৰিমাণতকৈ কমকৈ ইন্ধন দিয়াৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছিল অভিযোগ । আজিও গ্ৰাহকক কম পৰিমাণে ডিজেল দিয়াৰ পিছতেই এই পৰিস্থিতি সৃষ্টি হয় ।
অভিযোগ অনুসৰি, বাক্সাত জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণত ব্যৱহৃত এখন ট্ৰেক্টৰে ১২০ লিটাৰ ডিজেল লোৱাৰ পিছত ইন্ধনৰ পৰিমাণ কম হোৱাৰ সন্দেহ কৰি পুনৰ তেলখিনি পৰীক্ষা কৰাত ৭ লিটাৰ তেল কমকৈ ওলায় ৷ যাৰ ফলত পেট্ৰ'ল পাম্পটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ।
ঘটনা সন্দৰ্ভত বৰমা আৰক্ষীৰ লগতে আছু আৰু এবছুৰ কৰ্মকৰ্তাসকল উপস্থিত হৈ তেল ডিপ’টোৰ ঘটনাৱলী পৰ্যবেক্ষণ কৰে ।
উল্লেখ্য যে, এই পেট্ৰ'ল পাম্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া । বহুসময়ত গ্ৰাহকক তেল কমকৈ দিয়াৰ বিপৰীতে তেলৰ লগত কেৰাচিন মিহলোৱাৰো অভিযোগ উত্থাপিত হৈ আহিছে পেট্ৰ’ল পাম্পটোৰ বিৰুদ্ধে ।
শুকুৰবাৰে ঘটনাস্থলীত বৰমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ তেলৰ জোখ-মাখৰ পুনৰীক্ষণ কৰে । লগতে তেল পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে । বৰমা আঞ্চলিক আছু আৰু বৰমা আঞ্চলিক এবছুৱে পাম্পটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, এই পাম্পটোৱে বিগত সময়ত এনেদৰে গ্ৰাহকক ঠগি আহিছে ।
আনহাতে, পেট্ৰ'ল পাম্পটোত উপস্থিত হৈ বৰমা আঞ্চলিক আছু আৰু এবছুৰ সদস্যসকলে পাম্পটোৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে । পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনে বন্ধ কৰি দিয়ে বৰমা পেট্ৰ'ল পাম্পটো ।
লগতে পঢ়ক:খানাপাৰাত পুনৰ STF ৰ ড্ৰাগছ বিৰোধী অভিযান, মহিলাসহ এজনক গ্ৰেপ্তাৰ - Anti Drugs Operation